• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিব্ৰুগড়ত উন্মুক্ত টেংকীত পৰি মৃত্যু এটি ৭ বছৰীয়া শিশুৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 28, 2025 9:56 am
ডিব্ৰুগড়ত উন্মুক্ত টেংকীত পৰি মৃত্যু এটি ৭ বছৰীয়া শিশুৰ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিব্ৰুগড় এটা হাউছিং কমপ্লেক্সত দেওবাৰে বিয়লি অগ্নি সুৰক্ষাৰ উন্মুক্ত টেংকীত পৰি এটি ৭ বছৰীয়া শিশুৰ মৃত্যু হয়।

কৰ্তৃপক্ষই নিহত শিশুটিক যোৰহাটৰ মৰিয়নীৰ বাসিন্দা বুলি চিনাক্ত কৰিছে। তাত থকা লোকে ততাতৈয়াকৈ শিশুটিক ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে শিশুটিক মৃত ঘোষণা কৰে।

ডিব্ৰুগড়ৰ অম্বা হাইটছ কমপ্লেক্সত সংঘটিত হৈছে এই ঘটনা।

খবৰ অনুসৰি ল’ৰাজনে বল এটা লৈ খেলি থকা অৱস্থাত বলটো গভীৰ, উন্মুক্ত অগ্নি সুৰক্ষা টেংকীত পৰি যায়। বলটো উদ্ধাৰ কৰিবলৈ চেষ্টা কৰি থাকোঁতে দুৰ্ঘটনাবশতঃ তেওঁ নিজেই টেংকীত পৰি যায়।

অম্বা হাইটছৰ এজন বাসিন্দাই কয় যে, ‘ল’ৰাটো বিয়লি ৩ বজাৰ পৰা নিৰুদ্দেশ হৈ আছিল। সন্ধান চলি থকাৰ সময়তে এজন বাসিন্দাই ল’ৰাজনৰ চেণ্ডেলযোৰ উন্মুক্ত অগ্নি সুৰক্ষা টেংকীত ওপঙি থকা লক্ষ্য কৰে।

যোৰহাটৰ মৰিয়নীৰ ৰাজু আগৰৱালাৰ পুত্ৰ শিশুটি পিতৃৰ চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ ককাকৰ ঘৰলৈ আহিছিল।

এজন বাসিন্দাই অভিযোগ কৰি কয়, ‘অট্টালিকাটোৰ মালিকৰ গাফিলতিৰ বাবে শিশুটিয়ে প্ৰাণ হেৰুৱালে। চিচিটিভি কেমেৰা নাই আৰু অট্টালিকাটোত কোনো নিৰাপত্তাৰক্ষীৰ ব্যৱস্থা নাই। এই ডাঙৰ গাফিলতিৰ বাবেই মৰ্মান্তিক ঘটনাটো সংঘটিত হৈছে।’

অট্টালিকাটোত এইটো প্ৰথম ঘটনা নহয়। কেইবছৰমান পূৰ্বে ওপৰৰ মহলাৰ পৰা পৰি এজন জ্যেষ্ঠ নাগৰিকৰ মৃত্যু হোৱা বুলিও জানিব পৰা গৈছে।

কমপ্লেক্সটোৰ বাসিন্দা সুজিত দেৱে অভিযোগ কৰে যে, ‘ৰাজেন লোহিয়া অট্টালিকাটোৰ মালিক। চৌহদত কোনো নিৰাপত্তা নাই। চিচিটিভি কেমেৰাও স্থাপন কৰা হোৱা নাই আৰু কোনো আৱাসী ছচাইটি গঠন কৰা হোৱা নাই।’

ঘটনা সন্দৰ্ভত মৃতকৰ পৰিয়ালৰ লোকে মিলন নগৰ আৰক্ষী আউটপোষ্টক অৱগত কৰে।

এজন উদ্বিগ্ন নাগৰিকে কয়, ‘এনেধৰণৰ ঘটনাৰ বাবে কোন দায়ী? চিচিটিভি নাই, তত্বাৱধান নাই। ডিব্ৰুগড় জিলা প্ৰশাসনে তদন্ত আৰম্ভ কৰিব লাগে।’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী মেডিকেল কলেজত সদ্যোজাত শিশুৰ মৃত্যুৱে উদঙাইছে চৰকাৰী চিকিৎসা ব্যৱস্থাৰ স্বৰূপ

গুৱাহাটী মেডিকেল কলেজত সদ্যোজাত শিশুৰ মৃত্যুৱে উদঙাইছে চৰকাৰী চিকিৎসা ব্যৱস্থাৰ স্বৰূপ

August 19, 2025 9:15 pm
ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

August 19, 2025 8:05 pm
বানে স্তব্ধ কৰিছে মায়া নগৰী মুম্বাইৰ জনজীৱন : বন্ধ স্কুল-কলেজ, ৰেল-বিমান সেৱা ব্যাহত, ১২ গৰাকীৰ মৃত্যু

বানে স্তব্ধ কৰিছে মায়া নগৰী মুম্বাইৰ জনজীৱন : বন্ধ স্কুল-কলেজ, ৰেল-বিমান সেৱা ব্যাহত, ১২ গৰাকীৰ মৃত্যু

August 19, 2025 7:50 pm
গুৱাহাটীত স্থাপন হ’ব IIM, ৫৫০ কোটি টকা আবণ্টনেৰে লোকসভাত গৃহীত বিধেয়ক

গুৱাহাটীত স্থাপন হ’ব IIM, ৫৫০ কোটি টকা আবণ্টনেৰে লোকসভাত গৃহীত বিধেয়ক

August 19, 2025 7:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী মেডিকেল কলেজত সদ্যোজাত শিশুৰ মৃত্যুৱে উদঙাইছে চৰকাৰী চিকিৎসা ব্যৱস্থাৰ স্বৰূপ

গুৱাহাটী মেডিকেল কলেজত সদ্যোজাত শিশুৰ মৃত্যুৱে উদঙাইছে চৰকাৰী চিকিৎসা ব্যৱস্থাৰ স্বৰূপ

August 19, 2025 9:15 pm
ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

August 19, 2025 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd