৫০ দিন সূৰ্য্য উদয় নোহোৱা এখন চহৰ, তথাপিও পোহৰ নেহেৰাই জীৱনৰ
নৰৱে। মাত্ৰ ৭০ হাজাৰ জনসংখ্যা থকা ইউৰোপৰ এখন চহৰ।
এই চহৰখন পৃথিৱীৰ এখন আচৰিত চহৰ। ৫০ দিনলৈকে সূৰ্য উদয় নহয় এই চহৰত। ৫০ দিন ৰাতিয়েই হৈ থাকে এই চহৰত। আন্ধাৰৰ বাবে সংঘটিত হয় বহু দুৰ্ঘটনা। এই চহৰত সাংঘাটিক দাম প্ৰতিটো সামগ্ৰীৰ।
৫০ দিন পোহৰ অবিহনে কেনেকৈ থাকে নৰৱেবাসী ?
নৰৱেত সূৰ্যৰ পোহৰৰ অভাৱ পূৰণ কৰে এল ই ডি লাইটে।
ইয়াৰ মানুহে বৰফৰ ওপৰত পিছলি নপৰাকৈ স্পাইক ব্যৱহাৰ কৰে। নৰৱেত মানুহে বাহিৰলৈ ওলাই গ’লে বাহুত ৰেট্ৰ’ ৰিফ্লেক্টৰ পিন্ধে। লাইট জ্বলোৱাৰ লগে লগে ই জিলিকিবলৈ আৰম্ভ কৰে। এনেকৈ দুৰ্ঘটনা ৰোধৰ বাবে চেষ্টা কৰা হয়।
নৰৱেত মানুহ বৰ সুখেৰে জীয়াই থাকে। টকাৰ কথাও তেওঁলোকে নাভাবে। তেওঁলোকে সঞ্চয় নকৰে কাৰণ তেওঁলোকৰ পঢ়া-শুনা আৰু চিকিৎসাৰ খৰচ চৰকাৰে বহন কৰে। চালক আৰু চাফাই কৰ্মীৰ দৰে কাম কৰা সকলেও প্ৰতিমাহে ডেৰ-দুই-তিনি লাখ টকা উপাৰ্জন কৰে।