NORTHEAST NOW (Assamese)

টীয়কত পানীত পৰি কৰুণভাৱে মৃত্যু এটি কণমানি শিশুৰ

May 26, 2021 7:59 am · নীৰ্মলেন্দু পাঠক

যোৰহাট জিলাৰ টীয়কৰ ঔগুৰি নেপালী খুটিৰ ৰাকেশ চেত্ৰীৰ প্ৰায় ডেৰবছৰীয়া পুত্ৰ অভিজিত চেত্ৰীৰ আজি পানীত পৰি শোকাৱহভাৱে মৃত্যু হয়।

জানিব পৰা মতে মংগলবাৰে পৰিয়ালৰ সদস্য নিজ নিজ নিত্য কৰ্মত ব্যস্ত হৈ থকাত শিশুটি বাহিৰত খেলি আছিল।

কিন্তু কিছু পলমকৈ ওচৰত এগৰাকী সম্বন্ধীয় আইতাকে বাৰীৰ পুখুৰীত শিশুটিক ওপঙি থকা দেখি চিঞৰ বাখৰ লগোৱাত সকলো গোট খাই ততাতৈয়াকৈ টীয়ক FRU চিকিৎসালয়ললৈ লৈ আহে।

অৱশ্যে চিকিৎসালয়খনৰ চিকিৎসকে শিশুটি মৃত ঘোষণা কৰে।

কণমাণি শিশুটিৰ শোকাৱহ মৃত্যুৱে সমগ্ৰ গাঁওজুৰি কৰুণ পৰিৱেশৰ সৃষ্টি কৰিছে।

Related News