পদাৰ্থ বিজ্ঞানত আলোক-বৈদ্যুতিক প্ৰভাৱ (photoelectric effect) বুলি এটা পৰিঘটনা আছে। মহান বিজ্ঞানী আইনষ্টাইনে এই পৰিঘটনাৰ ব্যাখ্যা কৰি নোবেল বঁটা লাভ কৰিছিল। কোনো ধাতুত পোহৰ পৰিলে ইলেক্ট্ৰন নিৰ্গমন, মানে বিদ্যুৎ প্ৰবাহিত হয়। কিন্তু এই পোহৰৰ কম্পনাংক (frequency) এক ন্যূনতম মান(threshold)তকৈ কম হ’লে অধিক প্ৰাবল্য (intensity)ৰ পোহৰ পৰিলেও বিদ্যুৎ প্ৰবাহিত নহয়। নিৰ্দিষ্ট ধাতুৰ বাবে এই ন্যূনতম কম্পনাংকৰ মান নিৰ্দিষ্ট। সহজ ভাষাত ক’বলৈ হ’লে, ধৰক X ধাতুৰ বাবে এই কম্পনাংকৰ মান ১০০ হাৰ্টজ(Hertz) । হাৰ্টজ কম্পনাংকৰ একক। গতিকে ১০০ হাৰ্টজকৈ বেছি কম্পনাংকৰ পোহৰেহে এই ধাতুপৃষ্ঠৰ পৰা ইলেক্ট্ৰন বাহিৰ কৰিব পাৰিব। আপুনি ৯৯ হাৰ্টজ কম্পনাংকৰ পোহৰ বহু সময় ধৰি ধাতুপৃষ্ঠত যোগান ধৰিলেও X ধাতুৰ পৰা বিদ্যুৎ প্ৰবাহিত নহয়। আপুনি পোহৰৰ প্ৰাবল্য যিমান বৃদ্ধি কৰিলেও যদি এই পোহৰৰ কম্পনাংক ১০০ হাৰ্টজতকৈ বেছি নহয় তেন্তে X ধাতুপৃষ্ঠৰ পৰা ইলেক্ট্ৰন নিৰ্গমন নহয়। আলোকবৈদ্যুতিক প্ৰভাৱৰ বাবে সেয়েহে পোহৰৰ প্ৰাবল্যতকৈ কম্পনাংকহে গুৰুত্বপূৰ্ণ। সাধাৰণতে বিজ্ঞানৰ পৰিঘটনা বা সূত্ৰসমূহ চিধাচিধি সমাজ বিজ্ঞানত সূত্ৰায়িত কৰিব নোৱাৰি। তথাপি অসমৰ কা-বিৰোধী আন্দোলনখনক চালি-জাৰি চাই থাকোতে আলোক-বৈদ্যুতিক প্ৰভাৱৰ কথা আমাৰ মনলৈ আহিল। অসমৰ সাম্প্ৰতিক কা-বিৰোধী আন্দোলনখনৰ তৰংগৰ কম্পনাংক যেন চৰকাৰৰ ভেটি কঁপাব পৰাকৈ যথেষ্ট হোৱা নাই। ই এতিয়াও প্ৰতীকী আন্দোলনৰ ৰূপতে আছে।
সেয়ে ইয়াৰ “আৱাজ” কম নহ’লেও শক্তি যথেষ্ট কম। উল্লেখ্য যে যোৱা ডিচেম্বৰ মাহত “কেব” গৈ “কা” হোৱাৰ লগে লগেই কটন আৰু অন্যান্য মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ ছাত্ৰ-সমাজে আৰম্ভ কৰা আন্দোলনখনৰ তীব্ৰতা আৰু কম্পনাংক আজিৰ আন্দোলনতকৈ বহুত বেছি আছিল, যিয়ে চৰকাৰক ভীতিগ্ৰস্ত কৰি তুলিছিল। সেই আন্দোলন সচাঁ অৰ্থত এক গণ অভ্যুত্থান আছিল। কিন্তু বিজেপি চৰকাৰৰ কূটিল চক্ৰান্তত অখিল গগৈ প্ৰমুখ্যে কৃষক মুক্তিৰ কেইবাজনো আগশাৰীৰ নেতাক “নিয়া”ই গ্ৰেপ্তাৰ কৰা আৰু “কা”-বিৰোধী আন্দোলনৰ নেতৃত্ব অসমৰ ছাত্ৰসমাজৰ হাতৰ পৰা লাহে লাহে আছুৰ হাতলৈ যোৱাৰ পাছত এই আন্দোলন গৈ একো একোখন গতানুগতিক প্ৰতিবাদী সভাতহে পৰিণত হ’ল য’ত কোলাহল অধিক, মুখচুপতি মাত্ৰাধিক, কিন্তু impact নগণ্য। কিয় এনে হ’ল? কিয় এনেকুৱা কৰা হ’ল? ইয়াৰ উত্তৰ কাৰ ওচৰত পাম? আইনষ্টাইন জীয়াই থকা হ’লে তেখেতক সুধিলোঁহেঁতেন!
বিগত কিছু দিনত “সমুজ্জ্বল-লুৰিণজ্যোতি বনাম হিমন্ত-সৰ্বানন্দৰ বাকযুদ্ধ”ই আকৰ্ষণীয় ৰূপ পালে, আমি এই বাকযুদ্ধৰ ৰং চাই থাকোতে বহু কথাই পাহৰি গ’লো। পাঁচজনকৈ অসমৰ ডেকাক চৰকাৰে যে হত্যা কৰিছিল তাৰ ন্যায় বিচৰাৰ কথা, অখিল আৰু আন আন “কা”-বিৰোধী নেতাক অন্যায়ভাৱে আটক কৰা চৰকাৰৰ দুঃসাহসক প্ৰত্যহ্বান জনোৱাৰ কথা, যি কোনো শক্তিৰ বিনিময়ত “কা”ক উঠাই ল’বলৈ চৰকাৰক বাধ্য কৰোৱাৰ কথা আমি নিজে গম নোপোৱাকৈয়ে যেন পাহৰি গৈছোঁ। আমাক কি কোনো শক্তিয়ে এই কথাবোৰ পাহৰি যোৱাটো বিচাৰিছে? বিজেপি চৰকাৰে নিঃসন্দেহে বিচাৰিব, কিন্তু আন্দোলনত ভাগ লোৱা কোনো শক্তিয়েও বিচাৰিছে নেকি?
অসমৰ একাংশ সচেতন নাগৰিকে আছুৰ কোলাহলসৰ্বস্ব অথচ দুৰ্বল আন্দোলনটোক লৈ ইতিমধ্যে উদ্বেগ প্ৰকাশ
কৰিছে। অখিল গগৈয়ে বাৰম্বাৰ আছুৰ লগত লগ হৈ ঐক্যবদ্ধ সংগ্ৰাম কৰাৰ প্ৰস্তাৱ দিয়াৰ পাছতো আছু নেতৃত্বই তিলমানো আগ্ৰহ প্ৰকাশ নকৰিলে কিয়? আছুৰ আন্দোলনত অখিল গগৈৰ মুক্তিৰ বাবে কোনো আন্তৰিক আৰু চিৰিয়াছ আবেদন নাই কিয়? আছুৱে বিশ্ববিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰসমাজৰ হাতৰ পৰা অতি কৌশলেৰে আন্দোলনৰ নেতৃত্ব আজুৰি লোৱাৰ পাছত কিয় ই প্ৰকৃত গণ আন্দোলনৰ চৰিত্ৰ হেৰুৱাই পেলালে? এয়া কি আছু নেতৃত্বৰ অপৰিপক্কতা নে কোনো ভিতৰুৱা হিচাপ-নিকাচৰ ফল? “কা”- বিৰোধী আন্দোলনত পুলিচৰ হাতত গুলী খাই গুৰুতৰভাৱে আহত হোৱা দেশপ্ৰেমিক যুৱকৰ খবৰ ল’বলৈ সময় নাই কিয়? অৰ্থৰ অভাৱত বোধহয় উন্নত মানৰ চিকিৎসা নাপাই মৃত্যুৰ সৈতে যুঁজি থকা দুৰ্ভগীয়া জাতিপ্ৰেমী যুৱকৰ প্ৰতি আছু নেতৃত্বৰ দায়িত্ব আৰু অনুকম্পা নাই নেকি? প্ৰশ্ন বহুত, উত্তৰবোৰহে নিৰুত্তৰ!
আমি আজিও বিশ্বাস কৰোঁ যে আছুৰ গৰিষ্ঠসংখ্যক সদস্য বিশুদ্ধ অসমপ্ৰেমী। কিন্তু আছুৰ নেতৃত্বই যেন ক’ৰবাত এই অসমপ্ৰেমৰ লগত আপোচ কৰিছে! আছুৰ দৰে প্ৰবল গণভিত্তি থকা শক্তিশালী সংগঠন এটাই চৰকাৰৰ ভেটি কঁপাব পৰাকৈ আন্দোলন এখন চলাব নোৱৰাটো আমি সহজভাৱে ল’ব পৰা নাই। আছুৰ শীৰ্ষ নেতৃত্ব চৰকাৰৰ কোপদৃষ্টিৰ পৰা দূৰত থকাৰ পাছতো কিয় আছুৰ আন্দোলনখন নিজৰ বংশ মৰ্যদাক লৈ সচেতন হৈ থকা বীৰ্যহীন পুৰুষৰ বংশবৃদ্ধিৰ নিষ্ফল আখৰা যেন হৈ পৰিছে আমি বুজিব খুজিছোঁ। আমি আৰু বুজিব খুজিছোঁ কিয় বিজেপি চৰকাৰে কেৱল কৃষক মুক্তিৰ ওপৰতহে দমন চলাইছে, কিয় আই আই টি গুৱাহাটীৰ অধ্যাপক, ইতিহাসবিদ অৰূপজ্যোতি শইকীয়াক “নিয়া”ই জেৰা কৰিছে? নদীবান্ধ বিৰোধী আন্দোলনত আছুই কেনেকুৱা কৌশলেৰে নিজৰ স্থিতি ঢিলাই দিছিল অসমৰ মানুহে হয়তো পাহৰা নাই। “কা”-বিৰোধী আন্দোলনতো সেই একেই কৌশল অৱলম্বন কৰি চৰকাৰক পৰোক্ষভাৱে সহায় কৰিব খুজিছে নেকি? আছু অসমৰ মৰমৰ সংগঠন হয় ঠিকেই, কিন্তু আছুৰ নেতৃত্বই যিকোনো মুহূৰ্তত উৰা মাৰি অসমবিৰোধী চৰকাৰৰ লগত প্ৰেমৰ সম্পৰ্ক স্থাপন কৰিব পাৰে! অসমৰ বৰ্তমান চৰকাৰখন প্ৰাক্তন আছুৰ সদস্যৰে ঠাহ খাই থকাটোৱে সেই সম্ভাৱনাৰ সাক্ষী নহয় নে? আছুই নিজৰ সৰ্বশক্তিৰে অসমবিৰোধী চৰকাৰৰ প্ৰতিটো অন্যায়ৰ বিৰুদ্ধে যুঁজিব নোৱাৰাটো অসমৰ বাবে দুৰ্ভাগ্যৰ কথা। আমি এই দুৰ্ভাগ্যৰ অংশীদাৰ হ’ব নোখোজোঁ।
অনাগত দিনত বিজেপি চৰকাৰৰ বিৰুদ্ধে আছুৰ স্থিতি আৰু ৰণকৌশল লক্ষণীয় হ’ব। আছুৰ বিকল্প দল গঠনৰ পোষকতাই “কা”-বিৰোধী সংগ্ৰামখনক লক্ষ্যহীন কৰি তুলিলে নেকি? নে সংগ্ৰামখনক লক্ষ্যহীন কৰিবলৈ ৰাজনৈতিক দল গঠনৰ কথা ততালিকে প্ৰচাৰ কৰা হ’ল?
পৰিশেষত, যোগাসন স্বাস্থ্যৰ বাবে উপকাৰী। সেয়ে নিতৌ যোগাভ্যাস কৰিব লাগে। কিন্তু আপুনি যদি চিৰিয়াছলি অসুস্থ হৈ পৰে তেন্তে চিকিৎসকৰ ওচৰ চাপিব নে যোগাসানত ব্যস্ত থাকিব? টিউমাৰে আপোনাক নৰক-যাতনা দিলে ধ্যান-যোগ কৰিব নে অস্ত্ৰোপচাৰ কৰাব? আপুনি নিশ্চয় জানে যে “যোগগুৰু” ৰামদেৱেও বেমাৰ হ’লে চিকিৎসালয়ত ভৰ্তি হয়। “কা” অসমৰ বাবে বিপজ্জনক ব্যাধি। নিয়মিত প্ৰতীকী আন্দোলন কৰি ইয়াৰ চিকিৎসা কৰিব নোৱাৰি। অসমৰ মানুহে ইয়াৰ বাবে উপযুক্ত চিকিৎসাৰ চলাথ কৰিব লাগিব। কেৱল নাচ-গান-ভাষণে আপোনপাহৰা কৰি তোলা গতানুগতিক সংগ্ৰামত নহয়, এক আপোচহীন গণ অভ্যুত্থানতহে অসমৰ ৰাইজে ইয়াৰ মহৌষধ বিচাৰি পাব।