ৰেষ্টুৰেণ্টত খাদ্য খাই উঠি বিলখন লয়, বা এটিএমৰ পৰা টকা উলিয়াই ৰচিদ এখন উলিয়াই লয়। দেখাত সাধাৰণ যেন লগা এই কাগজখনে গোপনে আপোনাৰ শৰীৰত বিষ সুমুৱাই দিব পাৰে! গৱেষণাৰ মতে এই সকলোবোৰ থাৰ্মেল ৰচিদত বিপজ্জনক বিষাক্ত ৰাসায়নিক পদাৰ্থ বিচফেনল এছ (Bisphenol S) থাকে। ই মাত্ৰ কেইছেকেণ্ডমানৰ ভিতৰতে ছালৰ মাজেৰে শৰীৰত প্ৰৱেশ কৰিব পাৰে।
বিশেষজ্ঞসকলৰ মতে, বিচফেনল এছ এবিধ হৰম’ন বিঘ্নিতকাৰী ৰাসায়নিক পদাৰ্থ, যিয়ে শৰীৰত থকা ইষ্ট্ৰজেন হৰম’নৰ দৰে আচৰণ কৰে। ফলত শৰীৰৰ স্বাভাৱিক বৃদ্ধি, বিপাকীয় ক্ৰিয়া, আনকি প্ৰজনন ক্ষমতাও ব্যাঘাত জন্মাব পাৰে। আগতে বিচফেনল এ (বিপিএ) বিখ্যাত আছিল যদিও এতিয়া ইয়াৰে ‘যমজ ভাতৃ’ বিচফেনল এছ আমাৰ দৈনন্দিন জীৱনলৈ আহিছে।
২০২১ চনত প্ৰকাশিত এক অধ্যয়নত কোৱা হৈছে যে বিপিএৰ দৰে ৰাসায়নিক পদাৰ্থৰ সংস্পৰ্শলৈ আহিলে স্তন কেন্সাৰকে ধৰি বিভিন্ন গুৰুতৰ ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। থাৰ্মেল ৰচিদত এই বিচফেনলৰ দৰে ৰাসায়নিক পদাৰ্থ থাকে যাতে চিয়াঁহীটো স্পষ্টকৈ ওলাই পৰে। কিন্তু এতিয়া বুজা গৈছে যে বিপিএ মুক্ত সামগ্ৰী তৈয়াৰ কৰাত ইয়াৰ পৰিৱৰ্তে বিপিএছ ব্যৱহাৰ কৰাৰ ধাৰাও সমানেই ক্ষতিকাৰক।
শেহতীয়াকৈ চেণ্টাৰ ফৰ এনভাইৰনমেণ্টেল হেল্থ (CEH) নামৰ আমেৰিকাৰ এটা পৰিৱেশ সংস্থাই কমেও ৫০টা বৃহৎ খুচুৰা কোম্পানীলৈ সতৰ্কতামূলক জাননী প্ৰেৰণ কৰিছে। এই তালিকাত বাৰ্গাৰ কিং, চেনেল, ডলাৰ জেনেৰেলৰ দৰে নাম অন্তৰ্ভুক্ত হৈছে। তেওঁলোকৰ মতে, মাত্ৰ কেইছেকেণ্ডমানৰ বাবে ৰচিদ এখন ধৰি থাকিলেই শৰীৰত নিৰাপদ মাত্ৰাতকৈও অধিক বিপিএছ প্ৰৱেশ কৰিব পাৰে, যিটো বিপজ্জনক।
কোনে বেছি বিপদত পৰিছে?
নিয়মিতভাৱে এই ৰচিদবোৰ স্পৰ্শ কৰা ষ্ট’ৰ বা ৰেষ্টুৰেণ্টৰ কৰ্মীসকলৰ বিষক্ৰিয়াৰ আশংকা বেছি। আনকি, কোনোবাই ৰচিদ চম্ভালাৰ আগতে এলক’হল ভিত্তিক চেনিটাইজাৰ ব্যৱহাৰ কৰিলেও ৰাসায়নিক পদাৰ্থৰ শোষণ বাঢ়ি যায়।
কি কৰিব?
নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ গৱেষক আৰু শিশু চিকিৎসক ডাঃ লিঅ’নাৰ্ডো ট্ৰাছাণ্ডে পৰামৰ্শ দিছে। তেওঁ কয়, “বহুতে নাজানে যে এই থাৰ্মেল ৰচিদবোৰ আচলতে প্লাষ্টিক আৱৰণযুক্ত কাগজ।”
তেওঁৰ মতে—
• সম্ভৱ হ’লে ৰচিদ লোৱাৰ পৰা বিৰত থাকক।
• ডিজিটেল ৰচিদ বাছি লওক।
• ষ্ট’ৰৰ কৰ্মচাৰীয়ে গ্ল’ভছ পিন্ধিব লাগে।
• এলক’হলযুক্ত হেণ্ড ৰাবাৰ ব্যৱহাৰ কৰি লগে লগে ৰচিদ তুলি নোলোৱাই ভাল।
আমি অসাৱধানতাৰে পকেটত ভৰাই ৰখা বা মানিবেগত সুমুৱাই থোৱা বিলবোৰ ভৱিষ্যতৰ ৰোগৰ কাৰণ হৈ পৰিব পাৰে। গতিকে সময় থাকোঁতে সচেতন হওক।