কৰ’নাৰ মাজতে নিপা ভাইৰাছৰ নতুন আতংক; কেৰেলাত আক্ৰান্ত ১২ বছৰীয়া কিশোৰৰ মৃত্যু

Nipah Virus found

প্ৰতিনিধিত্বমূলক ফাইল ফটো।

কৰ’নাৰ তৃতীয় ঢৌৰ আশংকা চলি থকাৰ মাজতে কেৰেলাত এইবাৰ নতুন আতংকৰ ৰূপত আৱিৰ্ভাৱ হৈছে নিপা ভাইৰাছ।

ৰাজ্যখনত এজন ১২ বছৰীয়া কিশোৰৰ এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু ঘটিছে। কিশোৰজনৰ সংস্পৰ্শত অহা সকলোকে আইছ’লেশ্যনত ৰখা হৈছে।

যোৱা ৩ ছেপ্টেম্বৰৰ পৰা কোঝিকোডৰ বাসিন্দা কিশোৰজনৰ দেহত বিভিন্ন উপসৰ্গ দেখা দিবলৈ আৰম্ভ কৰিছিল।

চিকিৎসকৰ পৰামৰ্শ মতে পৰীক্ষা-নিৰীক্ষা কৰাৰ পাছক তেওঁৰ নমুনা সংগ্ৰহ কৰি পুনেৰ লেবৰটৰীলৈ প্ৰেৰণ কৰা হৈছিল। তাত এই কিশোৰ নিপা ভাইৰাছত আক্ৰান্ত হোৱা বুলি জনোৱা হয়।

কিশোৰজনক প্ৰথমতে এখন বেচৰকাৰী হাস্পাতালত ভৰ্তি কৰাৰ পাছত এখন মেডিকেল কলেজলৈ স্থানান্তৰিত কৰা হয়। তাতো স্বাস্থ্য উন্নতি নোহোৱাত আন এখন বেচৰকাৰী হাস্পাতালত ভৰ্তি কৰোৱা হয় যদিও তাতো কোনো আৰোগ্য লাভ নহ’ল আৰু দেওবাৰে কিশোৰজনৰ মৃত্যু হয়।

কেৰেলাত বৰ্তমান কৰ’না পৰিস্থিতি অত্যন্ত উদ্বেগজনক হৈ দেখা দিছে। তাৰ মাজতে নিপা ভাইৰাছৰ আৱিৰ্ভাৱে অধিক আতংকৰ সৃষ্টি কৰিছে।

অৱশ্যে, এতিয়ালৈ আন কাৰোবাৰ দেহত এই ভাইৰাছৰ অৱস্থিতি ধৰা পৰা নাই। ৰাজ্যখনৰ স্বাস্থ্য বিভাগে ইতিমধ্যে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে।

বিশেষজ্ঞসকলে জানিবলৈ দিয়া মতে বাদুলীৰ জৰিয়তে নিপা ভাইৰাছৰ সংক্ৰমণ ঘটে। ইয়াৰ লক্ষণসমূহো জ্বৰ কাহ, মূৰৰ বিষ, ডিঙিৰ বিষ, বমি, উশাহ লোৱৰ সমস্যা আদি। সঠিক সময়ত ৰোগ ধৰা নপৰিলে বা চিকিৎসা নাপালে ৰোগীৰ মৃত্যুৰ আশংকা থাকি যায়।

উল্লেখ্য যে ২০১৮ত প্ৰথম কেৰেলাৰ কোঝিকোডত নিপা ভাইৰাছৰ আক্ৰান্তৰ খৱৰ পোৱা গৈছিল। সেই বৰ্ষত ১৭জন লোকৰ মৃত্যু ঘটিছিল।