বৰপেটা জিলাৰ সৰভোগসহ ৰাজ্যৰ খৰাং পীড়িত কৃষকৰ ভয়াবহ দুৰ্যোগৰ পৰা উদ্ধাৰৰ দাবী জনাই কৃষিমন্ত্ৰী অতুল বৰালৈ পত্ৰ প্ৰেৰণ কৰিলে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন চমুকৈ ডি ৱাই এফ আইৰ অসম ৰাজ্যিক কমিটিৰ সম্পাদক ৰিতু ৰঞ্জন দাসে।
যোৱা ৮ আৰু ৯ জুলাই তাৰিখে সৰভোগৰ কেইবাখনো গাঁৱৰ কৃষকৰ খবৰলৈ ৰাজ্যিক সম্পাদক ৰিতু ৰঞ্জন দাসে তেওঁলোকৰ ভয়াবহ বিপৰ্যয় দেখি স্তম্ভিত হয় আৰু কৃষিমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি প্ৰয়োজনীয় ব্যৱস্থস গ্ৰহণৰ দাবী জনায়।
এফালে খৰাঙে শালি খেতিৰ পথাৰ ধূলিময় কৰি তোলাৰ সময়তে পাচলি খেতিয়কৰ উৎপাদিত পাচলিৰ দাম নাপাই ভয়াবহ লোকচানৰ সন্মুখীন হৈছে। সৰভোগ আৰু ইয়াৰ কাষৰীয়া ঠাইসমূহত পানীৰ দামত পাচলি বিক্ৰী হৈছে।
সৰভোগ, পাতিলাদহা, পাণবাৰী আদি ঠাইত এক কিলো জিকা ৫ টকা, পটল এক কিলো ৬ টকা, ভাতকেৰেলা এক কিলোত ৮ ৰ পৰা ১২ টকা, তিতাকেৰেলা প্ৰতি কিলো ৫ টকা, ভেণ্ডি, ভোল আৰু বেঙেনা প্ৰতি কিলোত ১০ টকাকৈ বিক্ৰী হৈছে।
যিসময়ত গুৱাহাটীসহ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই পাচলিসমূহ প্ৰতি কিলোত ৬০ ৰ পৰা ৮০ টকা দামত বিক্ৰী হৈছে সেই সময়ত সৰভোগসহ ইয়াৰ কাষৰীয়া কৃষকে পানীৰ দামত মধ্যভোগীৰ হাতত তুলি দিবলগীয়া হৈছে।
আচৰিত কথা যে কৃষকসকলে ভয়াবহ বিপৰ্যয়ৰ সন্মুখীন হোৱাৰ সময়তে বিয়াগোম কৃষি বিভাগ আৰু অসম চৰকাৰে ব্যৱস্থা লোৱাত ব্যৰ্থ হৈছে। কৃষকৰ পথাৰত ভৰি থোৱাৰ সলনি কৃষি বিষয়াসকলে শীত-তাপ নিয়ন্ত্ৰিত কোঠাত বহিয়ে নিজৰ দায়িত্ব সামৰিছে।
এই প্ৰেক্ষাপটতে ডি ৱাই এফ আইৰ ৰাজ্যিক সম্পাদক ৰিতু ৰঞ্জন দাসে সৰভোগৰ লগতে সমগ্ৰ ৰাজ্যতে দেখা দিয়া খৰাং পৰিস্থিতি তথ্য তুলি ধৰি কৃষিমন্ত্ৰীলৈ মেইল যোগে পত্ৰ প্ৰেৰণ কৰে।
পত্ৰত কোৱা হৈছে, – যোৱা ৮ আৰু ৯ জুলাই ২০২৫ তাৰিখে বৰপেটা জিলাৰ অন্তৰ্গত সৰভোগৰ কেইবাখনো গাঁৱৰ কৃষকক লগ পাইছিলোঁ আৰু তেওঁলোকৰ খেতিৰ অৱস্থাৰ বিষয়ে জনাৰ চেষ্টা কৰিছিলোঁ। অঞ্চলটোৰ পথাৰসমূহো প্ৰত্যক্ষ কৰিছোঁ। বৰষুণৰ পৰিমাণ কমি যোৱাত আৰু গৰম বৃদ্ধি পোৱাত পথাৰসমূহ শুকাই গৈছে। আহাৰ মাহ শেষ হ’বৰ হ’ল। অইন বছৰত এইসময়ত শস্যপথাৰ সেউজীয়া হৈ পৰে। কিন্তু এইবাৰ ৯০ শতাংশতকৈও বেছি কৃষকে কঠিয়া ৰুব পৰা নাই। যিসকলে মেচিনেৰে অথবা চলাৰ পাম্পৰ সহায়ত পানী তুলি কঠিয়া ৰুইছে তেওঁলোকৰ কঠিয়া শুকাই যোৱাৰ উপক্ৰম হৈছে।
