• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুকলি আকাশৰ তললৈ বিদ্ৰোহী ৰাজকুমাৰ মেগেন

মেগেনে স্বাধীন মণিপুৰৰ প্ৰশ্নত গণভোটৰ দাবী জনাই আহিছে। তেওঁ বৃটিশ্বৰ বিৰুদ্ধে যুঁজা প্ৰবাদপ্ৰতিম মণিপুৰী বীৰ টিকেন্দ্ৰজিতৰ প্ৰত্যক্ষ উত্তৰসূৰী।

এন ই নাও নিউজ by এন ই নাও নিউজ
November 10, 2019 5:11 pm
UNLF supremo Meghen releasedWhatsApp-Image-2019-11-10-at-12.07.58-PM-647x375

ৰাজকুমাৰ মেগেন।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰী বিদ্ৰোহী সংগঠন ইউনাইটেদ নেচনেল লিবাৰে’চন ফ্ৰণ্টৰ অধ্যক্ষ ৰাজকুমাৰ মেগেন ওৰফে চানা ইয়াইমাই জে’লৰ পৰা মুক্তি পাইছে, তেওঁৰ সৈতে ঘনিষ্ঠ এক সূত্ৰত প্ৰকাশ।

যোৱা ১০ বছৰে বন্দী হৈ থকা মেগেনক নিৰ্ধাৰিত মুক্তিৰ দিনতকৈ এদিন পূৰ্বে শনিবাৰে সন্ধিয়া প্ৰায় ৫:৩০ বজাত খুব গোপনে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুক্তি দিয়া হৈছে।

Apply Now

কাৰাগাৰৰ বিষয়াই নৰ্থইষ্ট নাওত এই কথা নিশ্চিত কৰিছে।

পৰিয়ালৰ সূত্ৰমতে, মেগেন সোমবাৰে ইম্ফালত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। আৰু তেওঁক অতি উমাল আদৰণি জনোৱা হ’ব— কিন্তু কোনে আদৰণি জনাব সেয়া স্পষ্ট নহয়।

তেওঁলোকে জনোৱামতে, তেওঁ কাংলা উতাৰা (কাংলা দুৰ্গ) দৰ্শন কৰি তাত পুষ্পাঞ্জলি তৰ্পণ কৰিব পাৰে।

মেগেনে কাৰাগাৰত তেওঁৰ যোগাত্মক অৱদানৰ বাবে শাস্তিম্যাদত কিছুমাহৰ ৰেহাই লাভ কৰিছিল।

গুৱাহাটী কাৰাগাৰৰ ভিতৰত আৱাসীসকলৰ বাবে পুথিভঁৰাল, এখন সংগীত বিদ্যালয় আৰু এক শিলৰ উদ্যান নিৰ্মাণত তেওঁ বৰঙনি আগবঢ়াইছিল।

মেগেন আলোচনাৰ মেজলৈ আহিলে “তেওঁৰ কাৰাৱাস  সন্দৰ্ভত কিবা এটা” কৰাৰ প্ৰস্তাৱ কোনো “অজ্ঞাত চৰকাৰী প্ৰতিনিধিয়ে” আগবঢ়াইছিল বুলি পূৰ্বে বাতৰি প্ৰকাশিত হৈছিল।

কিন্তু, বন্দিত্বৰ কালচোৱাত মেগেনে স্বাধীন মণিপুৰৰ দাবী পৰিহাৰ কৰা নাছিল আৰু বিষয়টোত তেওঁ গণভোটৰ দাবী জনাই আহিছে।

এন আই এই মেগেন আৰু তেওঁৰ ১৭জন সতীৰ্থৰ বিৰুদ্ধে ৪হাজাৰ পৃষ্ঠাৰ এক অতিৰিক্ত চাৰ্জশ্বীট দাখিল কৰিছিল।

কিন্তু আদালতে তেওঁলোকক “সন্ত্ৰাসবাদী কাৰ্য্যকলাপ”ত দোষী সাব্যস্ত কৰিবলৈ অস্বীকাৰ কৰিছিল।

“এইটো দেখা গৈছে যে অভিযুক্তকেইগৰাকীয়ে কোনো সন্ত্ৰাসবাদী কাৰ্য্যকলাপ কৰা বুলি আচলতে কোনো সিদ্ধান্তদায়ী প্ৰমাণ নাই,” এয়া আছিল ন্যায়াধীশৰ মন্তব্য।

ইউ এন এল এফ নেতাকেইজনক বেআইনী কাৰ্য্যকলাপ (প্ৰতিৰোধ) আইনৰ ১৬নং ধাৰাত দোষী সাব্যস্ত কৰিব নোৱাৰি বুলি আদালতে ৰায় দিছিল।

বিচাৰৰ শুনানিত মেগেনে তেওঁৰ যুঁজৰ ন্যায্যতা প্ৰতিপন্ন কৰাৰ চেষ্টা কৰিছিল।

“মই ভাৰতৰ পৰা পৃথক হ’বলৈ নহয়, বৃটিশ্ব আৰু তাৰ পিছত ভাৰতে কাঢ়ি অহা মণিপুৰৰ স্বাধীনতা পুনৰুদ্ধাৰৰ বাবেহে যুঁজিছো,” আদালতৰ বাহিৰত অপেক্ষাৰত সাংবাদিকক তেওঁ কৈছিল।

বহুকেইজন বিচাৰাধীন বন্দীয়ে বিভিন্ন কাৰণত জামিন বিচাৰিছিল যদিও মেগেনে জামিনৰ আবেদন কৰা নাছিল আৰু গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰতে বন্দী আছিল।

এন আই এই মেগেনৰ যাৱজ্জীৱন কাৰাদণ্ড বিচাৰিছিল যদিও আদালতে তেওঁক ২০১৬ চনত ১০ বছৰৰ কাৰাদণ্ড বিহিছিল।

একেটা গোচৰতে আন ১৭গৰাকী ইউ এন এল এফ বিদ্ৰোহীকো সাতৰ পৰা দহ বছৰৰ কাৰাদণ্ড বিহা হৈছিল।

বাকীকেইজন আছিল— টি হেৰ’জিত, অ’ চমৰজিত, ডব্লিউ নৰেন, এম চৰত, এচ গুনে, বেম্বেম চানু, লান্ধনি দেৱি, অ’ ম’নিটন, এন দিলীপ, এল জাতিচ’ৰ, এম জয়, এন বমি, ৱাই ব্ৰজবিধু আৰু এ ইবমচা।

এন আই এই ভাৰতীয় দণ্ড বিধিৰ ১২০বি, ১২১, ১২১ (এ) আৰু ১২২ ধাৰাত তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল।

ভাৰতীয় সংস্থাসমূহে তেওঁক বিহাৰৰ ম’তিহাৰীত ২০১০ চনৰ ডিচেম্বৰত গ্ৰেপ্তাৰ কৰা বুলি কৈছিল যদিও, মেগেন বাংলাদেশত বন্দী হোৱা বুলি বাতৰি প্ৰকাশ পাইছিল।

বাতৰিমতে, তেওঁ ২০১০ চনৰ চেপ্তেম্বৰত বাংলাদেশী চোৰাংচোৱাৰ হাতত বাংলাদেশত গ্ৰেপ্তাৰ হৈছিল।

মেগেন বৃটিশ্বৰ বিৰুদ্ধে যুঁজা প্ৰবাদপ্ৰতিম মণিপুৰী বীৰ টিকেন্দ্ৰজিতৰ প্ৰত্যক্ষ উত্তৰসূৰী। টিকেন্দ্ৰজিতক পিছত বৃটিশ্বে ফাঁচি দিছিল।

ইউ এন এল এফ গঠন হৈছিল ১৯৬৪ চনৰ ২৪ নৱেম্বৰত। তেওঁলোকৰ লক্ষ্য মণিপুৰৰ স্বাধীনতা।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

September 17, 2026 5:07 pm
৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

September 17, 2026 3:50 pm
ডকাইটি কেচত ফচিল অসম আৰক্ষী : দুজনক গ্ৰেপ্তাৰ, এজন পলাতক

ডকাইটি কেচত ফচিল অসম আৰক্ষী : দুজনক গ্ৰেপ্তাৰ, এজন পলাতক

September 17, 2026 3:19 pm
ইটানগৰত সুৰাপায়ীৰ সন্ত্ৰাস! ছাত্ৰ-ছাত্ৰীক বচাবলৈ গৈ আক্ৰমণৰ বলি ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত পৰিচালক ডমিনিক চাংমা

ইটানগৰত সুৰাপায়ীৰ সন্ত্ৰাস! ছাত্ৰ-ছাত্ৰীক বচাবলৈ গৈ আক্ৰমণৰ বলি ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত পৰিচালক ডমিনিক চাংমা

September 17, 2026 3:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

September 17, 2026 5:07 pm
৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

September 17, 2026 3:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd