দুম্বুৰ জলবিদ্যুৎ প্ৰকল্পত চেল্ফী উঠিবলৈ গৈ যুৱকৰ সলিল সমাধি

Lake-Dumbur

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ, উৎস-ইণ্টাৰনেট

ত্ৰিপুৰাৰ গোমতী জিলাৰ দুম্বুৰ জলবিদ্যুৎ প্ৰকল্পত শুকুৰবাৰে চেল্ফী উঠিবলৈ গৈ ৰাজেশ আগৰৱালা(২৮) নামৰ এজন যুৱকে প্ৰাণ হেৰুৱাবলগীয়া হোৱা ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যই বিৰাজ কৰিছে।

আৰক্ষীয়ে জনোৱা মতে, দুৰ্ভগীয়া আগৰৱালাই নতুন বজাৰ অঞ্চলৰ এজন সম্পৰ্কীয়ৰ ঘৰলৈ ফুৰিবলৈ যোৱাৰ সময়তে দুৰ্ঘটনাটো সংঘটিত হয়।

ৰাজেশ আগৰৱালাই ৰুপক দাস নামৰ ভতিজাক এজনৰ লগত দুম্বুৰ জলবিদ্যুৎ প্ৰকল্প চাবলৈ গৈ ফটো উঠিবলৈ লোৱাৰ সময়তে তললৈ পৰি যায়।

‘‘ৰাজেশ আৰু ভতিজাকে জলবিদ্যুৎ প্ৰকল্পটো চাবলৈ গৈ এঢলীয়া ঠাইত চেল্ফী উঠিবলৈ লয় আৰু চেল্ফী উঠি থকাৰ সময়তে ৰাজেশে নিয়ন্ত্ৰণ হেৰুৱাই ৫০ মিটাৰ তললৈ পৰি যায় মৃত্যুক সাবতি লয়,’’ আৰক্ষীয়ে কয়।

ৰাজেশক ৰাইমা নদীত উদ্ধাৰ কৰা হয় আৰু নতুন বজাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰাৰ পাছতে চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

ৰাইমা আৰু সৰমা নদীৰ ওপৰত থকা দুম্বুৰ জলবিদ্যুৎ প্ৰকল্প প্ৰায় ৪২ বৰ্গ কিলোমিটাৰ জুৰি আছে।

জলবিদ্যুৎ প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য্য ১৯৭৬ চনত সম্পূৰ্ণ হৈ উঠিছিল।