বহুতৰে কঠিয়াৰ বয়স বাঢ়ি গৈ ৰুৱাৰ উপযোগী হৈ থকা নাই। বাকীবোৰ কঠিয়াও এসপ্তাহ বৰষুণ নিদিলে ৰুৱাৰ সময় উকলি যাব। আচৰিত কথা যে কৃষকৰ এই দুৰ্গতি চলি থকাৰ সময়তো কোনো কৃষি বিষয়া বা চৰকাৰৰ প্ৰতিনিধি পথাৰলৈ গৈ খেতিয়কৰ খবৰ লোৱাৰ প্ৰয়োজনবোধ কৰা নাই। ৰাজ্যৰ বেছিভাগ জলসিঞ্চন আঁচনিয়ে বিকল। চলাৰ পাম্প যোগান ধৰিছিল যদিও সেইসমূহে বেছিসংখ্যকেই শাসক দলৰ নেতা-পালিনেতা আৰু দালালৰ হেঁচাত প্ৰয়োজনীয় স্থানত আৰু প্ৰকৃত কৃষকৰ মাটিত স্থাপন কৰা নাই।
ইয়াৰ ফলত কিছুসংখ্যক কৃষকে অত্যধিক দামত ডিজেল ক্ৰয় কৰি নিজাববীয়াকৈ পানী তোলাৰ ব্যৱস্থা কৰিছে। এটা কথা সত্য যে এয়া কেৱল সৰভোগৰ দৃশ্যই নহয়। আমি খবৰ লৈ জানিব পাৰিছোঁ যে কামৰূপ, নলবাৰী, বৰপেটা, বাক্সা, চিৰাং, বঙাইগাঁও, কোকৰাঝাৰসহ নামনি অসমকে ধৰি সমগ্ৰ ৰাজ্যখনৰেই একেই অৱস্থা। চৰকাৰ অথবা কৃষি বিভাগে ব্যৱস্থা গ্ৰহণ নকৰিলে ৰাজ্যবাসীয়ে ভয়াবহ সংকটৰ মুখামুখি হ’ব।
আন এক কৰুণ আৰু উদ্বেগজন দিশ হৈছে পাচলি খেতিয়কৰ দুৰৱস্থা। সৰভোগ, বৰপেটা ৰোড, পাতিলাদহা, পাণবাৰী আদি অঞ্চলত প্ৰচুৰ পাচলি উৎপাদন হৈছে যদিও কৃষকসকলে পানীৰ দামত মধ্যভোগী বেপাৰীৰ হাতত উৎপাদিত পাচিল তুলি দিবলগীয়া হৈছে। অঞ্চলটোৰ স্থানীয় বজাৰত এক কিলো পটলৰ দাম ৮ টকা, এক কিলো জিকাৰ দাম ৫ টকা, তিতা কেৰেলা প্ৰতি কেজিত ৫ টকা, লেচেৰা প্ৰতি কেজিত ৮ ৰ পৰা ১২ টকা, ভাত কেৰেলা ১০ টকাৰ পৰা ১৫ টকা।
অথচ গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই পাচলিসমূহ প্ৰতি কিলোত ৬০ টকাৰ পৰা ৮০ টকা দামত বিক্ৰী হৈ আছে। ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে কঠোৰ শ্ৰম কৰি উৎপাদন কৰা কৃষকসকলে কি পৰিস্থিতিৰ মাজত জীৱন পাৰ কৰিছে।
আমি অঞ্চলসমূহলৈ গৈ কৃষকসকলৰ পৰা লাভ কৰা প্ৰত্যক্ষ অভিজ্ঞতাৰ ভিত্তিত এই কথাসমূহ আপোনাৰ ওচৰত উত্থাপন কৰিলোঁ। আশা কৰিছোঁ আপোনাৰ অধীনৰ কৃষি বিভাগৰ বিষয়াই তৎকালে কৃষকৰ পথাৰলৈ গৈ খা-খবৰ কৰিব আৰু বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। পাচলি খেতিয়কক উৎপাদিত ফচলৰ উচিত লাভজনক মূল্য দি মধ্যভোগীৰ পৰা ৰক্ষা কৰিব।