আজি কিছু বছৰৰ পৰা অসমৰ ঠায়ে ঠায়ে শিল্পপ্ৰতিভাসম্পন্ন অসমীয়া যুৱকে অভিনৱ কাৰুকাৰ্যৰে চালে চকুৰোৱা ভেলাঘৰ আৰু মেজি সাজি উলিওৱা দেখা গৈছে। নৰা-খেৰ, বাঁহ-বেতেৰে ভিন ভিন পশু-পক্ষীৰ লগতে আন আন আকৃতিৰো ভেলাঘৰ সাজি দৰ্শকৰ মনোযোগ আকৰ্ষণ কৰা হয়। কোনো কোনো অসমীয়া টিভি চেনেলে এইবোৰৰ বিপুল প্ৰচাৰ চলায় আৰু সিবোৰক লৈ প্ৰতিযোগিতাৰো আয়োজন কৰে। নৰা-খেৰ আৰু বাঁহ-বেতেৰে নিৰ্মিত এই ভেলাঘৰ আৰু মেজিসমূহে অসমীয়া সংস্কৃতিৰ গৌৰৱ বঢ়াইছে বুলি বহুতেই ভাবিছে।
হয় জানো কথাটো?
আমাৰ ধাৰণা- আলোচ্য পৰিঘটনাটো অসমীয়া সংস্কৃতিৰ এক বিশেষ ৰুগ্নতা আৰু দুৰ্বলতাৰেই ইংগিতবাহী। স্বাস্থ্যহীন, আত্মবিশ্বাসহীন জাতিৰ এটা লক্ষণ এই যে সি তাৰ হীনমন্যতা ঢাকিবলৈ নিজক ‘উচ্চ’ৰূপে প্ৰদৰ্শন কৰাৰ তাড়না অনুভৱ কৰে। চীনা, জাপানী, আমেৰিকান বা ইংৰাজ জাতিয়ে নিজৰ জাতীয় সংস্কৃতিৰ এনে ‘চমকপ্ৰদ’ প্ৰদৰ্শনত আগ্ৰহী হ’ব বুলি ভাবিব নোৱাৰি। চিনাকি বামুণৰ লগুণৰ প্ৰয়োজন নাই। অচিনাকি বামুণেহে লগুণডাল হাতেৰে ধৰি আনক দেখুৱাই ফুৰিব লাগে।
সংস্কৃতি কি? যি ‘কৃতি’ বা কাম এখন সমাজৰ সকলোৱেই সমানে বা সমধৰণে কৰে, সেয়ে সংস্কৃতি। অসমীয়া সমাজৰ কৃষিভিত্তিক চৰিত্ৰ ক্ৰমশঃ সলনি হৈ অহাত কৃষিভিত্তিক সংস্কৃতি বিহুৰো ক্ৰমাৎ পৰিৱৰ্তন হৈ আহিছে; গাঁৱে-ভূঁয়ে মেজিবোৰ চাপৰ হৈ আহিছে। (মেজিৰ এই ক্ৰমহ্ৰাসমান উচ্চতা অসমীয়া সংস্কৃতিৰ ক্ৰমহ্ৰাসমান শৌৰ্য্যৰ দ্যোতক।) কিন্তু, তাৰ পিছতো আমি ক’ব লাগিব যে অসমৰ গাঁওবোৰত গাঁৱলীয়া ল’ৰাই আগৰচাম ল’ৰাৰ পৰা শিকি যি হেজাৰ-বিজাৰ মেজি আৰু ভেলাঘৰ সাজি আছে, যিবোৰ মেজি আৰু ভেলাঘৰ টিভিত নুঠে, যিবোৰৰ মাজত কোনো আনুষ্ঠানিক প্ৰতিযোগিতা নহয়- সেইবোৰহে অসমীয়া সংস্কৃতিৰ বস্তু। কাৰণ সেইবোৰ আজিও বিপুল জনতাৰ উৎপাদন, বিপুল জনতাৰ কৃতি।
বজাৰসৰ্বস্ব, প্ৰচাৰসৰ্বস্ব কোনো কৃতি, বিশেষ কোনো কলাকাৰৰ দ্বাৰা কৃত কোনো কৃতি- যিমানেই দৃষ্টিনন্দন নহওক, যিমানেই শিল্পময় নহওক- এটা জাতিৰ সমূহীয়া সংস্কৃতিৰ বস্তু হ’ব নোৱাৰে। নৰা-খেৰেৰে, বাঁহ-বেতেৰে অসমৰ গাওঁ-ভূঁইৰ ল’ৰাই কপৌ চৰাই নাসাজে, বাঘ-ভালুক নাসাজে, সাজিব নোৱাৰে। এইবোৰ কোনো বিশেষ শিল্পীৰ কাম। সেয়ে ই সংস্কৃতি নহয়। অসমীয়া মেজি আৰু ভেলাঘৰ নিৰ্মাণৰ কৌশল এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ বৈ আহে। আলোচ্য ‘বিশেষ’ মেজি-ভেলাঘৰবোৰ নিৰ্মাণৰ কৌশল অসমৰ গঞা ৰাইজৰ এটা প্ৰজন্মই আন এটা প্ৰজন্মক দি যোৱা বিধৰ নহয়। সেয়ে ই সংস্কৃতি নহয়। সংস্কৃতিৰ বস্তু ‘চমক’ নহয়, প্ৰচাৰ-সচেতন নহয়, প্ৰদৰ্শনৰ বাবে আকুল নহয়। সংস্কৃতিৰ বস্তু ‘বিশেষ’ নহয়, ‘সাধাৰণ’। এই সমূহ কাৰণত আলোচ্য ‘চমৎকাৰ’বোৰ অসমীয়া সংস্কৃতিৰ বস্তু নহয়, ইবোৰে অসমীয়া সংস্কৃতিক চহকী নকৰে।
বিপদৰ কথা এই যে এনে ‘চমৎকাৰ’বোৰে ইমান প্ৰচাৰ আৰু জনপ্ৰিয়তা লাভ কৰে যে গাঁৱলীয়া জীৱনৰ পৰা নিৰ্বাসিত, আবদ্ধ কোঠালিৰ ভিতৰত দূৰদৰ্শন বা ম’বাইল ফোনত নিমগ্ন আজিৰ শিশু আৰু কিশোৰে এইবোৰকে অসমীয়া মেজি আৰু ভেলাঘৰৰ নিদৰ্শন বুলি ভাবি ল’ব পাৰে। আন এক বিপদ এই যে এই ‘চমক’বোৰে লাভ কৰা প্ৰচাৰৰ পৰোক্ষ পৰিণামস্বৰূপে গাঁৱ্লীয়া অসমীয়া ল’ৰাৰ মনত হীনমন্যতাৰ ভাবে অগা-ডেৱা কৰিব পাৰে; তেওঁলোকে ভাবিব পাৰে- “আমিনো এইবোৰ কি কামত নহা কাম কৰি আছোঁ! টিভিত নুঠা এই মেজি-ভেলাঘৰ সাজি থকাৰ সকাম কি?” কোৱা বাহুল্য- এনে হীনমন্যতাই সংস্কৃতিকো দুৰ্বল কৰিব, জাতিৰো মূৰ খাব।
অসমীয়া সমাজখন কৃষিভিত্তিক সমাজৰ চৰিত্ৰৰ পৰা ক্ৰমে ক্ৰমে আঁতৰি অহাত এনেয়েও কৃষিভিত্তিক উৎসৱ বিহুৰ চৰিত্ৰ সলনি হৈ আহিছিল। কৃষক শ্ৰেণী দুৰ্বল হৈ অহাত, গাঁও-ভূঁইৰ ল’ৰা-ছোৱালী কৃষিৰ পৰা ক্ৰমে আঁতৰি আহি থকাত, কৃষিভিত্তিক উৎসৱসমূহৰ স্বকীয়তা, মাধুৰ্য্য আৰু কালিকা এনেয়েও ধূসৰ হৈ আহিছিল। আজিৰ বিশ্বায়িত অসমীয়া এনেয়েও ইবোৰৰ পৰা আঁতৰি আহি আছিল। এনে পৰিস্থিতিত যেতিয়া মেজিৰ নামত, ভেলাঘৰৰ নামত বিশেষ কলাকাৰৰ ‘চমক’-এ ইলেক্ট্ৰনিক মাধ্যমত ব্যাপক প্ৰচাৰ পাইছে, তেতিয়া বন্ধন সুলকো সুলকো হোৱা অসমীয়া গঞা সংস্কৃতিত অসমীয়া ল’ৰা কেলেই সংপৃক্ত হৈ থাকিব?
ইতিমধ্যে লাড়ু-পিঠা পণ্যত পৰিণত হৈছেই; ঢেঁকীৰ নিনাদেৰে নাহি বিহু আজি-কালি অহা হৈছে প’লিথিনৰ পেকেটৰ পথেৰে। অলপতে খবৰ পাইছোঁ যে গুৱাহাটীৰ চান্দমাৰিত হেনো ৰেডি-মেইড্ মেজিও বিক্ৰীৰ বাবে ওলাইছে! অৰ্থাৎ সংস্কৃতিৰ ক্ষেত্ৰত আমি ‘স্ৰষ্টা’বা ‘নিৰ্মাতা’ৰ ভূমিকা এৰি কেৱল ‘উপভোক্তা’ হোৱাৰহে অনুশীলন কৰিছোঁ। আমি লাড়ু-পিঠা নবনাওঁ, খাওঁহে; মেজি নাসাজোঁ, জ্বলাওঁহে! কোৱা বাহুল্য যে সৃষ্টিৰ অনুশীলন বাদ দি কেৱল ভোগৰ জৰিয়তে কোনো জাতিয়ে তাৰ সংস্কৃতি ধৰি ৰাখিব নোৱাৰে, সমৃদ্ধ কৰাটোতো দূৰৈৰ কথা।
বিহু সংস্কৃতিৰ যি অৱশিষ্ট বাচি আছে তাক ৰক্ষা কৰিবলৈ আমি বদ্ধপৰিকৰ হ’মনে? আমি উপলব্ধি কৰিমনে যে সংস্কৃতিৰ হৃৎস্পন্দন হৈছে বিপুল জনতাৰ অংশগ্ৰহণ, বিশেষ শিল্পীৰ চমৎকাৰ কলাকৃতিয়ে তাক বচাই ৰাখিব নোৱাৰে?
লেখক ডুমডুমা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক
ইমেইল- [email protected]