আদিম যুগৰ দলীয় জীৱন-যাপন পদ্ধতিৰ পৰা আঁতৰি আহি যেতিয়াৰে পৰা মানুহে পৰিয়াল হিচাপে বসবাস কৰিবলৈ ল’লে, ঠিক তেতিয়াৰে পৰা একক পৰিয়াল বুলিলে এহাল দম্পতী আৰু তেওঁলোকৰ সন্তানৰ কথাকে বুজোৱা হয়৷ তাৰ বাহিৰৰ সম্পৰ্কীয় সদস্যসকলেৰে যৌথ বা বৰ্ধিত পৰিয়াল গঠিত হয়৷ তাৰ পৰাই হয়তো আৰম্ভ হৈছিল মাক আৰু সন্তানৰ ঘনিষ্ঠ বান্ধোনৰ কাহিনী৷ কিয়নো পুৰুষতন্ত্ৰই নাৰীৰ মাতৃৰূপক সবাতোকৈ গুৰুত্ব প্ৰদান কৰে৷ মাকৰ মৰম বা মমতাক এক সুকীয়া স্থান দি সমাজে পিতাকক কেৱল অন্নদাতা আৰু শাসনকৰ্তাৰ ৰূপত সীমিত কৰি ৰাখিছিল৷ সেইবাবেই সন্তান আৰু মাকৰ মাজৰ সম্পৰ্ক নিবিড় হৈ উঠে৷ য’ত দেউতাকজনৰ বাবে কোনো স্থান নাথাকে৷ কথাতে কয় বোলে আন সকলো সম্পৰ্কতকৈ মাক আৰু সন্তানৰ সম্পৰ্ক বেছি দীঘলীয়া কাৰণ আনতকৈ মাকে ন মাহ সময় বেছিলৈ পায়৷ তাৰে ফলশ্ৰুতিত দুয়োৰে মাজৰ বান্ধোন নিকপকপীয়া হয়৷
কিছু ডাঙৰ হৈ অহাৰ লগে-লগে সন্তানৰ লগত পিতৃৰ সম্পৰ্ক গাঢ় হয়, কাৰণ তেতিয়ালৈ সন্তানে বুজি উঠে যে শাসনৰ লগতে আৰ্থিক নিৰাপত্তাৰ বাঘজৰীও আছে দেউতাকৰ নিয়ন্ত্ৰণত৷
যি নহওক, ভাৰতীয় সমাজব্যৱস্থাত যিদৰে পিতৃ-মাতৃ নিজ সন্তানৰ প্ৰতি দায়বদ্ধ হোৱাতো কাম্য, অনুৰূপধৰণে প্ৰাপ্তবয়স্ক সন্তানেও, ঘাইকৈ পুত্ৰ সন্তানে, নিজৰ পিতৃ-মাতৃক বৃদ্ধকালত চোৱাচিতা কৰাতো কৰ্তব্য বুলি বিবেচনা কৰা হয়৷ পশ্চিমীয়া দেশবিলাকত আকৌ প্ৰাপ্তবয়স্ক হোৱাৰ লগে লগে সন্তানে মাক দেউতাকৰ পৰা আঁতৰি বেলেগে থাকিব পাৰে৷ তেওঁলোক নিজাকৈ উপাৰ্জন কৰি পৃথকে জীৱন নিৰ্বাহ কৰিব পৰাকৈ স্বাধীন৷ আমাৰ সমাজত জন্ম দিয়াৰ পৰা সন্তানৰ জীৱনৰ প্ৰতিটো ধাপতে মাক-দেউতাক অপৰিহাৰ্য অংগ৷ পঢ়া-শুনাৰ পৰা বিয়াবাৰুলৈ আৰু তাৰ পৰা নাতি-নাতিনীৰ দায়িত্বলৈকে এক সদাব্যস্ত পৰিৱেশ৷ তেনেস্থলত মাক দেউতাকৰ দায়িত্ব অস্বীকাৰ কৰাৰ কথাই নাথাকে৷ নিজৰ প্ৰতিবিম্বস্বৰূপ সন্তানক জীৱনৰ শ্ৰেষ্ঠতম সময়খিনি দিয়াৰ বিনিময়ত পিতৃ-মাতৃয়ে প্ৰকাশ্যে একো দাবী নকৰিলেও বৃদ্ধাৱস্থাত সন্তানৰ পৰা আদৰ-যতন পোৱাৰ হেঁপাহ নিশ্চয়কৈ সকলোৰে মনত থাকে৷ এয়া ভাৰতীয় পৰম্পৰাৰ অংগবিশেষ যাক উলাই কৰিব নোৱাৰি৷
কিন্তু পৰিৱৰ্তিত সময়ে আমাৰ জীৱনশৈলীতো যথেষ্ট প্ৰভাৱ পেলাইছে৷ আগৰ দিনৰ যৌথ পৰিয়ালবিলাক প্ৰায় নোহোৱা হৈ অহাৰ ফলত পৰিয়ালবিলাক তেনেই সৰু হৈ পৰিছে৷ দ্ৰুতহাৰত একক পৰিয়ালৰ সংখ্যা বৃদ্ধি আধুনিক সমাজৰ এক চিনাকি ছবি৷ ইয়াৰ সমান্তৰালকৈ দেখিবলৈ পাওঁ অত্যধিক ব্যস্ততাই যান্ত্ৰিক কৰি তোলা সংসাৰবিলাক৷ এটা বা দুটা সন্তানৰ সৈতে সংকুচিত হৈ অহা পৰিয়াল একোটাত অভিভাৱকসকল অতিমাত্ৰা সন্তানকেন্দ্ৰিক হোৱা পৰিলক্ষিত হয়৷ ফলস্বৰূপে উঠি অহা সন্তানক যিদৰে নিৰ্ভৰশীল কৰি ৰখা হয়, জীৱনৰ বিয়লি বেলাত পিতৃ-মাতৃও সন্তানৰ ওপৰত নিৰ্ভৰশীল হৈ উঠে৷ সেইমতে বহুত সন্তানে নিজৰ বয়সীয়াল মাক-দেউতাকক হাতৰ কাষতে পাব পৰাকৈ সকলোপ্ৰকাৰৰ সা-সুবিধাৰ ব্যৱস্থা কৰি সুখত ৰখাৰ প্ৰয়াস কৰে৷ আনহাতে, সেই নিৰ্ভৰশীলতাক নস্যাৎ কৰি কোনো কোনো সন্তানে নিজৰ বৃদ্ধ দেউতাক বা মাকক বোজা বুলি ভাবি বাটে-ঘাটে এৰি অহাৰ দৰে নিন্দনীয় কাম কৰে৷ কোনোৱে আকৌ ঘৰতে ৰাখি অমানুষিক ব্যৱহাৰ কৰে৷ এইবিলাক বিক্ষিপ্ত উদাহৰণ৷
কিছুমানে পিতৃ-মাতৃক নিজৰ লগত নাৰাখি বৃদ্ধাশ্ৰমত ৰাখিছে৷ এক বা ততোধিক সন্তান থাকিও বৃদ্ধাশ্ৰমত থাকিবলগীয়া হোৱাতো দুৰ্ভাগ্যৰ কথা বুলি অনেকে ভাবে৷ যি সন্তানৰ লগত নিজৰ জীৱন পাত কৰি দিয়া হয়, সেই সন্তানেই যদি তেওঁলোকক প্ৰতিপাল কৰিবলৈ অস্বীকাৰ কৰে, মাক-দেউতাকৰ মনত আঘাত লাগিবই৷ আমাৰ সমাজ এতিয়াও এইক্ষেত্ৰত ৰক্ষণশীল৷
বয়সভেদে সুখৰ সংজ্ঞাও সলনি হয়৷ বাৰ্ধক্যই মানুহৰ দেহ-মনৰ ভাৰসাম্যত আউল লগায়৷ অনেকে ইয়াক সহজভাৱে গ্রহণ কৰে যদিও কিছুমান মানুহে যৌৱনৰ কৰ্মোদ্যমৰ কথা সুঁৱৰি বিমৰ্ষ হোৱাও পৰিলক্ষিত হয়৷ আধুনিক স্বাচ্ছন্দ্যই শৰীৰক সকাহ দিয়ে৷ একোগৰাকী বৃদ্ধ বা বৃদ্ধাৰ মনোজগতখনক কিন্তু সেই স্বাচ্ছন্দ্যই কোনোধৰণে স্পৰ্শ নকৰে৷
আগৰ তুলনাত আজিকালি মানুহৰ গড় আয়ুস বাঢ়িছে৷ তাৰ লগে লগে চহৰাঞ্চলৰ প্ৰৌঢ়সকলৰ মাজত বৃদ্ধি পা্ইছে এক নতুন ব্যাধি৷ সেয়া হ’ল নিঃসংগতা৷ ই আধুনিক সময়ৰ এক ভয়াৱহ সত্য৷ যাৰ ফলত খৰগতিত বৃদ্ধি পাইছে ডিমেনচিয়া বা স্মৃতিবিভ্ৰমৰ দৰে প্ৰতিকাৰবিহীন ৰোগ৷ মগজুৰ কোষবিলাক ক্ষয় যোৱাৰ ফলত একোগৰাকী ব্যক্তিয়ে কিদৰে নিজৰ জীৱনৰ বহু কথা পাহৰি যাব পাৰে, সেয়া নেদেখিলে বুজিব নোৱাৰি৷ অসুখ গুৰুতৰ হ’লে আনকি নিজৰ সন্তানকো ‘আপুনি কোন?’ এনেকৈ প্ৰশ্ন কৰাৰ নজিৰ আছে৷ এই প্ৰসংগতে বৃদ্ধাশ্ৰমৰ আৱশ্যকীয়তা অনুভৱ কৰা হয়৷ যি কথা আমাৰ আগৰ প্ৰজন্মৰ কাৰণে অভাৱনীয় আছিল।
আজি আমি কিন্তু অৱসৰৰ পিছত বৃদ্ধাশ্ৰমলৈ যাবলৈ মানসিকভাৱে প্ৰস্তুত৷ সন্তানে দায়িত্ব নোলোৱাৰ আশংকাত এনে চিন্তাৰ উদ্ভৱ হোৱা নাই৷ বৰং আমি মুকলিমনে উপলব্ধি কৰিছোঁ যে আমাৰ সুখৰ কাৰণে পৃথিৱীৰ সকলো প্ৰাচুৰ্য আনি দিলেও সিহঁতে আমাক মানসিক সাহচৰ্য দিয়াতো প্ৰায় অসম্ভৱ৷ এটা ব্যস্ত জীৱনৰ পিছত হঠাতে আহি পৰা স্থবিৰতাৰ লগত নিজকে খাপ খুৱাই ল’বলৈ সময়ৰ লগতে মানসিক সাহচৰ্যৰ প্ৰয়োজন৷ ইয়াৰ অন্যথা প্ৰৌঢ় অৱস্থাত নিঃসংগতাৰ কবলত পৰিবলগীয়া পৰিৱেশৰ সূচনা হ’ব৷ এচাম সমবয়সীয়া মানুহৰ লগত একেখন ঘৰতে খাকিলে সুখ-দুখৰ ভাগ-বাটোৱাৰা কৰিব পাৰি৷ বিপদে-আপদে ইজনে-সিজনৰ সহায় হ’ব পাৰে৷ সবাতোকৈ ডাঙৰ কথাটো হ’ল বৃদ্ধাশ্ৰমত “ৰাখিম আৰু থাকিম” এই সিদ্ধান্তত দুইপক্ষৰে সন্মতি থাকিব লাগিব৷ সপ্তাহৰ বন্ধ বাৰবিলাকত ঘৰলৈ যোৱা নাইবা সন্তানে আহি