চিকিৎসাৰ বাবে মাতি আনি বাংলাদেশী যুৱতীক ধৰ্ষণৰ অপচেষ্টা যুৱকৰ : লুটিলে ধন-সোণ, আ-অলংকাৰ

bangladesh

বাংলাদেশৰ ঢাকা মিৰপুৰৰ এগৰাকী যুৱতীক অসমত প্ৰৱঞ্চকে লুট-পাত চলোৱাৰ এক ঘটনা সংঘটিত হৈছে ৷ আৰক্ষী সূত্ৰৰ পৰা এই কথা জানিব পৰা গৈছে।

ঘটনা অনুসৰি, আপোন নামৰ এজন যুৱকে ফেচবুকৰ জৰিয়তে চিনাকী হৈ বাংলাদেশী যুৱতীগৰাকীক চিকিৎসাৰ বাবে অসমলৈ লৈ আনিছিল। গুৱাহাটী বিমানবন্দৰত যুৱতীগৰাকীক লগ কৰি আপোনে প্ৰথমে যুৱতীগৰাকীক দাৰ্জিলিঙলৈ লৈ যায়।

দাৰ্জিলিঙৰ হোটেলত যুৱতীগৰাকীক যুৱকজনে ধৰ্ষণৰ অপচেষ্টা চলায়। যুবকজনে অসৎ উদ্দেশ্য পূৰণ কৰিব নোৱাৰি যুৱতীগৰাকীক গুৱাহাটীলৈ লৈ আনে।

গুৱাহাটীৰ হোটেলতো যুৱকজনে যুৱতীগৰাকীক অপচেষ্টা চলাই বিফল হৈ গুৱাহাটীত চিকিৎসা নহ’ব বুলি কৈ যুবতীগৰাকীক কলিকতা যাব লাগিব বুলি কয়।

ইয়াৰ পাছত কলিকতা গৈ থকা অৱস্থাত যুবতী গৰাকীৰ টোপনিৰ সুযোগ লৈ ৰে’লতে যুৱতীগৰাকীৰ পৰা আপোন নামৰ যুবকজনে প্ৰায় ৪ লাখ টকাৰ সোণৰ অলংকাৰ আৰু নগদ ৩০ হাজাৰ ভাৰতীয় মুদ্ৰা লুটি লৈ যায়।

লক্ষণীয়ভাৱে, যুৱতীগৰাকীয়ে যুবকজনৰ বিৰুদ্ধে ভাৰতৰ ভূৱা পাছপোৰ্ট বনোৱাৰো অভিযোগ আনিছে। আনহাতে,যুবকজনে হেনো বাংলাদেশী যুৱতীগৰাকীক এন আৰ চিত নামো ভৰাই দিব পাৰে বুলি কৈছিল৷

ঘটনাৰ বলি বাংলাদেশী যুৱতীগৰাকীয়ে সোমবাৰে দিচপুৰ আৰক্ষী থানাত প্ৰৱঞ্চক, লম্পট যুৱকজনৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে।