• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দেশীয় প্ৰজাতিৰ কুকুৰ আলোকৰ ভাৰতলৈ প্ৰত্যাৱৰ্তন, দেখা কৰিবলৈ হেতা-ওপৰা লগালে সহস্ৰাধিক লোকে

ভাৰতৰ ৰাজপথৰ এটা সাধাৰণ কুকুৰৰ পৰা বৌদ্ধ সন্যাসীসকলৰ সৈতে হাজাৰ হাজাৰ মাইল ভ্ৰমণ কৰি সমগ্ৰ বিশ্বৰে মৰম বুটলি বলৈ সক্ষম হোৱা আলোক নামৰ শান্তিৰ কুকুৰটো পুনৰ ভাৰতলৈ ঘূৰি আহিছে। শেহতীয়াকৈ হাৰিয়ানাৰ গুৰুগ্ৰামৰ এখন হোটেলত আয়োজিত এক অনুষ্ঠানত আলোকক দেখা কৰিবলৈ আৰু আদৰণি জনাবলৈ শ শ লোকৰ সমাৱেশ ঘটে। আলোকৰ নিজা সামাজিক মাধ্যমৰ একাউণ্টত প্ৰকাশ পোৱা এটা ভিডিঅ’ত দেখা গৈছে যে উপস্থিত ৰাইজে তাক মৰমেৰে সাৱটি ধৰিছে, মৰম কৰিছে আৰু তাৰ সৈতে আলোকচিত্ৰ উঠিছে। আলোক নামৰ কুকুৰটোৱেও অতি শান্তভাৱে সকলোৰে মৰম গ্ৰহণ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 17, 2026 7:21 pm
103
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ ৰাজপথৰ এটা সাধাৰণ কুকুৰৰ পৰা বৌদ্ধ সন্যাসীসকলৰ সৈতে হাজাৰ হাজাৰ মাইল ভ্ৰমণ কৰি সমগ্ৰ বিশ্বৰে মৰম বুটলি বলৈ সক্ষম হোৱা আলোক নামৰ শান্তিৰ কুকুৰটো পুনৰ ভাৰতলৈ ঘূৰি আহিছে। শেহতীয়াকৈ হাৰিয়ানাৰ গুৰুগ্ৰামৰ এখন হোটেলত আয়োজিত এক অনুষ্ঠানত আলোকক দেখা কৰিবলৈ আৰু আদৰণি জনাবলৈ শ শ লোকৰ সমাৱেশ ঘটে। আলোকৰ নিজা সামাজিক মাধ্যমৰ একাউণ্টত প্ৰকাশ পোৱা এটা ভিডিঅ’ত দেখা গৈছে যে উপস্থিত ৰাইজে তাক মৰমেৰে সাৱটি ধৰিছে, মৰম কৰিছে আৰু তাৰ সৈতে আলোকচিত্ৰ উঠিছে। আলোক নামৰ কুকুৰটোৱেও অতি শান্তভাৱে সকলোৰে মৰম গ্ৰহণ কৰিছে।

এই বিশেষ অনুষ্ঠানটোত আলোকক বৌদ্ধ ধৰ্মালম্বী সন্যাসীসকলৰ এটা দলৰ সৈতে এখন সভাত অংশগ্ৰহণ কৰাও দেখা গৈছে। সন্যাসীসকলৰ কাষতে অতি শান্তভাৱে বহি থকা আলোকৰ ব্যৱহাৰে সকলোকে আকৰ্ষিত কৰিছে। সি অতি ধৈৰ্য্যৰে সভাৰ কাৰ্যসূচী প্ৰত্যক্ষ কৰিছে আৰু সন্যাসীসকলৰ সৈতে সমগ্ৰ স্থানতে ঘূৰি ফুৰিছে। তাক দেখি সভাত উপস্থিত থকা লোকসকলৰ মুখত এক প্ৰশান্তিৰ হাঁহি বিৰিঙি উঠিছে আৰু বহুতে তাক অতি আদৰেৰে স্পৰ্শ কৰি প্ৰশংসা কৰিছে।

Apply Now

আলোকৰ এই জীৱন যাত্ৰাৰ আৰম্ভণি হৈছিল ২০২২ চনত, যেতিয়া সি ভাৰতৰ ৰাজপথত আশ্ৰয়হীন হৈ ঘূৰি ফুৰিছিল। কিন্তু তাৰ জীৱনলৈ তেতিয়াই এক ডাঙৰ পৰিৱৰ্তন আহে, যেতিয়া সি ভাৰত আৰু নেপালত খোজকাঢ়ি ভ্ৰমণ কৰা এদল বৌদ্ধ সন্যাসীৰ সংস্পৰ্শলৈ আহে। সন্যাসীসকলৰ শান্তিপূৰ্ণ সান্নিধ্যৰ প্ৰতি আকৰ্ষিত হৈ আলোক নামৰ কুকুৰটোৱে তেওঁলোকৰ পিছে পিছে খোজ ল’বলৈ ধৰে আৰু একেৰাহে এশ দিনতকৈও অধিক সময় তেওঁলোকৰ লগ এৰা নাছিল। কুকুৰটোৰ এই নিষ্ঠা দেখি সন্যাসীসকলে তাক আলোক বুলি নামকৰণ কৰে, যাৰ অৰ্থ হৈছে পোহৰ।

যাত্ৰাৰ অন্তত বৌদ্ধ সন্যাসী বিখু পাক্ৰাই আলোকক নিজৰ সৈতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছত থকা এটা বৌদ্ধ মন্দিৰলৈ লৈ যায়। তেতিয়াৰে পৰা আলোকে আমেৰিকা আৰু শ্ৰীলংকাত ২৩০০ মাইলতকৈও অধিক পথ খোজকাঢ়ি ভ্ৰমণ কৰিছে আৰু শান্তিৰ কুকুৰ হিচাপে জনাজাত হৈ পৰিছে। এই সমগ্ৰ পৰিৱৰ্তনৰ ভিডিঅ’টোৱে ইণ্টাৰনেটত ব্যাপক সঁহাৰি লাভ কৰিছে। এসময়ত পৰিত্যক্ত অৱস্থাত থকা এটা বাটৰ কুকুৰে নিজৰ জন্মভূমিত লাভ কৰা মৰম আৰু সন্মানে সকলোকে আৱেগিক কৰি তুলিছে। ইয়াৰ দ্বাৰা প্ৰমাণ হয় যে মৰম আৰু আশাই এটা জীৱন কেনেকৈ সম্পূৰ্ণ সলনি কৰি দিব পাৰে।

আলোকৰ এই হৃদয়স্পৰ্শী কাহিনীটোৱে ইণ্টাৰনেটত বহুতৰে মন স্পৰ্শ কৰি গৈছে। বহুতো লোকে মন্তব্য কৰিছে যে আলোকৰ এই ঘটনাই ভাৰতবৰ্ষৰ প্ৰতিজন নাগৰিককে বাটৰ আশ্ৰয়হীন কুকুৰবোৰৰ প্ৰতি মৰম আৰু দয়া দেখুৱাবলৈ অনুপ্ৰাণিত কৰা উচিত। সামাজিক মাধ্যমত একাংশই আশা প্ৰকাশ কৰিছে যে এই কাহিনীয়ে দেশৰ লাখ লাখ গৃহহীন কুকুৰৰ জীৱন সুৰক্ষিত কৰাত সহায় কৰিব আৰু মানুহে এই থলুৱা কুকুৰবোৰক মৰমেৰে আদৰি ল’বলৈ আগবাঢ়ি আহিব। বহুতে আলোকক এটা পবিত্ৰ আত্মা বুলি অভিহিত কৰিছে আৰু তাৰ এই ৰূপান্তৰক লৈ গৌৰৱ প্ৰকাশ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

October 10, 2026 6:30 pm
বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

October 10, 2026 5:28 pm
১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

October 10, 2026 2:48 pm
‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

October 10, 2026 1:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

October 10, 2026 6:30 pm
বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

October 10, 2026 5:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd