• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অঘটন নহয়, সফল হ’ল ক্ৰিকেটৰ পৰিভাষা! বিশ্ব চেম্পিয়নক হৰুৱালে আফগানিস্তানে

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 16, 2023 8:02 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অঘটন বুলি ক’লে কোনো দলক হেয় কৰা হ’ব। যোগ্য দল হিচাপেই জয়ী হৈছে আফগানিস্তান। কিন্তু এই জয়ে সকলোকে আচৰিত কৰি তুলিছে। কিয়নো আফগানিস্তানে বিশ্ব চেম্পিয়ন ইংলেণ্ডক পৰাস্ত কৰিছে। ঠিকেই শুনিছে, আফগানসকলে যোৱাবাৰৰ বিশ্ব চেম্পিয়নক পৰাস্ত কৰিলে। বেটিং, বলিং আৰু স্নায়ু যুঁজ। আফগানিস্তানে সকলো বিভাগতে পৰাস্ত কৰিলে ইংলেণ্ডক।

বেটিঙত ভাল ৰাণ পোৱাৰ পিছত আফগান স্পিনাৰৰ অনবদ্য প্ৰদৰ্শন। কাক বাদ দি কাৰ কথা পাতিব! যিয়েই যি নকওক, এইটোৱেই হৈছে প্ৰতিযোগিতাখনৰ প্ৰথমটো চকু কপালত তোলা কাণ্ড। স্পষ্টকৈ ক’বলৈ গ’লে যোগ্যতাত ইংলেণ্ডক  পৰাস্ত কৰিলে আফগানিস্তানে।

ইংলেণ্ডৰ অধিনায়ক জোছ বাটলাৰে টছত জয়ী হোৱাৰ পিছত বলিং কৰাৰ সিদ্ধান্ত লয়। প্ৰথম কাৰণ হ’ল খেলখন অনুষ্ঠিত হৈছে দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত। এই খেলপথাৰখনতে প্ৰথমখন খেলত সৰ্বাধিক ৰাণৰ অভিলেখ হৈছে। আফগানিস্তানে এই ষ্টেডিয়ামতে অন্তিমখন খেল খেলিছিল। ৰাণ চেজত ভাৰতে অতি সহজে জয়লাভ কৰে। ইংলেণ্ডে এই ক্ষেত্ৰত যোৱা দুখন মেচৰ পৰিসংখ্যাৰ পৰা ৰাণ চেজৰ সিদ্ধান্ত লয়। তেওঁলোকৰ বেটিং আক্ৰমণ বিশ্বৰ ভিতৰতে অন্যতম শ্ৰেষ্ঠ। কিন্তু আফগানিস্তানে সকলো বিভাগতে দাঙি ধৰিলে সৰ্বোত্তম প্ৰদৰ্শন।

Apply Now

লগতে পঢ়কঃ পুৱাৰ চাহকাপৰ সৈতে মিলাই খাওঁক এইকেইবিধ মচলা, বৃদ্ধি পাব ৰোগ প্ৰতিৰোধ ক্ষমতা!

ৰহমানুল্লাহ গুৰবাজ আৰু ইক্ৰাম আলী খিলৰ সুন্দৰ বেটিং। ইংলেণ্ডে বাৰে বাৰে মেচখনত প্ৰত্যাৱৰ্তনৰ চেষ্টা কৰিছিল। কিন্তু আফগানিস্তানৰ লৱাৰ অৰ্ডাৰেও ভাল বেটিং কৰে। অৱশ্যে এটা বল বাকী থকা অৱস্থাত আফগানিস্তানে ২৮৪ ৰানত অল আউট হয়।

আগৰ দুখন মেচত দিল্লীৰ খেলপথাৰত যিয়েই নহওক, এই স্ক’ৰ সহজ নাছিল। ইংলেণ্ডৰ সন্মুখত যথেষ্ট প্ৰত্যাহ্বানমূলক স্ক’ৰ। তথ্য, ইতিহাস আৰু বিশ্ব ৰেংকিং পাহৰি গৈ আফগান বলাৰসকলে ভাল প্ৰদৰ্শন কৰাটোৱে আছিল প্ৰত্যাহ্বান। মুজিব উৰ ৰহমান, ৰছিদ খানহঁতে তাকে কৰি দেখুৱালে।

আফগানিস্তানে ইংলেণ্ডৰ বেটিঙত ইটোৰ পিছত সিটোকৈ আঘাত হানে। বাওঁহাতৰ পেচাৰ ফজল হক ফাৰুকীয়ে আৰম্ভণি কৰে। তেওঁ জনী বেয়াৰষ্ট’ক ঘূৰাই পঠিয়ায়। দুই তাৰকা স্পিনাৰ ৰছিদ খান আৰু মুজিব উৰ ৰহমানে তিনিটাকৈ উইকেট দখল কৰে। অৱশ্যে নবীন উল হকৰ প্ৰদৰ্শনো পাহৰিব নোৱাৰি। ইংলেণ্ডৰ অধিনায়ক জোছ বাটলাৰৰ উইকেটটো লৈছিল নবীনৰ সেই চকুত লগা ডেলিভাৰীটোৱে।

আফগানিস্তানৰ প্ৰশিক্ষক জনাথন ট্ৰট। যিকোনো দলক পৰাস্ত কৰিবলৈ আফগানিস্তানৰ সেই শক্তি আছে বুলি মেচৰ পূৰ্বে কৈছিল ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে। নিজৰ দেশৰ বিৰুদ্ধে সেই শক্তিৰে আফগান ক্ৰিকেটাৰসকলে দাঙি ধৰিলে প্ৰদৰ্শন।

লগতে পঢ়কঃ গোৱালপাৰাৰ কৃষকে নষ্ট কৰি পেলালে বিষাক্ত পাম তেলৰ খেতি, প্ৰতিক্ৰিয়া জীপাল কৃষক শ্ৰমিক সংঘৰ

প্ৰায়েই কোৱা হয় ক্ৰিকেট অনিশ্চয়তাৰ খেল। কোনেও নিজৰ বিজয়ৰ গেৰান্চি দিব নোৱাৰে। ক্ৰিকেটৰ সেই পৰিভাষাই যেন সফল হ’ল।  

এটা দশকৰ আগতে ২০১১ চনত ভাৰতৰ মাটিত বিশ্বকাপত আয়াৰলেণ্ডৰ হাতত পৰাস্ত হৈছিল ইংলেণ্ড। বাংলাদেশে ২০১৫ চনৰ বিশ্বকাপত তেওঁলোকক পৰাস্ত কৰিছিল। এইবাৰ আফগানিস্তানৰ হাতত পৰাস্ত হ’ল বিশ্ব চেম্পিয়ন। আফগানিস্তান ক্ৰিকেটৰ বাবে এয়া আছিল এক ঐতিহাসিক নিশা। 

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd