NORTHEAST NOW (Assamese)

৩ বছৰীয়া শিশুৰ গুলীত মৃত্যু ৪ বছৰীয়া জ্যেষ্ঠ ভগ্নীৰ; টেক্সাছৰ মৰ্মান্তিক ঘটনাই জোকাৰিছে আমেৰিকা

March 14, 2023 8:48 am · এন ই নাও নিউজ, গুৱাহাটী
ফটোন সংগ্ৰিহীত।

তিনি বছৰীয়া শিশুৰ গুলীত প্ৰাণ হেৰুৱালে তেওঁৰেই চাৰি বছৰীয়া জ্যেষ্ঠ ভনীয়েকে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছৰ হেৰিছ কাউণ্টিত এই শোকাৱহ ঘটনাটো সংঘটিত হৈছে। আৰক্ষীয়ে ধাৰণা কৰে যে শিশুটোৱে গুলীৰে ভৰ্তি বন্দুকৰ পৰা একো বুজি নোপোৱাকৈ গুলী চলাই দিছিল। কিন্তু সেই ‘ভুল’ৰ বাবে আন এটা শিশুৱে জীৱন হেৰুৱাবলগীয়া হ’ল। ঘটনাস্থলীতে শিশুটিৰ মৃত্যু হয়।

হেৰিছ কাউণ্টি শ্বেৰিফ এড গঞ্জালেজে ঘটনাটোৰ বিষয়ে টুইট কৰিছিল। দেওবাৰে নিশাৰ ‘দুৰ্ঘটনা’ত কাৰোবাক অভিযুক্ত কৰা হ’ব নে নাই সেই সন্দৰ্ভত এতিয়ালৈকে কোনো সিদ্ধান্ত লোৱা হোৱা নাই।

প্ৰাথমিক তথ্য অনুসৰি, ঘটনাটোৰ সময়ত এপাৰ্টমেণ্টটোত পাঁচজন প্ৰাপ্তবয়স্ক লোক আছিল। শিশুটো এপাৰ্টমেণ্টটোত তাৰ মাক-দেউতাকৰ সৈতে বাস কৰিছিল। বাকীসকল বন্ধু বা আত্মীয় আছিল।

ঘটনাটোৰ সময়ত দুয়োটা শিশু একেটা কোঠাত আছিল। সেই সময়ত, তিনি বছৰীয়া ল’ৰাটোৱে কেনেবাকৈ গুলী ভৰ্তি বন্দুকটো হাতত পায়। হঠাতে শিশুটোৱে সেইটো চলাই দিয়ে। গুলীবিদ্ধ হোৱাৰ সময়ত তেওঁৰ চাৰি বছৰীয়া বায়েক মুহূৰ্ততে মাটিত লুটি খাই পৰে। তেওঁক ঘটনাস্থলীতে মৃত ঘোষণা কৰা হয়।

লগতে পঢ়ক: কেন্দ্ৰই অনলাইনত ঔষধ বিক্ৰী কৰা ছাইটসমূহ বন্ধ কৰিব! কিন্তু কিয়?

দুয়োটা শিশুৰ পিতৃ-মাতৃয়ে গুলীবৰ্ষণৰ শব্দ শুনি ঘটনাস্থলীত উপস্থিত হৈছিল। তেওঁলোকে শিশুটোৰ হাতৰ পৰা বন্দুকটো কাঢ়ি লয় যদিও তাৰ আগতে অঘটনটো ঘটি গৈছিল। এটা সন্তানৰ হাতত আন এটা সন্তানৰ মৃত্যুত গোটেই পৰিয়ালটো বিধ্বস্ত হৈ পৰিছে।

কিন্তু তিনি বছৰীয়া শিশুটোৱে কিবা গম পাইছেনে? সি নিজৰ হাতেৰে কিমান ডাঙৰ ক্ষতি কৰিলে, তাৰ সৈতে কি ঘটিছিল বুজি পোৱাৰ মানসিক স্থিতি তাৰ হৈছেনে? বৰ্তমান হেৰিছ কাউণ্টি পৰিয়ালটোৱে ইয়াৰ বিষয়ে চিন্তা কৰাৰ অৱস্থাত নাই। দুৰ্ঘটনাটোৰ বিষয়ে জানি বহুলোক হতবাক হৈ পৰিছে। অৱশ্যে, আগ্নেয়াস্ত্ৰৰ অনিয়ন্ত্ৰিত ব্যৱহাৰে আমেৰিকাত আগতেও বহু কৰুণ ঘটনাৰ সৃষ্টি কৰিছিল।

চলিত বছৰৰ প্ৰথম মাহতে বন্দুকধাৰীৰ আক্ৰমণত ৰক্তাক্ত হৈছিল আমেৰিকা। চীনা নৱবৰ্ষ উপলক্ষে কেলিফৰ্ণিয়াত বিশাল ভিৰত বন্দুকধাৰীজনে নিশা প্ৰায় ১০ বজাত আক্ৰমণ চলাইছিল। চাক্ৰেমাণ্টোৰ মণ্টেৰী পাৰ্কত চীনা নৱবৰ্ষ উদযাপন চলি আছিল। নিহতৰ সংখ্যা ১০ জনলৈ বৃদ্ধি পাইছিল, বহুলোক আহত হৈছিল।

Related News