বজালীৰ গোবিন্দপুৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা l এই ঘটনাত এগৰাকী ২৪ বছৰীয়া যুবক মৰেল পুলিচৰ আক্ৰমণত নিহত হৈছে l
এটা দুৰ্ঘটনাক কেন্দ্ৰ কৰি ১৬ জানুৱাৰীৰ নিশা ঘটনাৰ সূত্ৰপাত ঘটিছিলl বিহুৰ নিশা ধুনি (জুই)পুৱাই বিপুল দাসে ঘৰলৈ গৈ থাকোতে সংঘটিত হৈছিল দুৰ্ঘটনাটো।
বিপুল দাস নামৰ পথাচাৰীজনক দুৰ্ঘটনা মৰ্মে এখন দুচকীয়া বাহনে খুন্দিয়াইছিল lপৰিনতিত বিপুল দাস নামৰ যুবকজন গুৰুতৰভাৱে আহত হৈ এতিয়া গুৱাহাটী GNRC ত জীৱন-মৃত্যুৰ সতে যুঁজ দিছে l
ইয়াৰ পিছতে ঘটনাস্থলীত আহত হৈ পৰি আছিল কুমাৰ পাৰাৰ ধ্ৰুব চৌধুৰী নামৰ বাইক আৰোহী যুবকজন l কিন্তু দুৰ্ঘটনা নে কাৰোবাৰ আক্ৰমণত যুবকজন তেনেদৰে পৰি আছিল সেই তথ্য পোহৰলৈ অহা নাই l ইতিমধ্যে গুৱাহাটীত চিকিৎসাধীন ধ্ৰুব চৌধুৰী নামৰ যুবকজনৰ মৃত্যু হৈছে l
যুবকজনৰ শৰীৰত থকা বিভিন্ন আঘাত দেখি সেয়া আক্ৰমণৰ পৰিণতি বুলি চৰ্চা হৈছে l যুবকজনৰ পৰিয়ালে ইতিমধ্যে এই ঘটনাক হত্যা আখ্যা দি পাটাছাৰকুছি থানাত দাখিল কৰিছে গোচৰ l এজাহাৰত ম’ৰেল পুলিচ ৰূপী দুজন যুবকৰ নাম উল্লেখ কৰিছে l স্বাভাৱিকতে উক্ত ঘটনাই বৃহত্তৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে l
আনহাতে, এজন মৰেল পুলিচৰূপী যুবকে ধ্ৰুব চৌধুৰীক আক্ৰমণ কৰি গৈ সেই কথা নিজৰ পত্নীৰ আগত বৰ্ণনা কৰিছিল। এই কথা শুনা ব্যক্তিজনে ৰাজহুৱা স্থানত সেই কথা কৈ থকা ক্ষণ ইতিমধ্যে মোবাইলৰ কেমেৰাত বন্দী হৈছে।
এতিয়া সকলোৱে আৰক্ষীৰ তদন্তই সত্য উদঘাটন কৰাৰ অপেক্ষাত ৰৈ আছে l