• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আমেৰিকাই বৰ্ধিত হাৰত শুল্ক আৰোপ কৰাৰ পিছতো; ৰাছিয়াৰ সৈতে অটুত থাকিব ‘বন্ধুত্ব’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 10, 2025 3:26 pm
ফটো- সংগৃ্হীত

ফটো- সংগৃ্হীত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বৰ্ধিত হাৰত শুল্ক আৰোপ কৰাৰ পইছতো ভাৰতে ৰাছিয়াৰ সৈতে থকা দীৰ্ঘদিনীয়া ‘বন্ধুত্ব’ ভাঙিব নিবিচাৰে। ৰাছিয়াৰ পৰা তেল আৰু অস্ত্ৰ-শস্ত্ৰ ক্ৰয় কৰাৰ বাবে আমেৰিকাই ভাৰতৰ পৰা ৰপ্তানি কৰা সামগ্ৰীৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰিলেও, এই সম্পৰ্ক ভাঙি পেলোৱাটো সহজ নহয় বা আনকি সম্ভৱ নহয় বুলিও বিশ্লেষকসকলে মত পোষণ কৰিছে।

উল্লেখনীয় যে ভাৰত আৰু ৰাছিয়াৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক দীৰ্ঘদিনীয়া আৰু গভীৰ। ষাঠিৰ দশকত চীনৰ সৈতে ৰাছিয়াৰ উত্তেজনা বৃদ্ধি পোৱাৰ পিছত মস্কোৰ সৈতে নতুন দিল্লীৰ ঘনিষ্ঠতা আৰু অধিক বৃদ্ধি পাইছিল। ‘ৱাল ষ্ট্ৰীট জাৰ্নেল’ৰ এক প্ৰতিবেদনত প্ৰকাশিত তথ্য অনুসৰি সেই সময়ত ৰাছিয়াই ভাৰতক ১০ৰ পৰা ২০ শতাংশ ৰেহাইত তেল বিক্ৰী কৰিছিল, যিটো অন্য দেশসমূহতকৈ যথেষ্ট কম মূল্য আছিল। ইয়াৰ উপৰিও মস্কোৱে ভাৰতক অস্ত্ৰ ক্ৰয়ৰ বাবে কোটি কোটি টকাৰ ঋণৰ ব্যৱস্থা কৰিছে আৰু তেল অন্বেষণৰ বাবে ভূতত্ত্ববিদৰ দল পঠিয়াই সহায় আগবঢ়াইছে। চাইবেৰিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰিবলৈও অনুমতি দিয়াৰ ফলত ভাৰতৰ অৰ্থনীতিত যথেষ্ট সঞ্চয় হৈছে।

Apply Now

১৯৭৪ চনত ভাৰতে প্ৰথম পাৰমাণৱিক পৰীক্ষা কৰাৰ পিছত আমেৰিকাই নিষেধাজ্ঞা আৰোপ কৰিছিল, যাৰ ফলত পাকিস্তানৰ সৈতে আমেৰিকাৰ ঘনিষ্ঠতা বৃদ্ধি পাইছিল। সেই সময়ত ভাৰত আৰু ৰাছিয়াৰ মাজৰ সম্পৰ্ক আৰু অধিক দৃঢ় হৈ উঠিছিল। দিল্লীস্থিত গৱেষণা প্ৰতিষ্ঠান ‘অবজাৰ্ভাৰ ৰিচাৰ্চ ফাউণ্ডেশ্যন’ৰ কৌশলগত অধ্যয়নৰ মুৰব্বী হৰ্ষ বি পণ্টে কয়, “বহু ভাৰতীয়ই এতিয়াও ৰাছিয়াক নিৰ্ভৰযোগ্য মিত্ৰ বুলি গণ্য কৰে। বহুতে অনুভৱ কৰে যে আমেৰিকা পাকিস্তানৰ প্ৰতি অলপ বেছি দয়ালু।”

ট্ৰাম্পৰ নেতৃত্বত আমেৰিকাই ভাৰতৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰিছে, যাৰ ফলত ভাৰতৰ পৰা আমেৰিকালৈ ৰপ্তানি কৰা সামগ্ৰীৰ ওপৰত ৫০ শতাংশ পৰ্যন্ত শুল্ক বৃদ্ধি পাইছে। ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে এই পদক্ষেপক ‘অন্যায় আৰু অযুক্তিকৰ’ বুলি মত প্ৰকাশ কৰিছে আৰু দেশৰ স্বাৰ্থ ৰক্ষাৰ বাবে সকলো পদক্ষেপ গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰোদান কৰিছে। ক্ৰেম’লিনৰ মুখপাত্ৰ দিমিত্ৰী পেস্কোৱে ভাৰতৰ প্ৰতি সমৰ্থন দি কয় যে সাৰ্বভৌম দেশ এখনে নিজৰ বাণিজ্যিক অংশীদাৰ নিৰ্বাচন কৰাৰ অধিকাৰ আছে।

