টাইৱানৰ খাদ্যৰীতি আৰু দুগৰাকী নাৰীৰ মাজৰ প্ৰেমৰ কাহিনীৰে সমৃদ্ধ এখন উপন্যাসে ২০২৬ বৰ্ষৰ সন্মানীয় ‘ইণ্টাৰনেচনেল বুকাৰ বঁটা’ লাভ কৰিবলৈ সক্ষম হৈছে। মঙলবাৰে, অৰ্থাৎ ১৯ মে’ত লণ্ডনৰ টেইট মডাৰ্নত আয়োজিত এক বিশেষ অনুষ্ঠানত টাইৱানৰ লেখিকা য়াং শ্বুৱাং-জিৰ ‘টাইৱান ট্ৰেভেলগ’ নামৰ গ্ৰন্থখনক এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হয়। মেণ্ডেৰিন চীনা ভাষাৰ পৰা লিন কিং নামৰ অনুবাদকগৰাকীয়ে ইংৰাজীলৈ অনুবাদ কৰা এই গ্ৰন্থখনেই হৈছে এই সন্মানীয় বঁটা লাভ কৰা মেণ্ডেৰিন ভাষাৰ প্ৰথমখন অনূদিত উপন্যাস।
উপন্যাসখনৰ আংগিক সম্পূৰ্ণ পৰীক্ষামূলক, য’ত এটা পাণ্ডিত্যপূৰ্ণ পাতনি, সামৰণি মন্তব্য, কাল্পনিক পাদটীকা আৰু অনুবাদকৰ প্ৰকৃত টোকা সন্নিৱিষ্ট কৰা হৈছে। ১৯৩৮ চনৰ পটভূমিত ৰচিত এই উপন্যাসখনৰ কাহিনীভাগ জাপানী ঔপন্যাসিক আয়োমা চিজুকোৰ টাইৱান ভ্ৰমণৰ পৰা আৰম্ভ হয়। সেই সময়ত টাইৱান আছিল জাপানৰ এক উপনিৱেশ। চৰকাৰী পৃষ্ঠপোষকতাত টাইৱানলৈ অহা চিজুকোৱে সাম্ৰাজ্যবাদী কাৰ্যসূচীতকৈ টাইৱানৰ খাদ্যৰ জুতি লোৱাত অধিক আগ্ৰহ প্ৰকাশ কৰে। এই ভ্ৰমণকালতে তেওঁৰ সাক্ষাৎ হয় এগৰাকী আকৰ্ষণীয় টাইৱানৰ মহিলা চিজুৰুৰ সৈতে, যিয়ে তেওঁৰ দোভাষী আৰু ৰান্ধনী হিচাপে একেলগে কাম কৰে।
লাহে লাহে চিজুকো নিজৰ সংগী চিজুৰুৰ প্ৰতি গভীৰভাৱে আকৰ্ষিত হৈ পৰে আৰু আনকি তেওঁক পূৰ্বৰ বাগদান ভংগ কৰিবলৈকো অনুৰোধ জনায়, কিন্তু চিজুৰুৱে সদায় এক নিৰ্দিষ্ট দূৰত্ব বজাই ৰাখে। চিজুৰুৱে সঁচাকৈয়ে চিজুকোৰ আৱেগৰ সমাদৰ কৰেনে নাই, সেই প্ৰশ্নটোৱেই সমগ্ৰ উপন্যাসখনক আগুৱাই লৈ গৈছে। দুয়োগৰাকী নাৰীৰ এই সম্পৰ্কৰ জৰিয়তে গ্ৰন্থখনত সাম্ৰাজ্যবাদী শাসক আৰু উপনিৱেশৰ জনসাধাৰণৰ মাজৰ শ্ৰেণীগত পাৰ্থক্য আৰু ক্ষমতাৰ জটিল সমীকৰণ অতি নিপুণভাৱে ফুটাই তোলা হৈছে।
২০২৬ বৰ্ষৰ বিচাৰকমণ্ডলীৰ অধ্যক্ষ নাতাশা ব্ৰাউনে বঁটা ঘোষণা কৰি গ্ৰন্থখনৰ ভূয়সী প্ৰশংসা কৰে। তেওঁ উল্লেখ কৰে যে ‘টাইৱান ট্ৰেভেলগ’ এখন ৰোমান্টিক উপন্যাস আৰু এখন তীক্ষ্ণ উত্তৰ-ঔপনিৱেশিক গ্ৰন্থ হিচাপে সমানেই সফল হৈছে। বিচাৰক হিচাপে তেওঁলোকে কিতাপখনৰ বিভিন্ন স্তৰৰ বিষয়ে আলোচনা কৰি যঠেষ্ট আপ্লুত হোৱা বুলিও মত প্ৰকাশ কৰে। উল্লেখযোগ্য যে, ‘এণ্ড আডাৰ ষ্ট’ৰিজ’ নামৰ স্বতন্ত্ৰ প্ৰকাশন গোষ্ঠীটোৱে যোৱা বছৰৰ ‘হাৰ্ট লেম্প’ৰ পিছত এইবাৰো একেৰাহে দ্বিতীয়বাৰৰ বাবে এই বঁটা হস্তগত কৰিবলৈ সক্ষম হৈছে।





