দিল্লী উচ্চ ন্যায়ালয়ে মঙলবাৰে নৰ্মাদা বাচাও আন্দোলনৰ নেত্ৰী মেধা পাটেকাৰৰ বিৰুদ্ধে দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ ভি কে ছাক্সেনাই দাখিল কৰা ২৪ বছৰীয়া মানহানিৰ গোচৰত তেওঁক দোষী সাব্যস্তকৰণৰ ৰায় সমৰ্থন কৰিছে। ন্যায়াধীশ শৈলিন্দৰ কৌৰে ৰায় দিছে যে নিম্ন আদালত আৰু আপীল আদালতৰ সিদ্ধান্তত কোনো অবৈধতা নাই, যিয়ে প্ৰমাণ আৰু আইনৰ বিশ্লেষণৰ পিছত পাটেকাৰক দোষী সাব্যস্ত কৰিছিল।
এই গোচৰৰ উৎপত্তি ২০০০ চনৰ ২৫ নৱেম্বৰত মেধা পাটকাৰে জাৰি কৰা “দেশভক্তৰ প্ৰকৃত চেহেৰা” শীৰ্ষক এখন প্ৰেছ নোটৰ পৰা। তেতিয়াৰ আহমেদাবাদস্থিত নেচনেল কাউন্সিল ফৰ চিভিল লিবাৰ্টিজৰ মুৰব্বী ভি কে ছাক্সেনাই এই প্ৰেছ নোটে তেওঁৰ সুনামৰ ক্ষতি কৰিছে বুলি অভিযোগ কৰিছিল। ২০০১ চনত আহমেদাবাদত দাখিল হোৱা এই গোচৰ ২০০৩ চনত দিল্লীৰ মুখ্য মহানগৰ দণ্ডাধীশৰ আদালতলৈ স্থানান্তৰিত হয়। ২০১৩ চনত পাটকাৰে নিজকে দোষমুক্ত বুলি দাবী কৰে।
২০২৪ চনৰ মে’ মাহত মহানগৰ দণ্ডাধীশ ৰাঘৱ শৰ্মাই পাটেকাৰক মানহানি গোচৰত দোষী সাব্যস্ত কৰি দুই বছৰৰ কাৰাদণ্ড, জৰিমনা বা দুয়োটাৰে শাস্তি প্ৰদান কৰে। ২০২৪ চনৰ ২ এপ্ৰিলত অতিৰিক্ত ন্যায়াধীশ বিশাল সিঙে এই ৰায় প্ৰদান কৰিছিল। যাদিও, ৮ এপ্ৰিলত তেওঁ পাটেকাৰক এবছৰৰ পৰীক্ষামূলক মুক্তি প্ৰদান কৰি কয় যে অপৰাধটো কাৰাদণ্ডৰ যোগ্য নহয়।
পাটেকাৰক আদালতত হাজিৰ হ’বলৈ, পৰীক্ষামূলক বণ্ড দাখিল কৰিবলৈ আৰু ১ লাখ টকা জৰিমনা জমা দিবলৈ নিৰ্দেশ দিয়া হৈছিল। তেওঁ এই নিৰ্দেশ পালন নকৰাত ২৫ এপ্ৰিলত জামিনহীন ৱাৰেণ্ট জাৰি কৰা হয়, আৰু তেওঁক চমু সময়ৰ বাবে গ্ৰেপ্তাৰ কৰা হয়। তেওঁৰ অধিবক্তাই পৰীক্ষামূলক মুক্তিৰ আদেশ এতিয়াও বলৱৎ আছে আৰু বণ্ড দাখিল কৰা হ’ব বুলি জনোৱাৰ পাছত তেওঁক মুক্তি দিয়া হয়।
পাটেকাৰে তেওঁৰ দোষী সাব্যস্তকৰণ আৰু অতিৰিক্ত সাক্ষী হাজিৰ কৰাৰ অনুৰোধ খাৰিজ হোৱাৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আবেদন কৰিছিল, কিন্তু দুয়োখন আবেদন খাৰিজ কৰা হয়। ন্যায়াধীশ কৌৰে নিম্ন আদালতৰ সিদ্ধান্তত কোনো পদ্ধতিগত ত্ৰুটি বা আইনী ভুল নাই বুলি ৰায় দিয়ে। তেওঁ পৰীক্ষামূলক মুক্তিৰ এটা চৰ্ত সংশোধন কৰি পাটেকাৰক প্ৰতি তিনিমাহৰ মূৰে মূৰে ব্যক্তিগতভাৱে হাজিৰ হোৱাৰ পৰিৱৰ্তে অনলাইন বা অধিবক্তাৰ জৰিয়তে হাজিৰ হ’বলৈ অনুমতি প্ৰদান কৰে।
২০২৪ চনৰ মে’ মাহৰ ৰায়ত কোৱা হৈছিল যে পাটকাৰৰ প্ৰেছ নোটে ছাক্সেনাৰ ব্যক্তিগত চৰিত্ৰ আৰু জাতীয়তাৰ প্ৰতি আনুগত্যৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ কৰিছিল। আদালতে উল্লেখ কৰিছিল যে পাটকাৰে ছাক্সেনাক “গুজৰাটৰ জনসাধাৰণ আৰু তেওঁলোকৰ সম্পদ বিদেশী স্বাৰ্থত বন্ধক ৰখা”ৰ অভিযোগ কৰিছিল, যাক তেওঁৰ সততা আৰু ৰাজহুৱা সেৱাৰ ওপৰত “গুৰুতৰ আক্ৰমণ” বুলি গণ্য কৰা হৈছিল। এই অভিযোগসমূহে ছাক্সেনাৰ ৰাজহুৱা ভাবমূৰ্তি আৰু সামাজিক স্থিতিৰ ওপৰত অপৰিমেয় ক্ষতি কৰিছিল বুলি আদালতে ৰায় দিয়ে।