দুৰ্গাৰ ত্ৰিশূল বুকুত দি প্ৰতীক হাজেলাক অসুৰৰ ৰূপত উপস্থাপন কৰিলে বৰাকৰ সংগঠনে

Hajela_Durga

এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক অসুৰৰ ৰূপত উপস্থাপন।

এন আৰ চিৰ কামেৰে প্ৰতীক হাজেলাই অসম আৰু অসমীয়াৰ বাবে ভাল কাম কৰিছে নে অসম-অসমীয়াক বিপদৰ গৰাহলৈ ঠেলিছে সেয়া সময়ে ক’ব। কিন্তু এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াটোত অসন্তুষ্ট বৰাকৰ এটা সংগঠনে আজি মহালয়াৰ দিনটোতে নিজৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ গৈ প্ৰতিবাদৰ ভাষা হিচাপে ব্যৱহাৰ কৰে এখন বিতৰ্কিত ছবি।

এই ছবিখনত প্ৰতীক হাজেলাক দুৰ্গাৰ ত্ৰিশূলে বুকুত খুঁচি থকা অসূৰটোৰ ৰূপত উপস্থাপন কৰা দেখা গৈছে। এই কাণ্ড কৰিছে বৰাকৰ এটা নৱগঠিত নৰ্থ-ইষ্ট ভাষিক আৰু জনগোষ্ঠীয় সমন্বয় সমিতিয়ে। সংগঠনটোৰ এই কামে সমাজত স্বাভাৱিকতে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

এন আৰ চিৰ পৰা নাম বাদ পৰাসকলৰ দাবী-আপত্তি প্ৰক্ৰিয়াত পূৰ্বে বৈধ বিবেচিত ১৫ বিধ নথিৰ পৰা ৫ বিধ বাদ দিয়া কাৰ্য্যৰ আজি প্ৰতিবাদত বহিছিল নৱগঠিত নৰ্থ-ইষ্ট ভাষিক আৰু জনগোষ্ঠীয় সমন্বয় সমিতি। এই প্ৰতিবাদৰ সময়তে সংগঠনটোৱে প্ৰতীক হাজেলাক অসুৰৰ ৰূপত উপস্থাপন কৰে।

কেৱল সেয়ে নহয়, তেওঁলোকে ইয়াক ‘হাজেলা দমন’ আখ্যা দিয়ে। প্ৰতিবাদীসকলে হাজেলাক অসুৰ ৰূপে তুলি ধৰা ছবিখনৰ কাষতে এটা কবিতাও লিখি ৰাখে। কবিতাটোৰ নাম দিয়া হৈছে ‘অসুৰ নাশিনীৰ অসুৰ দমন’। ইয়াত হাজেলাক কটাক্ষ কৰি লিখা হৈছে, “দাড়ি কমা ছাড়া কথায়, আর কলমের এক খোঁচায়, চিন্তা বাড়ায় আমাদের মাথায়।”

আনহাতে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈকো কটাক্ষ কৰা হৈছে এইদৰে, “গগৈর হাতে দেশের আইন যেমন খুশি সবাইকে নাচান।”

উল্লেখযোগ্য যে বৈধ নথিৰ তালিকাৰ পৰা বাদ দিয়া ৫ বিধ নথিক পুনৰ অন্তৰ্ভুক্ত কৰাৰ দাবীত আজি সংগঠনটোৰ সদস্যসকলে সদৰঘাট দলং সংযোগী পথত প্ৰতিবাদত বহে। সংগঠনটোৰ সদস্য শান্তনু নায়কে কয়, “আমি উচ্চতম ন্যায়ালয়ক আহ্বান জনাইছো যাতে আমাৰ যুক্তিৰ প্ৰতি মনোযোগ দিয়ে আৰু বাদ দিবলৈ ওলোৱা ৫বিধ নথিক পুনৰ অন্তৰ্ভুক্ত কৰে আৰু ইয়াৰ জৰিয়তে শংকাত দিন-ৰাতি পাৰ কৰা লাখ লাখ লোকৰ চিন্তা দূৰ কৰে।”

আনহাতে সংগঠনটোৰে এজন নাম প্ৰকাশত অনিচ্ছুক সদস্যই জানিবলৈ দিয়ে যে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক অসুৰৰ ৰূপত উপস্থাপন কৰা কাৰ্য্যৰ বাবে জিলা প্ৰশাসনে অসম চৰকাৰৰ হৈ সংগঠনটোৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰাৰ বাবে আগ বাঢ়িছে।