চিকিৎসাকৰ্মীৰ গাফিলতিৰ বাবেই প্ৰাণ গ’ল এগৰাকী ৬০ বছৰীয়া বৃদ্ধাৰ। এম আৰ আই পৰীক্ষাৰ সময়ত ছটফটাই ছটফটাই মৃত্যুক সাৱটি ল’লে হৃদৰোগী মহিলাই।
ঘটনাৰ বিৱৰণ অনুসৰি, নল্লাগুচু ৰামা তুলাছাম্মা নামৰ এগৰাকী মহিলাৰ শৰীৰত পেচমেকাৰ আৰু ডায়েলাইছিছ প’ৰ্ট স্থাপন কৰা আছিল। কিন্তু স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসা কৰ্মচাৰীয়ে সেইবোৰক আওকাণ কৰি পৰীক্ষাৰ বাবে ৰোগীগৰাকীক এম আৰ আই মেচিনৰ ভিতৰত ভৰাই দিয়ে।
অভিযোগ অনুসৰি, পৰীক্ষা কৰি থকাৰ সময়ত মেচিনৰ ভিতৰতে বৃদ্ধাগৰাকীয়ে প্ৰাণ হেৰুৱায়।
অন্ধ্ৰ প্ৰদেশৰ এই ঘটনাই স্পষ্টকৈ দেখুৱাইছে যে সমগ্ৰ দেশতে বিভিন্ন বৈজ্ঞানিক প্ৰযুক্তিৰ ব্যৱহাৰ সন্দৰ্ভত এতিয়াও কিমান অজ্ঞানতা আছে। এম আৰ আইৰ সম্পূৰ্ণ নাম হৈছে মেগনেটিক ৰেজোনেন্স ইমেজিং। এই বিশেষ পৰীক্ষাত শৰীৰৰ আভ্যন্তৰীণ অংগসমূহৰ ছবি লোৱা হয়।
সহজ ভাষাত ক’বলৈ গ’লে, শক্তিশালী চুম্বক আৰু ৰেডিঅ’ তৰংগৰ সহায়ত শৰীৰৰ অভ্যন্তৰীণ অংগ, পেশী, হাড় আদিৰ স্পষ্ট ছবি সৃষ্টি কৰা মেচিন হৈছে এম আৰ আই। এই ছবিবোৰ চাই চিকিৎসকে শৰীৰৰ যিকোনো সমস্যা বা ৰোগ নিৰ্ণয় কৰিব পাৰে।
উল্লেখ্য যে পেচমেকাৰ, মেটাল ভালভ, বা কৃত্ৰিম অংগ থকা লোকসকলে এম আৰ আই কৰাৰ আগতে সাৱধান হ’ব লাগে। কাৰণ এম আৰ আই মেচিনত শক্তিশালী চুম্বকীয় ক্ষেত্ৰ ব্যৱহাৰ কৰা হয়। এই চুম্বকীয় ক্ষেত্ৰই পেচমেকাৰৰ দৰে ইলেক্ট্ৰনিক যন্ত্ৰৰ কাৰ্য্যকলাপত ব্যাঘাত জন্মাব পাৰে, আৰু ধাতুৰ ভালভ বা কৃত্ৰিম অংগ নিজৰ ফালে টানিব পাৰে। যিটো শৰীৰৰ বাবে অতি ক্ষতিকাৰক।বিশ্ব স্বাস্থ্য সংস্থাৰ ৱেবছাইটতো একে কথাই কোৱা হৈছে। WHO ৰ সতৰ্কবাণীত কোৱা হৈছে যে পেচমেকাৰ, ভালভ, আৰু কিছুমান কৃত্ৰিম অংগত ধাতুৰ উপাদান থাকে। এই ধাতুৰ মৌলবোৰ চুম্বকীয় ক্ষেত্ৰৰ দ্বাৰা স্থানান্তৰিত হ’ব পাৰে, যাৰ ফলত শৰীৰৰ অংগসমূহৰ ক্ষতি হ’ব পাৰে। বিশেষকৈ পেচমেকাৰে বৈদ্যুতিক স্পন্দনৰ জৰিয়তে হৃদযন্ত্ৰৰ ছন্দ নিয়ন্ত্ৰণ কৰে। এম আৰ আই মেচিনৰ চুম্বকীয় ক্ষেত্ৰই পেচমেকাৰৰ ইলেক্ট্ৰনিক চাৰ্কিটৰীত প্ৰভাৱ পেলাব পাৰে, যাৰ ফলত ই সঠিকভাৱে কাম কৰিব নোৱাৰে।