লগ কৰাৰ দৰে সৌহাৰ্দ্যমূলক পৰিৱেশ এটা সৃষ্টি কৰি ল’ব পাৰিলে সম্বন্ধবিলাক মসৃণ হৈ থাকিব৷ নহ’লে বৃদ্ধবয়সত পেটৰ পোৱালিয়ে খেদি দিলে ধৰণৰ চিন্তাটোৱে জীৱনৰ বাকীছোৱা দুৰ্বিসহ কৰি তুলিব৷ সেইবাবেই কৈছোঁ যে বয়সৰ লগে লগে সুখৰ সংজ্ঞা সলনি হয়৷
পিতৃ-মাতৃৰ প্ৰতি বিবাহিতা কন্যাসন্তানৰ দায়িত্ববোধৰ ধাৰণাটো ভাৰতীয় সমাজত এতিয়াও বহুলভাৱে স্বীকৃত হোৱা নাই৷ যাৰ পৰিপ্ৰেক্ষিতত কেৱল কন্যাসন্তান থকাসকলে বৃদ্ধবয়সত বিয়া দিয়া ছোৱালীৰ ঘৰত থাকিবলৈ অস্বীকাৰ কৰে৷ আনকি পুত্ৰ-কন্যা উভয়ে থকা বহু পৰিয়ালত আজিও মাক-দেউতাকৰ দায়িত্ব পুত্ৰৰ বুলিয়ে মানি থকা হয়৷ অলপতে এখন অসমীয়া বাতৰিকাকতত পঢ়া এটি লেখাৰ কথা মনলৈ আহিছে৷ উক্ত লেখাটোত বিবাহোত্তৰ জীৱনত সন্দৰ্ভত এটি কিশোৰৰ স্পষ্ট উক্তি আছিল এনেকুৱা –“মোৰ মাক মই চাম, তাইৰ মাকক তাই চাব৷” নৱপ্ৰজন্মৰ এই কিশোৰৰ এনে উচ্চস্তৰীয় চিন্তাৰ শলাগ নলৈ নোৱাৰোঁ৷ তেনেকুৱা সজাগতাই অদূৰ ভৱিষ্যতে সমাজত লিংগবৈষম্য দূৰ কৰাত বিশেষ ভূমিকা ল’ব পাৰিব বুলি মোৰ বিশ্বাস৷
বাৰ্ধক্য আৰু নিঃসংগতা সন্দৰ্ভত আৰু এটা দৰকাৰী কথা উনুকিয়াব বিচাৰিছোঁ৷ চাকৰিয়াল অভিভাৱকে দিনৰবেলা শিশু সন্তানক ৰখা ক্ৰেচ্ছৰ (crèche) দৰে বৃদ্ধসকলৰ কাৰণেও যদি তেনেকুৱা কিবা ডে’ কেয়াৰৰ (Day Care) ব্যৱস্থা কৰিব পাৰি তেন্তে বহু সমস্যাৰ সমাধান পোৱা যাব৷ এনে কৰিলে মাক দেউতাকক দিনৰ দিনটো অকলশৰীয়াকৈ ঘৰত থৈ যোৱাৰ গ্লানিবোধৰ পৰা বহু চাকৰিয়াল সন্তানে মুক্তি পাব৷ তাতোকৈয়ো গুৰুত্বপূৰ্ণ কথা হ’ল, সেই আদহীয়া বা বৃদ্ধসকলেও সন্তানৰ যত্নৰ পৰা বঞ্চিত হোৱাৰ দুখবোধৰ পৰা কিছু হ’লেও উপশম পাব৷ আমি বাৰু তেনে কিবা জাগৰণ আনিব পাৰোঁনে?
(লেখক তিনিচুকীয়া মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক। ম’বাইল নং- ৯৫০৮২৩৭১৩৩)