ক্লাছ চলি আছিল। শ্ৰেণীত শিক্ষকে পঢ়াই আছিল। হঠাতে ছাত্ৰীগৰাকীৰ কাষতে বহি থকা সহপাঠীগৰাকীৰ কান্ধত পৰিল। পাছৰ মুহূৰ্তত তেওঁ চেতনা হেৰুৱাই মাটিত পৰিল। ১৪ বছৰীয়া ছাত্ৰীগৰাকীক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱাৰ সময়ত চিকিৎসকে মৃত ঘোষণা কৰে।অৱশ্যে তেওঁৰ মৃত্যু কেনেকৈ হ’ল সেয়া স্পষ্ট নহয়।
তামিলনাডুৰ ৰানিপেট জিলাত সংঘটিত হৈছে এই ঘটনা। মৃত অদভিতা চেন্নাই-বেংগালুৰু ঘাইপথৰ কাষৰ ব্যক্তিগত বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী। সচৰাচৰ যোৱাৰ দৰে বুধবাৰে পুৱা তেওঁ স্কুললৈ গৈছিল। ৰাতিপুৱা ১১:৩০ মান বজাত ক্লাছৰ সময়ত অদভিতা হঠাৎ অজ্ঞান হৈ পৰে। ততাতৈয়াকৈ তেওঁক স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। কিন্তু চিকিৎসকে পৰীক্ষা কৰি মৃত বুলি ঘোষণা কৰে।
মৃত ছাত্ৰীগৰাকীৰ পিতৃ ভেল্লোৰ চৰকাৰী চিকিৎসালয়ৰ চিকিৎসক। আৰক্ষীৰ তদন্তত অদভিতা হৃদৰোগত আক্ৰান্ত বুলি জানিব পৰা গৈছে।অৱশ্যে হৃদৰোগত তেওঁৰ মৃত্যু হৈছে নে নাই সেই বিষয়ে তদন্ত চলি আছে। কাবেৰীপকম আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। একে সময়তে তদন্তকাৰীয়ে শ্ৰেণীকোঠা আৰু বিদ্যালয়খনৰ চিচিটিভি ফুটেজ সংগ্ৰহ কৰে। কোনো অস্বাভাৱিক ঘটনা সংঘটিত হৈছে নে নাই সেয়াও চোৱা হৈছে। অৱশ্যে আৰক্ষীৰ সূত্ৰৰ মতে, এতিয়ালৈকে ফুটেজ পৰ্যালোচনা কৰি তেনে কোনো কথা লক্ষ্য কৰা হোৱা নাই।