• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 7, 2025 9:23 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰ্থনীতিৰ ভাষাত জনমূৰি জিডিপি (জিডিপি পাৰ কেপিটা)আৰু জিডিপিৰ মাজত ডাঙৰ পাৰ্থক্য আছে। কাৰণ, জিডিপি হৈছে এখন দেশৰ গড় ৰাষ্ট্ৰীয় উৎপাদন। আৰু জনমূৰি জিডিপি মানে ইয়াৰ জনমূৰি হিচাপ। অৰ্থাৎ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত প্ৰতিজন নাগৰিকৰ ভূমিকা আৰু সাফল্য। যদিও জিডিপিৰ ক্ষেত্ৰত ভাৰত চতুৰ্থ স্থানত আছে, জনমূৰি জিডিপিৰ ক্ষেত্ৰত কিন্তু ভাৰত ১৪০ নম্বৰত আছে।

সহজ ভাষাত ক’বলৈ গ’লে অৱশেষত সাধাৰণ মানুহৰ প্ৰাপ্তিৰ ওপৰত এলানি প্ৰশ্ন উত্থাপন হয়। আৰু সেই প্ৰশ্নটো এইবাৰ মুকলিকৈ ওলাই আহিছে বিশ্ব বেংকৰ দাবীত। তেওঁলোকে কয় যে ২০২৫ চনতো ভাৰতৰ প্ৰতি চাৰিজন নাগৰিকৰ ভিতৰত এজন দৰিদ্ৰ। এতিয়াও ৩৫ কোটিতকৈ অধিক লোকে পুষ্টিকৰ খাদ্য, বস্ত্ৰ আৰু বাসস্থানৰ বাবে অহৰহ যুঁজ দিবলগীয়া হৈছে।

Apply Now

অৰ্থাৎ ভাৰতীয়ৰ এক চতুৰ্থাংশই খাদ্য, বস্ত্ৰ আৰু বাসস্থানৰ মৌলিক অধিকাৰৰ পৰা বঞ্চিত। কেৱল সেয়াই নহয়, আনকি স্বাস্থ্য বা শিক্ষাৰ অধিকাৰো তেওঁলোকৰ বাবে এক দূৰৈৰ সপোন। ভাৰতৰ ৭ কোটি লোক চৰম দৰিদ্ৰতাৰ বলি হৈছে।

শেহতীয়াকৈ এন ডি এ চৰকাৰৰ ১১ বছৰীয়া জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দাবী কৰিছিল যে চৰকাৰৰ লক্ষ্য হৈছে সাধাৰণভাৱে দৰিদ্ৰ লোকৰ জীৱন উন্নত কৰা। দৰিদ্ৰ লোকৰ কল্যাণৰ বাবে কেন্দ্ৰই বিভিন্ন প্ৰকল্প হাতত লৈছে। কিন্তু বিশ্ব বেংকৰ প্রতিবেদনৰ পাছত সেই প্রকল্পসমূহ কিমানখিনি ৰূপায়ণ হৈছে সেই সন্দর্ভতো প্রশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰিছে৷ সেই প্ৰকল্পবোৰৰ পৰা সচাকৈয়ে সাধাৰণ ৰাইজ উপকৃত হৈছেনে? নে এই সকলোবোৰ কেৱল প্ৰচাৰৰ ঢাক-ঢোল?

এই প্রশ্নৰ কাৰণ হ’ল ভাৰতত দৰিদ্ৰ সীমাৰ মাপকাঠী নির্ধাৰণৰ কাম ২০১১ চনৰ পৰা আৰু হোৱা নাই৷ আন্তঃৰাষ্ট্ৰীয় মানদণ্ড অনুসৰি যদি কোনো ব্যক্তিয়ে দৈনিক ৩ ডলাৰ বা ২৫০ টকাৰ পৰা ৪.২০ ডলাৰ (প্ৰায় ৩৬০ টকা) ভিতৰত উপাৰ্জন কৰে  তেওঁক দৰিদ্ৰ বুলি গণ্য কৰা হয়। যদি তেওঁৰ দৈনিক আয় ৩৬০ টকাতকৈ অধিক হয় তেওঁক নিম্ন মধ্যবিত্ত বুলি গণ্য কৰা হয়। কিন্তু বিশ্ব বেংকে কয় যে ভাৰতৰ বৰ্তমানৰ উন্নয়নৰ স্তৰত জনসাধাৰণৰ ক্ৰয় ক্ষমতাক আৰু দৈনিক ৩ ডলাৰ বুলি গণ্য কৰা উচিত নহয়। বৰঞ্চ প্ৰতিদিনে ৪.২০ ডলাৰ উপাৰ্জনেই হৈছে নতুন দৰিদ্ৰ সীমাৰেখা।

শ্ৰীলংকা, নেপাল আৰু বাংলাদেশৰ দৰে চুবুৰীয়া দেশতো ৪.২০ ডলাৰকে মানদণ্ড হিচাপে গণ্য কৰা হয়। কিন্তু সেই সূত্ৰ কাৰ্যকৰী কৰিবলৈ ভাৰত অনিচ্ছুক! ইয়াৰ পিছতো ৩৫ কোটিতকৈ অধিক লোক নূন্যতম সামাজিক প্ৰয়োজনীয়তাৰ পৰা বঞ্চিত হৈছে। দৈনিক ২৫০ টকা উপাৰ্জনতে তেওঁলোক ক্ষান্ত থাকিবলগীয়া হয়। যদি দৈনিক ৩৬০ টকা মানদণ্ড হিচাপে ধৰি লোৱা হয়, তেতিয়া দৰিদ্ৰ লোকৰ সংখ্যা ৩৫ কোটিৰ বহু ওপৰলৈ যাব।

চহৰ-গাঁৱৰ দৰিদ্ৰতাৰ ছবিখন কি? সেই কথাও প্ৰতিবেদনত ওলাইছে। দেখা যায় যে চহৰবোৰত অধিক ঘৰ ভাড়া আৰু চাকৰিৰ অনিশ্চয়তাৰ বাবে বহু লোক দৰিদ্ৰ সীমাৰেখাৰ একেবাৰে কাষত বহি আছে। ভাৰতৰ গ্ৰাম্য অঞ্চলতো ছবিখন বেলেগ নহয়। তাত পৰিয়ালবোৰ সৰু হোৱাৰ লগে লগে মানুহৰ মাটিও কমি গৈছে। কেৱল কৃষিৰ ওপৰত নিৰ্ভৰ কৰাৰ বাবে গাঁৱৰ আয়ো নিম্নগামী। ফলত অসুস্থতা বা চাকৰি হেৰুৱাৰ দৰে ঘটনা সংঘটিত হ’লে সংকট বাঢ়ি যায়। বিশ্ব বেংকৰ মতে যাতে মানুহে দিনটোত কমেও ৩৬০ টকা উপাৰ্জন কৰিব পাৰে তাৰ বাবে চৰকাৰে বহু কাম কৰিব লাগিব।

দৰিদ্ৰতাৰ এই ছবিখন যাতে পোহৰলৈ নাহে তাৰ বাবে চৰকাৰে চেষ্টা চলাইছে বুলি বিৰোধীয়ে অভিযোগ উত্থাপন কৰিছে। ইয়াৰ বাবে তেওঁলোকে বহুমাত্ৰিক দৰিদ্ৰতা সূচকাংক (এমপিআই)ৰ দৰে মাপকাঠীৰ ওপৰত ভৰসা কৰিছে। এনে সূচকাংকত খুঁটি-নাটি তথ্য ধৰা নহয়। তেওঁলোকে মূলতঃ শিক্ষা, অনাময়, বিদ্যুৎ বা গৃহ নিৰ্মাণৰ দৰে বিষয়বোৰ চায়।

এমপিআইৰ তথ্য অনুসৰি ২০১৩ চনত ভাৰতত য’ত ২৯ শতাংশ দৰিদ্ৰতা আছিল, ২০২২ চনত সেয়া ১১.৩ শতাংশলৈ হ্ৰাস পাইছে। কিন্তু এই সকলো চৰকাৰী হিচাপ-নিকাচৰ পিছতো দেশত ধনী আৰু দৰিদ্ৰৰ মাজৰ ব্যৱধান কমাব পৰা নাই। বৰ্তমান ভাৰতৰ মুঠ সম্পদৰ ৪০ শতাংশ এতিয়া ১ শতাংশ লোকৰ হাতত আৰু ৫০ শতাংশ লোকৰ হাতত মাত্ৰ ৬.৪ শতাংশ সম্পদ। এই প্ৰতিবেদন পোহৰলৈ অহাৰ লগে লগে কংগ্ৰেছ সৰৱ হৈ পৰিছে। তেওঁলোকৰ দাবী, মোডী চৰকাৰে মানুহক দুৰ্দশাৰ মাজলৈ ঠেলি দিছে। যি সময়ত মানুহে খাদ্য-বস্ত্ৰ লাভৰ বাবে সংগ্ৰাম কৰি আছে, সেই সময়ত প্ৰধানমন্ত্ৰী তেওঁৰ ধনী বন্ধু-বান্ধৱীৰ সৈতে দামী মাশ্বৰুম খোৱাত ব্যস্ত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জাৰ্মানীত চৰম সোঁপন্থীৰ ঐতিহাসিক উত্থান: ইউৰোপৰ গণতন্ত্ৰৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান

জাৰ্মানীত চৰম সোঁপন্থীৰ ঐতিহাসিক উত্থান: ইউৰোপৰ গণতন্ত্ৰৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান

September 10, 2026 11:47 am
বিতৰ্কৰ অৱসান: জাপানত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছত নীলা জাৰ্ছী পিন্ধি খেলপথাৰত নামিব ভাৰতীয় হকী দল

বিতৰ্কৰ অৱসান: জাপানত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছত নীলা জাৰ্ছী পিন্ধি খেলপথাৰত নামিব ভাৰতীয় হকী দল

September 10, 2026 10:18 am
কৰ্ণাটকৰ ভোটাৰ তালিকাত বৃহৎ বিসংগতি: ক্ৰুটিপূৰ্ণ তালিকাত ‘আধাৰ’ৰ ৰূপকাৰ নন্দন নিলেকানিৰ পৰা চি এন আৰ ৰাওলৈকে বহু গণ্যমান্য ব্যক্তিৰ নাম

কৰ্ণাটকৰ ভোটাৰ তালিকাত বৃহৎ বিসংগতি: ক্ৰুটিপূৰ্ণ তালিকাত ‘আধাৰ’ৰ ৰূপকাৰ নন্দন নিলেকানিৰ পৰা চি এন আৰ ৰাওলৈকে বহু গণ্যমান্য ব্যক্তিৰ নাম

September 10, 2026 8:47 am
গৱেষণাগাৰত বিজ্ঞানীয়ে সৃষ্টি কৰিলে কৃত্ৰিম মগজু: জীৱিত থাকিল সুদীৰ্ঘ ৭ বছৰ

গৱেষণাগাৰত বিজ্ঞানীয়ে সৃষ্টি কৰিলে কৃত্ৰিম মগজু: জীৱিত থাকিল সুদীৰ্ঘ ৭ বছৰ

September 10, 2026 7:44 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাৰ্মানীত চৰম সোঁপন্থীৰ ঐতিহাসিক উত্থান: ইউৰোপৰ গণতন্ত্ৰৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান

জাৰ্মানীত চৰম সোঁপন্থীৰ ঐতিহাসিক উত্থান: ইউৰোপৰ গণতন্ত্ৰৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান

September 10, 2026 11:47 am
বিতৰ্কৰ অৱসান: জাপানত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছত নীলা জাৰ্ছী পিন্ধি খেলপথাৰত নামিব ভাৰতীয় হকী দল

বিতৰ্কৰ অৱসান: জাপানত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছত নীলা জাৰ্ছী পিন্ধি খেলপথাৰত নামিব ভাৰতীয় হকী দল

September 10, 2026 10:18 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd