ইজৰাইল-হামাছৰ যুদ্ধৰ পাশ্বৰ্ক্ৰিয়া ঘটিল এইবাৰ আমেৰিকাত। এটি ৬ বছৰীয়া শিশুক ২৬ বাৰকৈ ঘপিয়াই হত্যা কৰিলে ঘৰৰ মালিকে। মৃত শিশুটিৰ মাতৃকো দাৰে ঘপিয়াই হত্যা কৰাৰ চেষ্টা চলোৱা হয়। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে মাতৃগৰাকী।
আৰক্ষীৰ সূত্ৰ অনুসৰি, চিকাগোৰ পৰা ৬৪ কিলোমিটাৰ পশ্চিমে অৱস্থিত জনবসতিপূৰ্ণ অঞ্চলত সংঘটিত হৈছে এই ভয়ানক কাণ্ড। শনিবাৰে পুৱা এই আক্ৰমণৰ কথা জানিব পাৰি ঘৰত উপস্থিত হয় আৰক্ষী। ৰক্তাক্ত অৱস্থাত ঘৰৰ মজিয়াত পৰি থকা দেখা পায় মাক আৰু সন্তানক।
লগতে পঢ়কঃ অঘটন নহয়, সফল হ’ল ক্ৰিকেটৰ পৰিভাষা! বিশ্ব চেম্পিয়নক হৰুৱালে আফগানিস্তানে
সেই অৱস্থাত চিকিৎসালয়লৈ নিয়াৰ সময়ত শিশুটিক মৃত ঘোষণা কৰে আৰক্ষীয়ে। ৩২ বছৰীয়া মহিলাগৰাকী গুৰুতৰভাৱে আহত হয় যদিও তেওঁৰ জীৱন ৰক্ষাৰ সম্ভাৱনা আছে।
জানিব পৰা মতে, মহিলাগৰাকী আৰু তেওঁৰ সন্তান জোচেফ কাছুবা নামৰ হত্যাকাৰীজনৰ ঘৰত বাস কৰিছিল। ভুক্তভোগী পেলেষ্টাইনী আমেৰিকান বুলি সন্দেহ কৰা হৈছে।
ইতিমধ্যে ঘটনা সন্দৰ্ভত অভিযুক্ত জোচেফক গ্ৰেপ্তাৰ কৰা হৈছে। গোচৰীয়াই জোচেফক জেৰা কৰি গম পায় যে তেওঁ ইজৰাইল-হামাছ যুদ্ধৰ ‘প্ৰতিশোধ’ হিচাপে এই আক্ৰমণ সংঘটিত কৰিছিল।