• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মুকলি আকাশৰ তললৈ বিদ্ৰোহী ৰাজকুমাৰ মেগেন

মেগেনে স্বাধীন মণিপুৰৰ প্ৰশ্নত গণভোটৰ দাবী জনাই আহিছে। তেওঁ বৃটিশ্বৰ বিৰুদ্ধে যুঁজা প্ৰবাদপ্ৰতিম মণিপুৰী বীৰ টিকেন্দ্ৰজিতৰ প্ৰত্যক্ষ উত্তৰসূৰী।

এন ই নাও নিউজ by এন ই নাও নিউজ
November 10, 2019 5:11 pm
UNLF supremo Meghen releasedWhatsApp-Image-2019-11-10-at-12.07.58-PM-647x375

ৰাজকুমাৰ মেগেন।

5.8k
VIEWS
Share on FacebookShare on Twitter

মণিপুৰী বিদ্ৰোহী সংগঠন ইউনাইটেদ নেচনেল লিবাৰে’চন ফ্ৰণ্টৰ অধ্যক্ষ ৰাজকুমাৰ মেগেন ওৰফে চানা ইয়াইমাই জে’লৰ পৰা মুক্তি পাইছে, তেওঁৰ সৈতে ঘনিষ্ঠ এক সূত্ৰত প্ৰকাশ।

যোৱা ১০ বছৰে বন্দী হৈ থকা মেগেনক নিৰ্ধাৰিত মুক্তিৰ দিনতকৈ এদিন পূৰ্বে শনিবাৰে সন্ধিয়া প্ৰায় ৫:৩০ বজাত খুব গোপনে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুক্তি দিয়া হৈছে।

কাৰাগাৰৰ বিষয়াই নৰ্থইষ্ট নাওত এই কথা নিশ্চিত কৰিছে।

পৰিয়ালৰ সূত্ৰমতে, মেগেন সোমবাৰে ইম্ফালত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। আৰু তেওঁক অতি উমাল আদৰণি জনোৱা হ’ব— কিন্তু কোনে আদৰণি জনাব সেয়া স্পষ্ট নহয়।

তেওঁলোকে জনোৱামতে, তেওঁ কাংলা উতাৰা (কাংলা দুৰ্গ) দৰ্শন কৰি তাত পুষ্পাঞ্জলি তৰ্পণ কৰিব পাৰে।

মেগেনে কাৰাগাৰত তেওঁৰ যোগাত্মক অৱদানৰ বাবে শাস্তিম্যাদত কিছুমাহৰ ৰেহাই লাভ কৰিছিল।

গুৱাহাটী কাৰাগাৰৰ ভিতৰত আৱাসীসকলৰ বাবে পুথিভঁৰাল, এখন সংগীত বিদ্যালয় আৰু এক শিলৰ উদ্যান নিৰ্মাণত তেওঁ বৰঙনি আগবঢ়াইছিল।

মেগেন আলোচনাৰ মেজলৈ আহিলে “তেওঁৰ কাৰাৱাস  সন্দৰ্ভত কিবা এটা” কৰাৰ প্ৰস্তাৱ কোনো “অজ্ঞাত চৰকাৰী প্ৰতিনিধিয়ে” আগবঢ়াইছিল বুলি পূৰ্বে বাতৰি প্ৰকাশিত হৈছিল।

কিন্তু, বন্দিত্বৰ কালচোৱাত মেগেনে স্বাধীন মণিপুৰৰ দাবী পৰিহাৰ কৰা নাছিল আৰু বিষয়টোত তেওঁ গণভোটৰ দাবী জনাই আহিছে।

এন আই এই মেগেন আৰু তেওঁৰ ১৭জন সতীৰ্থৰ বিৰুদ্ধে ৪হাজাৰ পৃষ্ঠাৰ এক অতিৰিক্ত চাৰ্জশ্বীট দাখিল কৰিছিল।

কিন্তু আদালতে তেওঁলোকক “সন্ত্ৰাসবাদী কাৰ্য্যকলাপ”ত দোষী সাব্যস্ত কৰিবলৈ অস্বীকাৰ কৰিছিল।

“এইটো দেখা গৈছে যে অভিযুক্তকেইগৰাকীয়ে কোনো সন্ত্ৰাসবাদী কাৰ্য্যকলাপ কৰা বুলি আচলতে কোনো সিদ্ধান্তদায়ী প্ৰমাণ নাই,” এয়া আছিল ন্যায়াধীশৰ মন্তব্য।

ইউ এন এল এফ নেতাকেইজনক বেআইনী কাৰ্য্যকলাপ (প্ৰতিৰোধ) আইনৰ ১৬নং ধাৰাত দোষী সাব্যস্ত কৰিব নোৱাৰি বুলি আদালতে ৰায় দিছিল।

বিচাৰৰ শুনানিত মেগেনে তেওঁৰ যুঁজৰ ন্যায্যতা প্ৰতিপন্ন কৰাৰ চেষ্টা কৰিছিল।

“মই ভাৰতৰ পৰা পৃথক হ’বলৈ নহয়, বৃটিশ্ব আৰু তাৰ পিছত ভাৰতে কাঢ়ি অহা মণিপুৰৰ স্বাধীনতা পুনৰুদ্ধাৰৰ বাবেহে যুঁজিছো,” আদালতৰ বাহিৰত অপেক্ষাৰত সাংবাদিকক তেওঁ কৈছিল।

বহুকেইজন বিচাৰাধীন বন্দীয়ে বিভিন্ন কাৰণত জামিন বিচাৰিছিল যদিও মেগেনে জামিনৰ আবেদন কৰা নাছিল আৰু গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰতে বন্দী আছিল।

এন আই এই মেগেনৰ যাৱজ্জীৱন কাৰাদণ্ড বিচাৰিছিল যদিও আদালতে তেওঁক ২০১৬ চনত ১০ বছৰৰ কাৰাদণ্ড বিহিছিল।

একেটা গোচৰতে আন ১৭গৰাকী ইউ এন এল এফ বিদ্ৰোহীকো সাতৰ পৰা দহ বছৰৰ কাৰাদণ্ড বিহা হৈছিল।

বাকীকেইজন আছিল— টি হেৰ’জিত, অ’ চমৰজিত, ডব্লিউ নৰেন, এম চৰত, এচ গুনে, বেম্বেম চানু, লান্ধনি দেৱি, অ’ ম’নিটন, এন দিলীপ, এল জাতিচ’ৰ, এম জয়, এন বমি, ৱাই ব্ৰজবিধু আৰু এ ইবমচা।

এন আই এই ভাৰতীয় দণ্ড বিধিৰ ১২০বি, ১২১, ১২১ (এ) আৰু ১২২ ধাৰাত তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল।

ভাৰতীয় সংস্থাসমূহে তেওঁক বিহাৰৰ ম’তিহাৰীত ২০১০ চনৰ ডিচেম্বৰত গ্ৰেপ্তাৰ কৰা বুলি কৈছিল যদিও, মেগেন বাংলাদেশত বন্দী হোৱা বুলি বাতৰি প্ৰকাশ পাইছিল।

বাতৰিমতে, তেওঁ ২০১০ চনৰ চেপ্তেম্বৰত বাংলাদেশী চোৰাংচোৱাৰ হাতত বাংলাদেশত গ্ৰেপ্তাৰ হৈছিল।

মেগেন বৃটিশ্বৰ বিৰুদ্ধে যুঁজা প্ৰবাদপ্ৰতিম মণিপুৰী বীৰ টিকেন্দ্ৰজিতৰ প্ৰত্যক্ষ উত্তৰসূৰী। টিকেন্দ্ৰজিতক পিছত বৃটিশ্বে ফাঁচি দিছিল।

ইউ এন এল এফ গঠন হৈছিল ১৯৬৪ চনৰ ২৪ নৱেম্বৰত। তেওঁলোকৰ লক্ষ্য মণিপুৰৰ স্বাধীনতা।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd