ভাৰত আৰু চীনৰ মাজত অনুষ্ঠিত সীমান্ত বিষয়া পৰ্যায়ৰ আলোচনাচক্ৰ

unnamed

ভাৰত আৰু চীনৰ মাজত পৰস্পৰৰ প্ৰতি বিশ্বাস আৰু বুজা-পৰাৰ সম্বন্ধ গঢ়ি তোলাৰ বাবে এটা পৰিৱেশ সৃষ্টি কৰি থকাৰ সময়তেই দুয়োদেশৰ সৈন্য বাহিনীৰ মাজৰ সম্পৰ্কত এটা সুসম্পৰ্ক গঢ়ি তোলাৰ এটা প্ৰয়াস কৰা হৈছে। সেয়েহে ভাৰতৰ ৭২ সংখ্যক স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি অৰুণাচলৰ আনজাও প্ৰদেশৰ কিবিথুত এখন সীমান্ত বিষয়া পৰ্যায়ৰ আলোচনাচক্ৰ অনুষ্ঠিত কৰা হয়।

ইয়াতে ভাৰতীয় সঁজাতী দলটোৰ নেতৃত্ব প্ৰদান কৰিছিল ভাৰতীয় সেমা বাহিনীৰ ডাও ডিভিজনৰ এগৰাকী ব্ৰিগেডিয়াৰে আৰু চীনা সঁজাতী দলটোৰ নেতৃত্ব প্ৰদান কৰিছিল এজৰাকী জ্যেষ্ঠ কৰ্নেল লিৱেন জিয়ানে।  দুয়োটা সঁজাতী দলতে দুয়ো দেশৰ সেনা বিষয়াবৰ্গ আছিল।

উল্লেখ্য যে কিবিথু-ডিমাইত সীমান্ত আলোচনাচক্ৰখন অনুষ্ঠিত কৰাৰ প্ৰক্ৰিয়া ২০১৪ চনতেই আৰম্ভ কৰা হৈছিল। এই আলোচনাচক্ৰ চীন-ভাৰতৰ মাজৰ স্থানীয় সীমা বিবাদ নিষ্পত্তি কৰা আৰু বিশ্বাসৰ পৰিৱেশ সৃষ্টি কৰাৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।

চীনা সঁজাতী দলটোক ভাৰতীয় সঁজাতী দলটোৱে আদৰণি জনাই আগন্তুক দিনবোৰত পাৰস্পৰিক সহযোগিতাৰে উন্নয়নৰ দিশত আগবাঢ়ি যোৱাৰ আশা প্ৰকাশ কৰে। চীনা সঁজাতী দলটোৰ প্ৰতি সন্মান জ্ঞাপন কৰি ভাৰতীয় সঁজাতী দলটোৱে এটা সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰাৰ লগতে ভাৰতীয় গৌৰৱময় ঐতিহ্যৰ এটা প্ৰদৰ্শনী কৰে।

প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ কৰ্নেল চি কোঁৱৰে জানাইছে যে দুয়োটা পক্ষই সহমত পোষণ কৰে যে যুটীয়াভাৱে উদ্‌যাপন কৰিলে বিশ্বাস আৰু সহযোগিতা বৃদ্ধি পায় আৰু এই ধৰণৰ পাৰস্পৰিক বিশ্বাস আৰু বুজাপৰাৰ সৃষ্টি কৰাৰ বাবে এই ধৰণৰ সাংস্কৃতিক বিনিময় ভৱিষ্যতে চলি থাকিব।