অসমৰ সংগীত জগতৰ এটি উজ্বল নক্ষত্ৰ, অকালতে জীৱন হেৰুওৱা প্ৰয়াত জয়ন্ত হাজৰিকাৰ ৭৫ সংখ্যক জন্মদিনত বৃহস্পতিবাৰে সমগ্ৰ অসমবাসীয়ে শিল্পীগৰাকীক শ্ৰদ্ধাৰে সুঁৱৰিছে।
সংগীত সূৰ্য ভূপেন হাজৰিকাৰ কনিষ্ঠ ভাতৃ জয়ন্ত হাজৰিকাৰ ১৯৪৩ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল। কিংবদন্তি শিল্পী জ্যেষ্ঠ ভাতৃ ভূপেন হাজৰিকাৰ লগত সংগীতৰ জীৱন আৰম্ভ কৰা জয়ন্ত হাজৰিকা ‘ৰাণা দা’ হিচাপে জনপ্ৰিয় হৈ পৰিছিল। পিছলৈ ৰাণা দাই এগৰাকী কণ্ঠশিল্পী তথা সংগীতজ্ঞ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছিল।
জয়ন্ত হাজৰিকাই প্ৰথম পাশ্চাত্য সংগীতৰ বিভিন্ন ধাৰা যেনে ৰ’ক এণ্ড ৰ’ল, জাজ আৰু পাশ্চাত্য ধ্ৰুপদী সংগীতক পৰম্পৰাগত অসমীয়া মেল’ডি সংগীতৰ সৈতে সংমিশ্ৰণ কৰি প্ৰথমবাৰলৈ অসমীয়া সংগীতত এক নতুন জোৱাৰৰ সৃষ্টি কৰিছিল।
তেওঁৰ সংগীত ব্যৱস্থাপনাত ৰাণা দাই কেইবাবিধো পাশ্চাত্যৰ বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰি এইক্ষেত্ৰত বাটকটীয়া হৈ পৰিছিল। মাত্ৰ ৩৪ বছৰীয়া চমু জীৱনকালত তেওঁ বহু যুগান্তাকাৰী গীত সৃষ্টি কৰিছিল যিবোৰ আজিও অসমত ব্যাপক জনপ্ৰিয় হৈ ৰৈছে।
১৯৭৭ চনৰ ১৭ অক্টোবৰত এখন নতুন অসমীয়া চলচ্চিত্ৰ ‘নতুন আশা’ৰ গীত বাণীবদ্ধ কৰাৰ কামত ব্যস্ত থকাৰ সময়তে কলকাতাত জয়ন্ত হাজৰিকাৰ মৃত্যু হয়।
জয়ন্ত হাজৰিকাই জ্যেষ্ঠ ভাতৃ ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা ‘মনিৰাম দেৱান’ত সহকাৰী হিচাপে তেওঁৰ সংগীতৰ যাত্ৰা আৰম্ভ কৰিছিল। তাৰ পিছত তেওঁ কেইবাখনো চলচ্চিত্ৰত সংগীত পৰিচালনা কৰাৰ লগতে গীতত কণ্ঠও দিছিল।
জয়ন্ত হাজৰিকাই কেইবাবিধো বাদ্যযন্ত্ৰ ব্যৱহাৰত সিদ্ধহস্ত আছিল। তেওঁ নিজেই গীটাৰ, ডোমৰা, মেণ্ডলিন, একৰডিয়ান, তবলা আৰু হাৰমনিকা বজাইছিল। তেওঁ বিশ্বৰ আন প্ৰান্তৰ পৰাও বিভিন্ন পৰম্পৰাগত সংগীতৰ বাদ্যযন্ত্ৰ সংগ্ৰহ কৰিছিল।
১৯৭৭ চনত জয়ন্ত হাজৰিকাই ‘সুৰ বাহিনী’ নামৰ এটা অনন্য সংগঠনৰ জন্ম দিছিল। গোলাঘাটৰ ৰাইজৰ সহযোগত অসমৰ বানাক্ৰান্ত লোকক সহায় কৰাৰ উদ্দেশ্যেৰে ইয়াৰ জন্ম হৈছিল।
এই বাহিনীটোৱে পথত গান গাই ৰাইজৰ পৰা বৰঙণি তুলি পিছত সেয়া দান কৰিছিল। জয়ন্ত হাজৰিকাৰ নেতৃত্বত গঠন হোৱা সুৰ বাহিনীত বহু কণ্ঠশিল্পীয়ে যোগদান কৰিছিল আৰু ই এক গণ আন্দোলনৰ ৰূপ লৈছিল।
আজি তেওঁ ৭৫ সংখ্যক জন্মদিনত গোটেই অসমতে কেইবাটাও কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। বহু কণ্ঠশিল্পী, সংগীতজ্ঞ তথা সংগীত পৰিচালক বৃহস্পতিবাৰে বিভিন্ন কাৰ্যসূচীত সমবেত হৈ অসমৰ চিৰকালৰ মহান সংগীতজ্ঞগৰাকীলৈ শ্ৰদ্ধাঞ্জলি যাঁচিছে।