স্বচ্ছ ভাৰত মিছনৰ অংশ হিচাপে গুৱাহাটী পৌৰ নিগমে গুৱাহাটীত আৰম্ভ কৰা জাবৰৰ পৰা বিদ্যুৎ শক্তি উৎপাদন কৰাৰ পৰীক্ষামূলক প্ৰকল্পটো আজিও সম্পূৰ্ণ হৈ নুঠিল। প্ৰায় ৮ মাহ পূৰ্বে পৌৰ নিগমে গুৱাহাটীৰ পল্টনবজাৰ এলেকাত উৎপন্ন হোৱা আৱৰ্জনাৰ পৰা বিদ্যুৎ শক্তি উৎপাদন কৰাৰ সিদ্ধান্ত লৈছিল।
ইয়াৰ উপৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ওচৰত জাবৰৰ পৰা সাৰ উৎপাদনৰ কাৰখানা স্থাপন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। এই বছৰৰ অক্টোবৰৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দ্ধাৰণ কৰা এই ব্যৱস্থাবোৰ এতিয়াও আধৰুৱা হৈয়ে আছে।
উল্লেখযোগ্য যে স্বচ্ছ ভাৰত মিছনৰ নিয়ম মতে নগৰ-মহানগৰত দৈনিক উৎপন্ন হোৱা জাবৰৰ পৰা জৈৱিক সাৰ আৰু বিদ্যুৎ শক্তি উৎপাদন কৰি জাবৰৰ পৰিমাণ হ্ৰাস কৰিব লাগে। গুৱাহাটীৰ জাবৰ চাফাৰ নামত গুৱাহাটী পৌৰ নিগমে মাহিলি তিনি কোটি টকা ৰাজহুৱা ধন খৰচ কৰে। কিন্তু এনেদৰে গুৱাহাটীৰ জাবৰ নিষ্কাসনৰ নামত কোটি কোটি টকা ব্যয় কৰাৰ পিছতো গুৱাহাটীৰ জাবৰৰ সমস্যা সমাধান হোৱা নাই।
দৈনিক উৎপাদন হোৱা প্ৰায় ৬০০ টন জাবৰৰ ৪০০ টন জাবৰহে নিগমে সংগ্ৰহ কৰে। বাকী ২০০ টন জাবৰ সংগ্ৰহ নকৰাকৈ বাটে-পথে ৰৈ যায়।
তদুপৰি গুৱাহাটীত জাবৰ সংগ্ৰহ কৰাতকৈ সংগৃহীত জাবৰ পৰিশোধন কৰাটোহে পৌৰ নিগমৰ বাবে বৃহৎ প্ৰত্যাহ্বান হৈ আছে। পৌৰ নিগমে দৈনিক সংগ্ৰহ কৰা জাবৰবোৰ বৰাগাঁৱৰ জাবৰ পেলোৱা স্থানত পেলোৱাৰ ব্যৱস্থা কৰে। কিন্তু ইয়াৰ মাত্ৰ ১০ শতাংশহে বিজ্ঞানসন্মতভাৱে পৰিশোধন কৰা হয়।
অৰ্থাৎ ৪০০ টন জাবৰৰ পৰা মাত্ৰ ৫০ টন জাবৰ পৰিশোধন কৰি সাৰ উৎপাদন কৰা হয়, বাকী জাবৰসমূহ এনেদৰে জমা হৈ বৰাগাঁৱৰ জাবৰ পেলোৱা স্থানডোখৰ পাহাৰ সদৃশ হৈ পৰিছে। মন কৰিবলগীয়া যে ইতিমধ্যে দীপৰ বিলক প্ৰদূষিত কৰাৰ বাবে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে পৌৰ নিগমক সকীয়নিও দিছে।