• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৩ বছৰীয়া শিশুৰ গুলীত মৃত্যু ৪ বছৰীয়া জ্যেষ্ঠ ভগ্নীৰ; টেক্সাছৰ মৰ্মান্তিক ঘটনাই জোকাৰিছে আমেৰিকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 14, 2023 8:48 am
ফটোন সংগ্ৰিহীত।

ফটোন সংগ্ৰিহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনি বছৰীয়া শিশুৰ গুলীত প্ৰাণ হেৰুৱালে তেওঁৰেই চাৰি বছৰীয়া জ্যেষ্ঠ ভনীয়েকে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছৰ হেৰিছ কাউণ্টিত এই শোকাৱহ ঘটনাটো সংঘটিত হৈছে। আৰক্ষীয়ে ধাৰণা কৰে যে শিশুটোৱে গুলীৰে ভৰ্তি বন্দুকৰ পৰা একো বুজি নোপোৱাকৈ গুলী চলাই দিছিল। কিন্তু সেই ‘ভুল’ৰ বাবে আন এটা শিশুৱে জীৱন হেৰুৱাবলগীয়া হ’ল। ঘটনাস্থলীতে শিশুটিৰ মৃত্যু হয়।

হেৰিছ কাউণ্টি শ্বেৰিফ এড গঞ্জালেজে ঘটনাটোৰ বিষয়ে টুইট কৰিছিল। দেওবাৰে নিশাৰ ‘দুৰ্ঘটনা’ত কাৰোবাক অভিযুক্ত কৰা হ’ব নে নাই সেই সন্দৰ্ভত এতিয়ালৈকে কোনো সিদ্ধান্ত লোৱা হোৱা নাই।

প্ৰাথমিক তথ্য অনুসৰি, ঘটনাটোৰ সময়ত এপাৰ্টমেণ্টটোত পাঁচজন প্ৰাপ্তবয়স্ক লোক আছিল। শিশুটো এপাৰ্টমেণ্টটোত তাৰ মাক-দেউতাকৰ সৈতে বাস কৰিছিল। বাকীসকল বন্ধু বা আত্মীয় আছিল।

ঘটনাটোৰ সময়ত দুয়োটা শিশু একেটা কোঠাত আছিল। সেই সময়ত, তিনি বছৰীয়া ল’ৰাটোৱে কেনেবাকৈ গুলী ভৰ্তি বন্দুকটো হাতত পায়। হঠাতে শিশুটোৱে সেইটো চলাই দিয়ে। গুলীবিদ্ধ হোৱাৰ সময়ত তেওঁৰ চাৰি বছৰীয়া বায়েক মুহূৰ্ততে মাটিত লুটি খাই পৰে। তেওঁক ঘটনাস্থলীতে মৃত ঘোষণা কৰা হয়।

লগতে পঢ়ক: কেন্দ্ৰই অনলাইনত ঔষধ বিক্ৰী কৰা ছাইটসমূহ বন্ধ কৰিব! কিন্তু কিয়?

দুয়োটা শিশুৰ পিতৃ-মাতৃয়ে গুলীবৰ্ষণৰ শব্দ শুনি ঘটনাস্থলীত উপস্থিত হৈছিল। তেওঁলোকে শিশুটোৰ হাতৰ পৰা বন্দুকটো কাঢ়ি লয় যদিও তাৰ আগতে অঘটনটো ঘটি গৈছিল। এটা সন্তানৰ হাতত আন এটা সন্তানৰ মৃত্যুত গোটেই পৰিয়ালটো বিধ্বস্ত হৈ পৰিছে।

কিন্তু তিনি বছৰীয়া শিশুটোৱে কিবা গম পাইছেনে? সি নিজৰ হাতেৰে কিমান ডাঙৰ ক্ষতি কৰিলে, তাৰ সৈতে কি ঘটিছিল বুজি পোৱাৰ মানসিক স্থিতি তাৰ হৈছেনে? বৰ্তমান হেৰিছ কাউণ্টি পৰিয়ালটোৱে ইয়াৰ বিষয়ে চিন্তা কৰাৰ অৱস্থাত নাই। দুৰ্ঘটনাটোৰ বিষয়ে জানি বহুলোক হতবাক হৈ পৰিছে। অৱশ্যে, আগ্নেয়াস্ত্ৰৰ অনিয়ন্ত্ৰিত ব্যৱহাৰে আমেৰিকাত আগতেও বহু কৰুণ ঘটনাৰ সৃষ্টি কৰিছিল।

চলিত বছৰৰ প্ৰথম মাহতে বন্দুকধাৰীৰ আক্ৰমণত ৰক্তাক্ত হৈছিল আমেৰিকা। চীনা নৱবৰ্ষ উপলক্ষে কেলিফৰ্ণিয়াত বিশাল ভিৰত বন্দুকধাৰীজনে নিশা প্ৰায় ১০ বজাত আক্ৰমণ চলাইছিল। চাক্ৰেমাণ্টোৰ মণ্টেৰী পাৰ্কত চীনা নৱবৰ্ষ উদযাপন চলি আছিল। নিহতৰ সংখ্যা ১০ জনলৈ বৃদ্ধি পাইছিল, বহুলোক আহত হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতলৈ ইলিছ মাছ ৰপ্তানি কৰিবলৈ ৩৭টা বাংলাদেশী কোম্পানীক অনুমোদন

ভাৰতলৈ ইলিছ মাছ ৰপ্তানি কৰিবলৈ ৩৭টা বাংলাদেশী কোম্পানীক অনুমোদন

September 16, 2025 4:10 pm
শিক্ষানুষ্ঠান পৰিসৰত কৰা হিংসাৰ বাবে NIT- শিলচৰৰ ৫ জন বাংলাদেশৰ শিক্ষাৰ্থীক নিলম্বন

শিক্ষানুষ্ঠান পৰিসৰত কৰা হিংসাৰ বাবে NIT- শিলচৰৰ ৫ জন বাংলাদেশৰ শিক্ষাৰ্থীক নিলম্বন

September 16, 2025 3:45 pm
জনজাতিকৰণৰ দাবী : ২২ ছেপ্তেম্বৰত সমদলেৰে ৰাজপথ কঁপাব ৫০,০০০ মটকে

জনজাতিকৰণৰ দাবী : ২২ ছেপ্তেম্বৰত সমদলেৰে ৰাজপথ কঁপাব ৫০,০০০ মটকে

September 16, 2025 3:45 pm
এপষ্টেইনৰ ঘটনাত ‘নিউয়ৰ্ক টাইমছ’ৰ বিৰুদ্ধে ১ লাখ কোটি টকাৰ গোচৰ ড’নাল্ড ট্ৰাম্পৰ

এপষ্টেইনৰ ঘটনাত ‘নিউয়ৰ্ক টাইমছ’ৰ বিৰুদ্ধে ১ লাখ কোটি টকাৰ গোচৰ ড’নাল্ড ট্ৰাম্পৰ

September 16, 2025 3:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতলৈ ইলিছ মাছ ৰপ্তানি কৰিবলৈ ৩৭টা বাংলাদেশী কোম্পানীক অনুমোদন

ভাৰতলৈ ইলিছ মাছ ৰপ্তানি কৰিবলৈ ৩৭টা বাংলাদেশী কোম্পানীক অনুমোদন

September 16, 2025 4:10 pm
শিক্ষানুষ্ঠান পৰিসৰত কৰা হিংসাৰ বাবে NIT- শিলচৰৰ ৫ জন বাংলাদেশৰ শিক্ষাৰ্থীক নিলম্বন

শিক্ষানুষ্ঠান পৰিসৰত কৰা হিংসাৰ বাবে NIT- শিলচৰৰ ৫ জন বাংলাদেশৰ শিক্ষাৰ্থীক নিলম্বন

September 16, 2025 3:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd