ধলা হত্যাকাণ্ডৰ প্ৰতিবাদ : কৃষ্ণাইত কেণ্ডেল লৈ মৌন সমদল

IMG_20181102_173846

কালি  তিনিচুকীয়া জিলাৰ ধলা-শদিয়া দলঙৰ সমীপৱৰ্ত্তী খেৰবাৰীৰ নৰহত্যা ঘটনাৰ প্ৰতিবাদত ২ অক্টোবৰ শুকুৰবাৰে সন্ধিয়া কৃষ্ণাই বাঙালী সমাজে  কৃষ্ণাই বজাৰৰ মাজৰে হাতে হাতে কেণ্ডেল  আৰু প্লেকাৰ্ড লৈ এক বিশাল মৌন সমদল উলিয়ায়৷ মৌন সমদলত যোগদান দিয়া প্ৰতিবাদকাৰীসকলে হাতে হাতে কেণ্ডেল আৰু প্লে কাৰ্ড লৈ সহস্ৰাধিক লোকে সমদল কৰি তিনিচুকীয়াৰ হত্যাকাণ্ডৰ তীব্ৰ প্ৰতিবাদ জনায়৷

কৃষ্ণাই দূৰ্গাবাৰীৰ পৰা আৰম্ভ কৰা সমদলটো বজাৰৰ মাজৰে শোভাযাত্ৰা কৰি দূৰ্গাবাৰীত শোভাযাত্ৰাৰ সামৰণি মাৰে৷

প্ৰতিবাদকাৰীসকলে সমদলৰ অন্তত  দূৰ্গাবাৰীত তিনিচুকীয়াৰ হত্যাকাণ্ডত নিহত সকলৰ আত্মাৰ সদগতি কমনাৰ বাবে এক মিনিট মৌন প্ৰাৰ্থনা কৰে৷ উপস্থিত লোকসকলে তিনিচুকীয়াৰ হত্যাকাণ্ডত জড়িত দোষীক কঠোৰ শাস্তি প্ৰদানৰ বাবে চৰকাৰৰ ওচৰত দাবী জনায়৷