ইফালে ইউক্ৰেইনৰ যুদ্ধত ভাৰতে নিৰপেক্ষতা বজাই ৰাখিছে। ৰাষ্ট্ৰসংঘত ৰাছিয়াৰ বিৰুদ্ধে গৰিহণা প্ৰস্তাৱত ভোটদানত অংশগ্ৰহণ নকৰি ভাৰতে ৰাছিয়াৰ কাষত থিয় দিছে। যুদ্ধৰ পিছত আমেৰিকা আৰু ইউৰোপীয় সংঘই ৰাছিয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছতো ভাৰতে কম মূল্যত ৰাছিয়ান তেল ক্ৰয় কৰি আাহিছে। যোৱা বছৰ ৰাছিয়াই ৰপ্তানি কৰা তেলৰ এক তৃতীয়াংশ ভাৰতে ক্ৰয় কৰিছে। যুদ্ধ আৰম্ভ হোৱাৰ পিছত তিনি বছৰত দুয়োখন দেশৰ মাজত ৬৯ বিলিয়ন ডলাৰ (ভাৰতীয় মুদ্ৰাত প্ৰায় ৬ লাখ কোটি টকা)ৰ ব্যৱসায় হৈছে। ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী সদস্য চৈয়দ আকবৰুদ্দিনে ‘ৱৰ্ল্ড ষ্ট্ৰীট জাৰ্নেল’ক প্ৰদান কৰা সাক্ষাৎকাৰত কয় যে অদূৰ ভৱিষ্যতেও ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বন্ধ নকৰে। কাৰণ তেনে কৰিলে দেশৰ বাজেটত বৈৰোপ প্ৰভাৱ পৰিব।

ডাটা এণ্ড এনালাইটিক্স কোম্পানী কেপিলাৰৰ মুখ্য গৱেষক সুমিত ৰিটোলিয়াই কয় যে ৰাছিয়াৰ পৰা তেল ক্ৰয় বন্ধ কৰাটো বৰ্তমানে সম্ভৱ নহয়, কাৰণ ইয়াৰ ফলত দেশৰ অৰ্থনীতিত গুৰুতৰ প্ৰভাৱ পৰিব।

তেলৰ উপৰিও অস্ত্ৰ ক্ৰয়ত ভাৰতৰ ৰাছিয়াৰ ওপৰত যথেষ্ট নিৰ্ভৰশীল। ভাৰতৰ অস্ত্ৰভাণ্ডাৰৰ আধা অস্ত্ৰ ৰাছিয়াত নিৰ্মিত। ৰাছিয়াই কাৰিকৰী সহায় আগবঢ়াই ভাৰতক ঘৰুৱাভাৱে অস্ত্ৰ নিৰ্মাণ কৰাত সহায় কৰিছে। যোৱা মাহত ভাৰতৰ নৌসেনাই ৰাছিয়াৰ পৰা ক্ৰয় কৰা এখন যুদ্ধ জাহাজ অন্তৰ্ভুক্ত কৰিছে আৰু দুখন জাহাজ ঘৰুৱাভাৱে নিৰ্মাণ কৰি আছে। কাৰ্নেগী এনডাউমেণ্ট ফৰ ইণ্টাৰনেশ্যনেল পিছৰ গৱেষক এছলী জে টেলিছে কয় যে ভাৰতে ৰাছিয়ান অস্ত্ৰৰ বিকল্প লাভ কৰিবলৈ এতিয়াও দশক দশক অপেক্ষা কৰিব লাগিব।

এই পৰিস্থিতিত ভাৰতে আমেৰিকাৰ চাপৰ মাজতো ৰাছিয়াৰ সৈতে থকা সম্পৰ্কক অটুট ৰখাৰ প্ৰতি দৃঢ়প্ৰতিজ্ঞ। বিশ্লেষকসকলে কয় যে এই ‘বন্ধুত্ব’ ভাৰতৰ অৰ্থনৈতিক আৰু সুৰক্ষা স্বাৰ্থৰ সৈতে গভীৰভাৱে জড়িত, গতিকে ৰাছিয়াৰ সৈতে ভাৰতৰ সম্পৰ্ক ভাঙি পেলোৱাটো কঠিন।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যজ্ঞৰ নামত শ্লীলতাহানি! ‘ছয়তানৰ ছাঁ’ আঁতৰোৱাৰ অজুহাতত কেইবালাখ টকাৰ সম্পত্তি লুট তান্ত্ৰিকৰ

যজ্ঞৰ নামত শ্লীলতাহানি! ‘ছয়তানৰ ছাঁ’ আঁতৰোৱাৰ অজুহাতত কেইবালাখ টকাৰ সম্পত্তি লুট তান্ত্ৰিকৰ

August 27, 2026 1:03 pm
স্বজনতোষণ আৰু ক্ষমতাৰ অপব্যৱহাৰ! ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বিস্ফোৰক অভিযোগ

স্বজনতোষণ আৰু ক্ষমতাৰ অপব্যৱহাৰ! ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বিস্ফোৰক অভিযোগ

August 27, 2026 11:30 am
‘‘কংগ্ৰেছে কাজিৰঙাক ধ্বংস কৰিছিল, বিজেপিয়ে ৰক্ষা কৰিছে”, হিমন্ত বিশ্ব শৰ্মা

‘‘কংগ্ৰেছে কাজিৰঙাক ধ্বংস কৰিছিল, বিজেপিয়ে ৰক্ষা কৰিছে”, হিমন্ত বিশ্ব শৰ্মা

August 27, 2026 11:17 am
মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

August 27, 2026 9:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যজ্ঞৰ নামত শ্লীলতাহানি! ‘ছয়তানৰ ছাঁ’ আঁতৰোৱাৰ অজুহাতত কেইবালাখ টকাৰ সম্পত্তি লুট তান্ত্ৰিকৰ

যজ্ঞৰ নামত শ্লীলতাহানি! ‘ছয়তানৰ ছাঁ’ আঁতৰোৱাৰ অজুহাতত কেইবালাখ টকাৰ সম্পত্তি লুট তান্ত্ৰিকৰ

August 27, 2026 1:03 pm
স্বজনতোষণ আৰু ক্ষমতাৰ অপব্যৱহাৰ! ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বিস্ফোৰক অভিযোগ

স্বজনতোষণ আৰু ক্ষমতাৰ অপব্যৱহাৰ! ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বিস্ফোৰক অভিযোগ

August 27, 2026 11:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd