NORTHEAST NOW (Assamese)

গণ আক্ৰমণ : চুৰি কৰাৰ সন্দেহত বিহাৰত ১৬ বছৰীয়া কিশোৰক মৰিয়াই মৰিয়াই হত্যা

November 5, 2024 7:05 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

বিহাৰত পুনৰ সংঘটিত হৈছে গাৰ নোম শিয়ৰাই তোলা গণ আক্ৰমণৰ ঘটনা। বিহাৰত চুৰি কৰাৰ সন্দেহত এটি ১৬ বছৰীয়া কিশোৰক মৰিয়াই মৰিয়াই হত্যা কৰাৰ খবৰ পোহৰলৈ আহিছে।

জানিব পৰা মতে, কিশোৰগৰাকীক মাৰপিট কৰাৰ পিছত তেওঁৰ ডিঙি শুকাই গৈছিল। তেওঁ পানী বিচাৰিছিল যদিও কোনেও পানী পানী নিদিলে।

এই ঘটনাত এতিয়ালৈকে আৰক্ষীয়ে চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে। বাকী এজনৰ সন্ধান অব্যাহত থকা বুলি জানিব পৰা গৈছে।

বিহাৰৰ ভোজপুৰ জিলাৰ বৰাকাগাঁৱত সংঘটিত হৈছে এই ঘটনা। অভিযোগ অনুসৰি শুকুৰবাৰে পুৱা প্ৰায় ৩ বজাত স্থানীয় এখন গেলামালৰ দোকানৰ পৰা চুৰি কৰিবলৈ চেষ্টা কৰিছিল কিশোৰটিয়ে। দোকানৰ মালিককে ধৰি আন চাৰিজনে কিশোৰজনক দোকানৰ সমুখেৰে খোজকাঢ়ি যোৱা দেখিছিল।

অভিযোগ অনুসৰি, ইয়াৰ পিছতে স্থানীয় লোকে তেওঁক বিদ্যুতৰ খুঁটাত বান্ধি প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে। ৰাতিৰ আন্ধাৰত কিশোৰজনে দোকান ভাঙিবলৈ চেষ্টা কৰা বুলি দাবী কৰে দোকানখনৰ মালিকে।

মৃতকৰ ভাতৃয়ে আৰক্ষীক জনোৱা মতে কিশোৰটিক পাঁচজন লোকে হত্যা কৰিছিল। আৰক্ষীয়ে আহি কিশোৰজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যায় আৰু চিকিৎসকে তেওঁক মৃত বুলি বুলি ঘোষণা কৰে।

ইয়াৰ পিছতে আৰক্ষীয়ে তদন্তৰ অন্তত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰে। ইয়াৰ ভিতৰত আছে গেলামালৰ দোকানৰ মালিক প্ৰকাশ শৰ্মা। গ্ৰেপ্তাৰ কৰা আন কেইজন হৈছে অভিষেক শৰ্মা, দীপক শৰ্মা আৰু ছোতু শৰ্মা। তেওঁলোকৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ সংশ্লিষ্ট ধাৰাত গোচৰ ৰুজু কৰা হৈছে। অৱশ্যে এজন অভিযুক্তক বিচাৰি এতিয়ালৈকে কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী।

Related News