দিল্লী, নয়ডাকে ধৰি এক বৃহৎ অঞ্চল কঁপাই গ’ল ভূমিকম্পই। জানিব পৰা মতে, এই ভূমিকম্পৰ কেন্দ্ৰ নেপাল।
উল্লেখ্য যে বিগত কেইমাহমানত ভাৰতত একাধিক ভূমিকম্পৰ সৃষ্টি হৈছে। ম্যানমাৰ আৰু থাইলেণ্ডৰ শেহতীয়া পৰিস্থিতিয়ে ভয় বৃদ্ধি কৰিছে।
ইফালে পুনৰ কঁপি উঠিল দেশৰ ভূমি। দিল্লী, নয়ডা, গুৰুগ্ৰাম আদি অঞ্চলত এই ভূমিকম্পৰ কঁপনি অনুভৱ কৰা হৈছিল। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.০।
ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা অনুসৰি শুকুৰবাৰে সন্ধিয়া ৭:৫২ বজাত নেপালত ২০ কিলোমিটাৰ গভীৰতাত ভূমিকম্পৰ সৃষ্টি হয়। কিন্তু ইয়াৰ ফলত হোৱা ক্ষতিৰ সঠিক পৰিমাণ এতিয়াও স্পষ্ট হোৱা নাই।
প্ৰাথমিক খবৰ অনুসৰি কোনো লোকৰ মৃত্যু হোৱা নাই। অৱশ্যে আগন্তুক কেইঘণ্টামানৰ ভিতৰত কি তথ্য ওলাব সেয়া চাবলৈ সকলোৱে অপেক্ষা কৰি আছে।
বিশেষজ্ঞসকলে অনুমান কৰিছে যে ম্যানমাৰত হোৱা ভূমিকম্পৰ পিছৰে পৰা এছিয়াৰ কেইবাটাও অঞ্চলত কম্পনৰ মাত্ৰা বৃদ্ধি পাইছে। ম্যানমাৰত হোৱা প্ৰথমটো ভূমিকম্পৰ প্ৰাবল্য আছিল ৭ ৰিখটাৰ স্কেলৰ ওপৰত। তাৰ পিছত ‘আফটাৰশ্বক’ৰ পৰিমাণ আছিল প্ৰায় ৫ ৰিখটাৰ স্কেল। ম্যানমাৰ আৰু থাইলেণ্ডত একেলগে কমেও ৩ হাজাৰ লোকৰ মৃত্যু হৈছিল। গতিকে স্বাভাৱিকতে ভাৰতকে ধৰি কেইবাখনো চুবুৰীয়া দেশত আতংক বাঢ়িছে।