লেখক: জয়দীপ শইকীয়া
অনুবাদ:পল্লব ভট্টাচাৰ্য্য
ভাৰতৰ পশ্চিম সীমাত যুদ্ধৰ ডাৱৰবোৰ নাইকিয়া হ’লেও চেপা উত্তেজনা ভিতৰি-ভিতৰি অনুভব কৰা হৈছিল; কিন্তু পূব প্ৰান্তত এখন কৌতূহল উদ্দীপক নাটকৰ সূচনা হৈছিল। এই আকৰ্ষণীয় পটপৰিবৰ্তনে যদিও ভাৰতৰ ওপৰত এতিয়ালৈকে কোনো তাৎক্ষণিক প্ৰভাৱ পেলোৱা নাই, ভূ-ৰাজনৈতিক পৰিস্থিতিত এই উচ্চ পৰ্যায়ৰ কৌশল প্ৰয়োগে দেশৰ ফালৰ পৰা সতৰ্কতাৰ প্ৰয়োজনীয়তা সময়ৰ আহ্বান হিচাবে পৰিলক্ষিত হৈছে। এই অস্বাভাৱিক পৰিঘটনা সমূহৰ ওপৰত দৃষ্টি ৰখাতো বিশেষকৈ বৰ্তমানৰ বাংলাদেশৰ উগ্ৰ ইছলামিক মৌলবাদ আৰু ভাৰত বিৰোধী ভাৱধাৰাৰ বাবে প্ৰয়োজন হৈ পৰিছে। প্ৰবন্ধটোৰ প্ৰস্তাৱনাত আমেৰিকাই কিদৰে বাংলাদেশৰ তদানিন্তন “শাসনব্যৱস্থা পৰিৱৰ্তন”ৰ মূলহোতা হিচাবে কাম কৰিছিল, ইয়াৰ এটি আভাষ দিবলৈ চেষ্টা কৰা হৈছে। আমেৰিকাৰ “হস্তক্ষেপ”ৰ মূলকাৰণ বুজাটো গুৰুত্বপূৰ্ণ।
আমেৰিকাৰ প্ৰতি শ্বেখহাছিনাৰ ক্ষোভ এনে এটা বিষয় যিটো সহজেই বোধগম্য আৰু তাৰ বাবে আন কোনো পৃথক আলোচনাৰ প্ৰয়োজন নাই। ১৯৭৫ চনৰ ১৫ আগষ্টত তেওঁৰ পিতৃ শ্বেখমুজিবুৰ ৰহমান আৰু দহবছৰীয়া ভাতৃ শ্বেখ ৰাছেলকেধৰি সমগ্ৰ পৰিয়ালটোক ষড়যন্ত্ৰকাৰীৰ দলে হত্যা কৰাৰ পিছৰে পৰা তেওঁৰ আমেৰিকা বিদ্বেষ স্পষ্ট হৈ পৰিছিল। বৰ্তমান ভাৰতত নিৰ্বাসিত বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ বাবে স্পষ্ট আছিল যে আমেৰিকাৰ ‘ডিপষ্টেটʼৰ এটা শক্তিশালী অংশই আগতীয়াকৈ হত্যাকাণ্ডৰ বিষয়ে সম্পূৰ্ণ জ্ঞাত আছিল। ফলস্বৰূপে তেওঁ তেতিয়াৰ পৰাই আমেৰিকাৰ প্ৰতি গভীৰ বিদ্বেষ সদায় মনত পুহি আহিছিল।
যিসকল লোকে বাংলাদেশৰ স্বাধীনতাৰ ৰক্তাত্ব ইতিহাস (“ৰক্তউত্তৰাধিকাৰ”)সম্পৰ্কে অৱগত তেওঁলোকৰ বাবে গেৰীজেবেছৰ “দ্য ব্লাড টেলিগ্ৰাম: ইণ্ডিয়া’ছ ছিক্ৰেট ৱাৰ ইন ইষ্ট পাকিস্তান” (ৰেণ্ডম হাউছ ইণ্ডিয়া, ২০১৩) কিতাপখন পুনৰ পঢ়াৰ প্ৰয়োজন নাই য’ত স্বাধীনতাৰ তেজধূসৰিত হৃদয়বিদাৰক ঘটনাৰাজিৰ বৰ্ণনা আছে। এই নৃশংস ঘটনাৰাজি ইমানেই জঘন্য আছিল যে আনকি বাংলাদেশত থকা তেতিয়াৰ আমেৰিকাৰ কনছুল জেনেৰেল আৰ্চাৰ ব্লাডেও ৱাশ্বিংটন ডিচিলৈদিয়া টেলিগ্ৰামত পাকিস্তানৰ “নিৰ্বাচিত গণহত্যা”ৰ বিষয়ে তেওঁৰ দেশৰ মৌনতা সম্পৰ্কে “তীব্ৰ বিৰোধিতা” প্ৰকাশ কৰিছিল। ব্লাডে সেই প্ৰসংগত তদানিন্তন ৰাষ্ট্ৰপতি নিক্সনক “নৈতিকভাবে দেউলীয়া” বুলি তীব্ৰক কৰ্থনা কৰিছিল।
ছিমʼৰ এম হাৰ্ছে “দ্য প্ৰাইচ অৱ পাৱাৰ: কিচিঞ্জাৰ ইন দ্য নিক্সন হোৱাইট হাউছ” (ছামিট বুকছ, ১৯৮৩)ত এইদৰে লিখিছে “কোনো পৰিমাণৰ ৰাষ্ট্ৰপতিৰ ব্যক্তব্য বা ভংগীমাই সত্য লুকুৱাব নোৱাৰিলে: ৰিচাৰ্ড নিক্সন এই সত্যৰ সন্মুখীন হৈছিল, তেওঁ আশংকা কৰিছিল যে তেওঁৰ বাবে সেই সময়ৰ আগন্তুক নিৰ্বাচনী প্ৰচাৰ এক অতি কঠিন পৰিস্থিতি হ’ব কিয়নো ভাৰত-পাকিস্তান যুদ্ধত আমেৰিকাৰ ভূমিকাই তেওঁক কলুষিত কৰি তুলিছিল। য়াহয়া খানে কৰা লোমহৰ্ষক গণহত্যাৰ সময়ত আমেৰিকাই ঘটনাসমূহ অবজ্ঞা কৰি অন্য দিশত মনোনিবেস কৰিছিল আৰু তেনে অপকৰ্ম কৰি খান ধৰাও পৰিছিল। এই ভুলৰ মূল্যকো যে নিৰ্বাচনত দিব তাত কোনো সন্দেহৰ অৱকাশ নাছিল”।
কিন্তু কোনো ব্যৱস্থা নোলোৱাৰ বাবে এই ঐতিহাসিক ভুলবোৰ পাহৰি যোৱা যায় যদিও কালক্ৰমত আকৌ তাৰ লজ্জা জনক আচৰণৰ উন্মেষ ঘটে। হাৰ্মান হেছে লিখাৰ দৰে, “এইটো এটা পুৰণি ধাৰণা যে আমি এটা প্ৰস্তাৱ যিমানেই সূক্ষ্ম আৰু যুক্তিসংগত ভাৱে প্ৰণয়ন কৰো সিমানেই ই নিজৰ বিপৰীতমুখীতাৰ বাবে অপ্ৰতিৰোধ্য হৈ উঠে”।
বাংলাদেশ আৰু ম্যানমাৰৰ কাষৰীয়া ৰাখাইন প্ৰদেশৰ বিষয়ে তৰ্ক সাপেক্ষে ভাৰতৰ আটাইতকৈ ভালদৰে অৱগত পণ্ডিত-লেখক অধ্যাপক চন্দন নন্দীয়ে ২০২৫ চনৰ ৮ মে’ত নৰ্থইষ্ট নিউজত এইদৰে এটা প্ৰবন্ধত প্ৰকাশ কৰিছে -“গধুৰ সামগ্ৰী” অহাৰ পূৰ্বে চাৰি জনীয়া আমেৰিকান বায়ুসেনাৰ দলটোৱে ঢাকাত অৱতৰণ কৰিছে। টাৰালিন আলেকজেন্দ্ৰীয়া স্ত্ৰাইদাৰ নামৰএগৰাকী আমেৰিকাৰ বায়ুসেনাৰ নেতৃত্বত এটা“এডভান্স” দলে ঢাকাত অৱতৰণ কৰে। ৰিপ’ৰ্ট অনুসৰি তেওঁ লজিষ্টিক, চাপ্লাই চেইন আৰু পৰিকল্পনাৰ সঞ্চালক আৰু আমেৰিকাৰ সৰ্বোচ্চ নিৰাপত্তাৰ অনুমতি থকা বুলিকোৱা এজন ব্যক্তি। তেওঁ “টিএছ/এছচিআই”, বা টপ ছিক্ৰেট/চেন্সিটিভ কম্পাৰ্টমেণ্টেলাইজড ইনটেলিজেন্সৰ হৈ ২০২৫ চনৰ ৮ মে’ত ঢাকাত উপস্থিত হয়। টাটমাডাউৰ (ম্যানমাৰৰ সামৰিক বাহিনী) বিৰুদ্ধে যুদ্ধত অবতীৰ্ণহ’বলৈ আৰাকান সেনাক গোপনে নিয়োগ কৰিবলৈ আমেৰিকাই পৰিকল্পনা কৰিছে আৰু তেওঁ লোকক সহায় আগবঢ়াবলৈ আমেৰিকাৰ হ’বলগীয়া দলটোৰ “কম্বেট মিছন চাপৰ্ট কমাণ্ডাৰ” হৈছে ষ্ট্ৰাইডাৰ। এতিয়া পোহৰলৈ অহামতে এই অভিযানলৈ অবৈধ (অনিৰ্বাচিত)মহম্মদ ইউনুছ শাসনৰ সম্পূৰ্ণ সমৰ্থন আছে। আচলতে এতিয়া বহু সুৰক্ষা বিশেষজ্ঞৰ মতে এয়া প্ৰায় সাধাৰণ কথা যে বাংলাদেশত “শাসনব্যৱস্থা পৰিৱৰ্তন”ৰ অন্তৰালত আমেৰিকাক সদায় প্ৰেৰিত কৰাটোৱেই আছিল ম্যানমাৰৰ। শ্বেখ হাছিনাই ঢাকাৰ পৰা পলায়নৰ পিছৰে পৰা বাংলাদেশত “শাসনব্যৱস্থা পৰিৱৰ্তন”ৰ কাৰণ সন্দৰ্ভত ষড়যন্ত্ৰত ত্ত্ববিদসকলে জল্পনা-কল্পনা কৰি আহিছে। উল্লেখযোগ্য যে শ্বেখ হাছিনাই আদেশ অমান্য কৰি ছেইণ্ট মাৰ্টিন দ্বীপত আমেৰিকাৰ সামৰিক ঘাটি স্থাপন কৰাৰ প্ৰস্তাব নাকচ কৰিছিল। চীনৰ দক্ষিন এছিয়াত ক্ৰম বৰ্ধমান প্ৰভাৱ ৰোধ কৰিবলৈ আৰু “এক্ট ইষ্ট“ পলিচীৰ জৰীয়তে বংগোপ সাগৰত ভাৰতৰ ক্ৰমবৰ্ধমান সামুদ্ৰিক প্ৰভাৱক ৰোধ কৰিবলৈ আমেৰিকাই এই প্ৰচেষ্টা লৈছিল আৰু শ্বেখ হাছিনাই তাক প্ৰত্যাখ্যান কৰিছিল। মহম্মদ য়ুনুছে এই প্ৰস্তাব সমূহ সমৰ্থনকৰিছে আৰু আমেৰিকায়ো বাংলাদেশৰ সাগৰৰ মাজেৰে চট্টগ্ৰাম আৰু মংলাৰ বন্দৰৰ জৰীয়তে নৌসেনা মুকলি কৰাৰ কথা সক্ৰিয় ভাৱে বিবেচনা কৰিছে। কিন্তু আমেৰিকাৰ “ডিপষ্টেট”ৰ ভূমিকাক কেইবাজনো “দেশপ্ৰেমী” ভাৰতীয়ই কটূসমালোচনা কৰিছিল, যিটো প্ৰসংশণীয়। অন্ততঃবাংলাদেশত হোৱা জঞ্জালৰ বাবে আমেৰিকাক লজ্জিত কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰা কাৰ্য্যক লেখকে অদ্ভুত বুলি বিবেচনা কৰিছে। ইয়াৰ কাৰণ আমেৰিকাৰ গৰিষ্ঠসংখ্যক মানুহৰ ওপৰত থকা এটা অদ্ভুত প্ৰভাৱ অনুভৱ কৰা হৈছে যে আমেৰিকাক সমালোচনা কৰিলে আমেৰিকাৰ পৰা পোৱা চৰকাৰী লাভৰ পৰা বঞ্চিত হ’ব পাৰে। লেখক জয়দীপ শইকীয়াই কেৱল আমেৰিকাত সু-সম্পাদিত ফেল’শ্বিপৰ ওপৰত উচ্চ গৱেষণা কৰাই নহয়, আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ বিশেষ আমন্ত্ৰণত আমেৰিকালৈ আন্তৰ্জাতিক দৰ্শনাৰ্থী হিচাবে যোৱাৰ অভিজ্ঞতাৰে সমৃদ্ধ আছিল। ইয়াৰ উপৰিও তেওঁ আমেৰিকাৰ ৱেষ্ট পইণ্টৰ “ইৰেগুলাৰ ৱাৰফেয়াৰ ইনিচিয়েটিভ”ৰ একমাত্ৰ এছিয়ান“ফেলো”হিচাপে নিৰ্বাচিত হৈছিল; তেওঁ আমেৰিকাৰ কেইবাটাও গুৰুত্বপূৰ্ণ ʼথিংকটেংকʼত বক্তৃতা প্ৰদান কৰিছে, বহু সেৱা আগবঢ়োৱা আমেৰিকান পেছাদাৰী আৰু শিক্ষাবিদৰ সৈতে প্ৰবন্ধ লিখিছে আৰু প্ৰকাশ কৰিছে, আৰু সেই দেশখনত তেওঁৰ কেইবাজনো বন্ধুও আছে। লেখকৰ এই সুযোগ আৰু প্ৰশংসাৰ বাবে চিৰ কৃতজ্ঞ। কিন্তু তেওঁৰ পবিত্ৰ কৰ্তব্য আৰু নিজৰ মাতৃভূমিৰ প্ৰতি দেশপ্ৰেমৰ ভাৱৰ ওপৰত হ’ব নোৱাৰে। বাস্তৱিকতে আনকি আমেৰিকাতো কিছু বিজ্ঞ নিৰপেক্ষ পণ্ডিত আছে, যিসকলেও আমেৰিকাৰ কূটিল আৰু পঙ্কিল “শাসনব্যৱস্থা পৰিৱৰ্তন”ৰ খেলৰ তথ্য আৰু এই কামত দীঘলীয়া দিনৰ পৰা সিদ্ধহস্ত আমেৰিকাৰ “ডিপষ্টেট” সহযোগিতাৰ বিষয়ে নথিভুক্ত কৰিছে। অধ্যাপক নন্দীয়ে এইক্ষেত্রত বষ্টন কলেজৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক লিওচে এ অ’ৰ’ৰ্কৰ কথা উল্লেখ কৰিছে। অ’ৰ’ৰ্কে “কভার্ট ৰেজিম চেঞ্জ: আমেৰিকা’ছ ছিক্রেট কল্ড ৱাৰ” (কর্নেল ইউনিভার্চিটি প্রেছ, ২০১৮) নামৰ এখন বিখ্যাত গ্রন্থ প্রকাশ কৰিছে।
লেখিকাগৰাকীয়ে যুক্তি দিছে যে “শাসন ব্যৱস্থা পৰিৱৰ্তনে নীতি নিৰ্ধাৰকসকলৰ বাবে এক অনন্য আবেদন ৰাখে।” অ’ৰ’কে কয় যে “শাসন ব্যৱস্থা পৰিৱৰ্তনে হস্তক্ষেপকাৰী ৰাষ্ট্ৰৰ পছন্দ আৰু স্বাৰ্থৰ অংশীদাৰ বিদেশী চৰকাৰ স্থাপন কৰিবলৈ সুযোগ দিয়ে। তত্ত্বগতভাৱে এনে পদক্ষেপ দুয়োপক্ষৰ বাবে পাৰস্পৰিকভাৱে লাভজনক আৰু ইয়াৰ দ্বাৰা দুয়োখন ৰাষ্ট্ৰৰ মাজৰ সম্পৰ্কক মৌলিকভাৱে ৰূপান্তৰিত কৰাৰ সম্ভাৱনা থাকে। যদি অভিযানটো সফল হয়, তেন্তে নতুন চৰকাৰে হস্তক্ষেপকাৰীৰ সৈতে পাৰস্পৰিক স্বাৰ্থৰ অংশীদাৰ হ’ব, অর্থাৎ তেতিয়া ই হস্তক্ষেপকাৰী ৰাষ্ট্ৰখনৰ স্বাৰ্থত কাম কৰিব”।
অধ্যাপক নন্দীয়ে নর্থইষ্ট নিউজৰ, ৪ মে’ ২০২৫ত প্রকাশিত আন এক আকর্ষণীয় প্রবন্ধত এইদৰে শিৰোনাম দিছে “২০১৮ চনত প্রকাশিত এখন কিতাপে আমেৰিকাৰ গোপন শাসন ব্যৱস্থা পৰিৱৰ্তন অভিযানৰ জৰিয়তে বাংলাদেশৰ প্ৰহেলিকাৰ ব্যাখ্যা কৰিছে”। ‘অপৰিপক্ক নাকচকাৰীসকলে হয়তো প্রতিদ্বন্দ্বিতা কৰিব যে আমেৰিকাৰ গভীৰ ৰাষ্ট্ৰৰ সৈতে ২০২৪ চনৰ আগষ্ট মাহত বাংলাদেশত শাসন ব্যৱস্থা সলনিৰ কোনো সম্পর্ক নাই। কিন্তু অ’ৰ’ৰ্কৰ তাত্ত্বিক কাঠামো বাংলাদেশৰ ক্ষেত্ৰত নিশ্চয় প্রযোজ্য হ’ব।” অধ্যাপক নন্দীয়ে অ’ৰ’ৰ্কৰ উদ্ধৃতি দি গভীৰভাৱে অধ্যয়ন কৰাৰ পিছত “তিনি মূল ধৰণৰ নিৰাপত্তা স্বাৰ্থৰ বাবে আমেৰিকাক বাংলাদেশত হস্তক্ষেপ কৰিবলৈ পৰিচালিত কৰা বুলি অনুভৱ কৰে। এই নিৰাপত্তা স্বাৰ্থৰ অন্যতম হ’ল “আধিপত্যবাদী অভিযানে লক্ষ্য কৰা ৰাষ্ট্ৰসমূহক ৰাজনৈতিকভাৱে নিজৰ (এইক্ষেত্ৰত আমেৰিকাৰ) অধীনস্থ কৰি ৰাখিব বিচাৰে আৰু ইয়াৰ ফলত হস্তক্ষেপকাৰীয়ে এটা নির্দিষ্ট ভৌগোলিক অঞ্চলৰ ওপৰত আধিপত্য অৰ্জন কৰিবলৈ সক্ষম হৈ অঞ্চলটোৰ লগত জড়িত সামৰিক, ৰাজনৈতিক আৰু অর্থনৈতিক সুবিধা লাভ কৰিবলৈ আধিপত্যবাদীয়ে (হেজেমন) কর্তৃত্ব লাভ কৰে।” আৰাকান সেনাবাহিনীক তাত্মাদাউৰ ওপৰত আক্ৰমন কৰিবলৈ যি সাহায্যৰ প্ৰয়োজন সেয়া এই আধিপত্যৰ দ্বাৰা সম্ভৱ। সেইটোৱেই বাংলাদেশত হস্তক্ষেপ কৰাৰ বাবে আছিল আমেৰিকাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰেৰণা। আচলতে তেওঁ এই হস্তক্ষেপক “পাৰস্পৰিকভাৱে দুয়োটা পক্ষলৈ উপকাৰী” বুলি অভিহিত কৰিছে। লেখকে অধ্যাপক নন্দীৰ সৈতে বিষয়টোৰ বিষয়ে কিছু বিশদভাৱে আলোচনা কৰি এই সিদ্ধান্তত উপনীত হৈছে যে, যিহেতু “আমেৰিকাৰ পথৰ মূল বাধা (শেখ হাছিনা) পৰাস্ত হৈছে”, আমেৰিকাৰ “গভীৰ ৰাষ্ট্র” এতিয়া শাসন ব্যৱস্থা পৰিৱৰ্তনৰ পিছৰ অভিযান আৰম্ভ কৰাৰ পথত আগবাঢ়িছে। পূর্বে কোৱাৰ দৰে মিছন হৈছে নেইপিড’ত সামৰিক শাসনক উফৰাই পেলোৱা। বাংলাদেশ সেনাৰ ৰামুস্থিত দশম পদাতিক বিভাগে আৰাকান সেনাক লজিষ্টিক আৰু যোগানৰ ব্যৱস্থা কৰিব বুলি জানিব পৰা গৈছে। এই অভিযানৰ প্ৰথম পৰ্যায়ত বৰ্তমান ম্যানমাৰ সেনাৰ হাতত থকা চিটৱে, কিয়াউকপিউ আৰু মানাউং নামৰ তিনিখন টাউনশ্বিপত সামৰিক আক্ৰমণ চলোৱা হ’ব।
এইখিনিতে উনুকিয়াব পাৰি যে সেনাবাহিনীৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ অংশ আছে, মূলতঃ জেনেৰেল ৱেকাৰ-উজ-জামান আৰু কেইজনমান জেনেৰেল অফিচাৰ কমাণ্ডিঙৰ নেতৃত্বত যিসকল মতামত হ’ল যে ম্যানমাৰ-বাংলাদেশৰ সীমান্তত প্ৰচলিত নিৰাপত্তা পৰিস্থিতি হৈছে “আমেৰিকাই আৰাকান সেনাবাহিনী গোপনে সমর্থন কৰি আৰু বাংলাদেশ সেনাক নিয়োগ কৰি ম্যানমাৰ “পিপলছ ডিফেন্স ফর্চ”ক গতিশীল কৰি এক ভূ-ৰাজনৈতিক আৰু ভূ-কৌশলগত ব্যৱস্থাৰ সুবিধা লাভ কৰা।” খবৰ আহিছে যে বাংলাদেশ সেনাৰ এই ব্যক্তিসকলে আমেৰিকাৰ এই পাশাখেলৰ অংশীদাৰ হোৱাৰ পৰিপন্থী। যদিও ইয়াক তথাকথিত “মানৱীয় কৰিডৰ” বুলি অভিহিত কৰা হৈছে আমেৰিকাৰ পুতলা ইউনুছৰ হাতত ই “ব্লাডি কৰিডৰ”লৈ ৰূপান্তৰিত হোৱতো ধূৰূপ। এনে “কৰিডৰ”ৰ বাংলাদেশ সেনাৰ বিৰোধিতা যথেষ্ট ৰাজহুৱাভাৱে প্ৰকাশ পাইছে। যি কি নহওক আমেৰিকাৰ এই “মিথ্যা-গোপন” পৰিকল্পনা আছিল প্রথমে শ্বেখ হাছিনাক আঁতৰাই পেলোৱা, তাৰ পিছত ১৯৭১ চনত গণতন্ত্ৰৰ সকলো অৱশিষ্ট আৰু পাকিস্তানৰ পৰা বাংলাদেশৰ মুক্তিৰ মনোভাৱ ধ্বংস কৰা লুণ্ঠনকাৰী “জুলাই যোদ্ধা”ক সহায় কৰিবলৈ পুঁজি আৰু সমৰ্থন কৰি কৌশলগতভাৱে প্ৰস্তুত কৰা। য়ুনুছ নেতৃত্বাধীন ‘অবৈধ’ চৰকাৰক প্ৰতিস্থা কৰা, গণতান্ত্রীক শেখ হাছীনাৰ ‘আৱামী লীগ’ৰ নিষিদ্ধকৰণ আৰু সমান্তৰালভাবে মৌলবাদী ‘জামাত-ই-ইছলামী’ৰ সবলীকৰণ এক ন্যস্তস্বার্থ পৰিকল্পনাৰ বাদে আন একো নহয়। অৱশ্যে এই অভিজানৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উদ্দেশ্য হৈছে আৰাকান সেনাবাহিনীক সামৰিক সহায় কৰা। চৰকাৰ পতনৰ বাবে চলোৱা এই চক্রান্তমূলক অভিযান আৰু ইয়াৰ ফলশ্ৰুতিত আমেৰিকাই এটা অতিৰিক্ত সুবিধা লাভ কৰি ভাৰত আৰু চীন উভয়ৰে পৰা নিকট দূৰত্বত পূৰ্বৰ পূব পাকিস্তানত আমেৰিকাৰ ঘাটি স্থাপন। বিশেষকৈ বেইজিঙে ছিট্ৰেৰ লগতে উপসাগৰলৈ যোৱা এটা আউটলেটৰ ওপৰতো চকু ৰাখিছে বুলি আমেৰিকাই দক্ষিণ এছিয়াত চীনৰ অনুপ্ৰৱেশ বন্ধ কৰাতো অতি প্রয়োজনীয় বুলি ভাবে। পূর্বে উল্লেখ কৰা অনুসৰি বাংলাদেশত প্ৰভুত্ব বিস্তাৰ আমেৰিকাৰ বাবে গুৰুত্বপূৰ্ণ কাৰণ ইয়াত আমেৰিকাৰ সেনাবাহিনীৰ ৰাখাইন প্রদেশত প্ৰৱেশৰ বাবে “কৰিডৰ”সৃষ্টি কৰা হৈছে। তদুপৰি আমেৰিকাই ম্যানমাৰক কেৱল এক প্ৰসাধনৰ “বুটিক ইছ্যু” হিচাপে গণ্য কৰিব নোৱাৰে। কিয়নো ভাৰত মহাসাগৰ অঞ্চলৰ জলভাগ আমেৰিকাৰ প্ৰভাৱ শিথিল হোৱা পৰিলক্ষিত হৈছে, আনকি মৰিচাছৰ কাষৰীয়া চাগোছ দ্বীপপুঞ্জও সম্ভাব্য বিৰোধীৰ হাতত পৰিছে। ইতিমধ্যে চীনৰ হাম্বান্টোটা, গ্ৰাদাৰ আৰু জিবুটিত ঘাটি থকাটো আমেৰিকাৰ বাবে এক উদ্বেগজনক কথা। উল্লেখযোগ্য যে “বংগবন্ধুৰ দেশ”ৰ সৃষ্টিত ভাৰতবৰ্ষৰ যথেষ্ট আত্মত্যাগ আছিল। কিন্তু বৰ্তমানৰ বাংলাদেশে গুপুত কিটিপেৰে আমেৰিকাৰ শৰণাপন্ন হৈছে। লগতে ৰাখাইনত যুক্তৰাষ্ট্ৰৰ সুবিধাজনক স্থিতিয়ে সমগ্র ভূ-কৌশলগত পৰিস্থিতি আমেৰিকাৰ অনুকূলে যোৱাত সমগ্ৰ পৰিবেশ “এদ্ভান্তেজ আমেৰিকা” সদৃশ হৈছে।
ইতিমধ্যে বাংলাদেশৰ ভিতৰুৱা অঞ্চল আৰু উপকূলত এক ষড়যন্ত্রমূলক প্রক্ৰিয়া আৰম্ভ হৈ ভাৰতৰ বাবে এক উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। আমেৰিকাৰ লেংলি-এনাকোষ্টিয়া-বলিং আদি সামৰিক ঘাটিৰ লগতে সামৰিক বাহিনীৰ মূখ্য কাৰ্য্যালয় পেন্টাগনৰ পৰা প্ৰেৰিত ‘অপাৰেটিভ’সকলে, এসময়ত একেলগে ওছামা বিন লাডেন,আবু বকৰ আল-বাগদাদী, আৰু আয়মান আল-জাৱাহিৰিৰ দৰে ভয়ংকৰ খেলুৱৈক সৃষ্টি কৰিছিল আৰু ইয়াৰ পৰিণতি কি হৈছিল এই সম্পর্কে সমগ্র বিশ্ব অৱগত। এতিয়া আমেৰিকাৰ “গভীৰ ৰাষ্ট্ৰ”ই বাংলাদেশত আন এটা নব্য-কেলিফেটৰ জন্ম দিয়াৰ প্ৰস্তুতি চলাইছে যাৰ বাবে তেওঁলোকৰ যেন কোনো সংকোচ নাই। পৰিস্থিতি এনে পৰ্যায় পাইছে যে আমূল মতাদর্শ, “সভ্যতাৰ সংঘর্ষ”, আনকি নিৰাপত্তাও গ্রহণযোগ্য যেতিয়ালৈকে আমেৰিকাৰ গৃহভূমি সুৰক্ষিত। মৌলবাদীকৰণক কেৱল সহ্য কৰাই নহয় উপযুক্ত হ’লে সমগ্র বিশ্বতে (আমেৰিকাৰ মাটি বাদ দি!) ব্যৱহাৰ কৰিবলৈ আদেশ দিয়া হয় যদিহে ই আমেৰিকাৰ বাবে কৌশলগতভাবে সুবিধাজনক। আচলতে ইউনুছৰ বাংলাদেশত ফ্রেংকেনষ্টাইনৰ দানৱৰ নতুন আমেৰিকান অভিযোজন ইতিমধ্যে স্থাপন হৈছে। “ৰক্তাক্ত কৰিডৰ” সম্পূর্ণ হ’লে আৰু সমগ্র বাংলাদেশত “উগ্রপন্থীৰ পদযাত্রা” আৰম্ভ হ’লেই এই দানৱটোৱে নিৰ্ণায়কভাৱে ভাৰতৰ উত্তৰ-পূবত প্ৰৱেশ কৰিব। তেতিয়া অদূৰদৰ্শী নতুন দিল্লীয়ে কলুষিত আমেৰিকাৰ আন এক জঘন্য হস্তক্ষেপ হতাশ হৈ চাই থাকিব।
(জয়দীপ শইকীয়া ভাৰতৰ আগশাৰীৰ কৌশলবিদ আৰু জনপ্রিয় লেখক)
(অনুবাদক পল্লব ভট্টাচাৰ্য্য অৱসৰ প্ৰাপ্ত অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান)
(অনূদিত লেখাটো অসম্পাদিত ৰূপত প্ৰকাশ কৰা হৈছে)