NORTHEAST NOW (Assamese)

থাইলেণ্ডৰ যুৱতীৰ শালীনতা হানিৰ চেষ্টা পশ্চিমবংগৰ বাইক টেক্সী চালকৰ

December 16, 2024 8:11 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

কলিকতাত পুনৰ সংঘটিত হৈছে যৌন নিৰ্যাতনৰ ঘটনা। এগৰাকী বাইক টেক্সী চালকৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ।

ঘটনাৰ পাছত সুকান্তানগৰত উত্তেজনা বিয়পি পৰিছে। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্তক।

জানিব পৰা মতে ভুক্তভোগী যুৱতীগৰাকী থাইলেণ্ডৰ বাসিন্দা। অৱশ্যে কামৰ কাৰণে তেওঁ কেইবাবছৰ ধৰি কলকাতাৰ সুকান্তনগৰত বাস কৰি আছে।

সূত্ৰৰ পৰা জানিব পৰা মতে, দেওবাৰে নিশা প্ৰায় এঘাৰ বজাত পিকনিক গাৰ্ডেনৰ পৰা এই বাইকখন বুকিং কৰিছিল যুৱতীগৰাকীয়ে।

অভিযোগ অনুসৰি বাইকত উঠাৰ পিছতে যুৱতীগৰাকীৰ লগত অসৎ আচৰণ কৰিবলৈ আৰম্ভ কৰে চালকজনে। যুৱতীগৰাকীক অশালীন প্ৰস্তাৱো দিলে বাইক চালক গৰাকীয়ে। যাত্ৰাৰ সময়ত বিভিন্ন অশালীন বাক্যও কয় যুৱকজনে। এইদৰেই যুৱতীগৰাকীয়ে গন্তব্যস্থান পালেগৈ।

কিন্তু ইয়াৰ পিছতো বাইক চালকজন যুৱতীগৰাকীয়ে পিছে পিছে গৈ ঘৰত সোমাইগৈ। ইয়াৰ পিছত দুয়োৰে মাজত কাজিয়া আৰম্ভ হয়। সেই নিশাই যুৱতীগৰাকীয়ে নৰেন্দ্ৰপুৰ থানাত লিখিত এজাহাৰ দাখিল কৰে।

ইয়াৰ পিছতে অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়। এই ঘটনাত মহিলাৰ সুৰক্ষাৰ ওপৰত পুনৰ প্ৰশ্ন উত্থাপন হৈছে।

Related News