অৰ্থনীতিৰ ভাষাত জনমূৰি জিডিপি (জিডিপি পাৰ কেপিটা)আৰু জিডিপিৰ মাজত ডাঙৰ পাৰ্থক্য আছে। কাৰণ, জিডিপি হৈছে এখন দেশৰ গড় ৰাষ্ট্ৰীয় উৎপাদন। আৰু জনমূৰি জিডিপি মানে ইয়াৰ জনমূৰি হিচাপ। অৰ্থাৎ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত প্ৰতিজন নাগৰিকৰ ভূমিকা আৰু সাফল্য। যদিও জিডিপিৰ ক্ষেত্ৰত ভাৰত চতুৰ্থ স্থানত আছে, জনমূৰি জিডিপিৰ ক্ষেত্ৰত কিন্তু ভাৰত ১৪০ নম্বৰত আছে।
সহজ ভাষাত ক’বলৈ গ’লে অৱশেষত সাধাৰণ মানুহৰ প্ৰাপ্তিৰ ওপৰত এলানি প্ৰশ্ন উত্থাপন হয়। আৰু সেই প্ৰশ্নটো এইবাৰ মুকলিকৈ ওলাই আহিছে বিশ্ব বেংকৰ দাবীত। তেওঁলোকে কয় যে ২০২৫ চনতো ভাৰতৰ প্ৰতি চাৰিজন নাগৰিকৰ ভিতৰত এজন দৰিদ্ৰ। এতিয়াও ৩৫ কোটিতকৈ অধিক লোকে পুষ্টিকৰ খাদ্য, বস্ত্ৰ আৰু বাসস্থানৰ বাবে অহৰহ যুঁজ দিবলগীয়া হৈছে।
অৰ্থাৎ ভাৰতীয়ৰ এক চতুৰ্থাংশই খাদ্য, বস্ত্ৰ আৰু বাসস্থানৰ মৌলিক অধিকাৰৰ পৰা বঞ্চিত। কেৱল সেয়াই নহয়, আনকি স্বাস্থ্য বা শিক্ষাৰ অধিকাৰো তেওঁলোকৰ বাবে এক দূৰৈৰ সপোন। ভাৰতৰ ৭ কোটি লোক চৰম দৰিদ্ৰতাৰ বলি হৈছে।
শেহতীয়াকৈ এন ডি এ চৰকাৰৰ ১১ বছৰীয়া জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দাবী কৰিছিল যে চৰকাৰৰ লক্ষ্য হৈছে সাধাৰণভাৱে দৰিদ্ৰ লোকৰ জীৱন উন্নত কৰা। দৰিদ্ৰ লোকৰ কল্যাণৰ বাবে কেন্দ্ৰই বিভিন্ন প্ৰকল্প হাতত লৈছে। কিন্তু বিশ্ব বেংকৰ প্রতিবেদনৰ পাছত সেই প্রকল্পসমূহ কিমানখিনি ৰূপায়ণ হৈছে সেই সন্দর্ভতো প্রশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰিছে৷ সেই প্ৰকল্পবোৰৰ পৰা সচাকৈয়ে সাধাৰণ ৰাইজ উপকৃত হৈছেনে? নে এই সকলোবোৰ কেৱল প্ৰচাৰৰ ঢাক-ঢোল?
এই প্রশ্নৰ কাৰণ হ’ল ভাৰতত দৰিদ্ৰ সীমাৰ মাপকাঠী নির্ধাৰণৰ কাম ২০১১ চনৰ পৰা আৰু হোৱা নাই৷ আন্তঃৰাষ্ট্ৰীয় মানদণ্ড অনুসৰি যদি কোনো ব্যক্তিয়ে দৈনিক ৩ ডলাৰ বা ২৫০ টকাৰ পৰা ৪.২০ ডলাৰ (প্ৰায় ৩৬০ টকা) ভিতৰত উপাৰ্জন কৰে তেওঁক দৰিদ্ৰ বুলি গণ্য কৰা হয়। যদি তেওঁৰ দৈনিক আয় ৩৬০ টকাতকৈ অধিক হয় তেওঁক নিম্ন মধ্যবিত্ত বুলি গণ্য কৰা হয়। কিন্তু বিশ্ব বেংকে কয় যে ভাৰতৰ বৰ্তমানৰ উন্নয়নৰ স্তৰত জনসাধাৰণৰ ক্ৰয় ক্ষমতাক আৰু দৈনিক ৩ ডলাৰ বুলি গণ্য কৰা উচিত নহয়। বৰঞ্চ প্ৰতিদিনে ৪.২০ ডলাৰ উপাৰ্জনেই হৈছে নতুন দৰিদ্ৰ সীমাৰেখা।
শ্ৰীলংকা, নেপাল আৰু বাংলাদেশৰ দৰে চুবুৰীয়া দেশতো ৪.২০ ডলাৰকে মানদণ্ড হিচাপে গণ্য কৰা হয়। কিন্তু সেই সূত্ৰ কাৰ্যকৰী কৰিবলৈ ভাৰত অনিচ্ছুক! ইয়াৰ পিছতো ৩৫ কোটিতকৈ অধিক লোক নূন্যতম সামাজিক প্ৰয়োজনীয়তাৰ পৰা বঞ্চিত হৈছে। দৈনিক ২৫০ টকা উপাৰ্জনতে তেওঁলোক ক্ষান্ত থাকিবলগীয়া হয়। যদি দৈনিক ৩৬০ টকা মানদণ্ড হিচাপে ধৰি লোৱা হয়, তেতিয়া দৰিদ্ৰ লোকৰ সংখ্যা ৩৫ কোটিৰ বহু ওপৰলৈ যাব।
চহৰ-গাঁৱৰ দৰিদ্ৰতাৰ ছবিখন কি? সেই কথাও প্ৰতিবেদনত ওলাইছে। দেখা যায় যে চহৰবোৰত অধিক ঘৰ ভাড়া আৰু চাকৰিৰ অনিশ্চয়তাৰ বাবে বহু লোক দৰিদ্ৰ সীমাৰেখাৰ একেবাৰে কাষত বহি আছে। ভাৰতৰ গ্ৰাম্য অঞ্চলতো ছবিখন বেলেগ নহয়। তাত পৰিয়ালবোৰ সৰু হোৱাৰ লগে লগে মানুহৰ মাটিও কমি গৈছে। কেৱল কৃষিৰ ওপৰত নিৰ্ভৰ কৰাৰ বাবে গাঁৱৰ আয়ো নিম্নগামী। ফলত অসুস্থতা বা চাকৰি হেৰুৱাৰ দৰে ঘটনা সংঘটিত হ’লে সংকট বাঢ়ি যায়। বিশ্ব বেংকৰ মতে যাতে মানুহে দিনটোত কমেও ৩৬০ টকা উপাৰ্জন কৰিব পাৰে তাৰ বাবে চৰকাৰে বহু কাম কৰিব লাগিব।
দৰিদ্ৰতাৰ এই ছবিখন যাতে পোহৰলৈ নাহে তাৰ বাবে চৰকাৰে চেষ্টা চলাইছে বুলি বিৰোধীয়ে অভিযোগ উত্থাপন কৰিছে। ইয়াৰ বাবে তেওঁলোকে বহুমাত্ৰিক দৰিদ্ৰতা সূচকাংক (এমপিআই)ৰ দৰে মাপকাঠীৰ ওপৰত ভৰসা কৰিছে। এনে সূচকাংকত খুঁটি-নাটি তথ্য ধৰা নহয়। তেওঁলোকে মূলতঃ শিক্ষা, অনাময়, বিদ্যুৎ বা গৃহ নিৰ্মাণৰ দৰে বিষয়বোৰ চায়।
এমপিআইৰ তথ্য অনুসৰি ২০১৩ চনত ভাৰতত য’ত ২৯ শতাংশ দৰিদ্ৰতা আছিল, ২০২২ চনত সেয়া ১১.৩ শতাংশলৈ হ্ৰাস পাইছে। কিন্তু এই সকলো চৰকাৰী হিচাপ-নিকাচৰ পিছতো দেশত ধনী আৰু দৰিদ্ৰৰ মাজৰ ব্যৱধান কমাব পৰা নাই। বৰ্তমান ভাৰতৰ মুঠ সম্পদৰ ৪০ শতাংশ এতিয়া ১ শতাংশ লোকৰ হাতত আৰু ৫০ শতাংশ লোকৰ হাতত মাত্ৰ ৬.৪ শতাংশ সম্পদ। এই প্ৰতিবেদন পোহৰলৈ অহাৰ লগে লগে কংগ্ৰেছ সৰৱ হৈ পৰিছে। তেওঁলোকৰ দাবী, মোডী চৰকাৰে মানুহক দুৰ্দশাৰ মাজলৈ ঠেলি দিছে। যি সময়ত মানুহে খাদ্য-বস্ত্ৰ লাভৰ বাবে সংগ্ৰাম কৰি আছে, সেই সময়ত প্ৰধানমন্ত্ৰী তেওঁৰ ধনী বন্ধু-বান্ধৱীৰ সৈতে দামী মাশ্বৰুম খোৱাত ব্যস্ত।