ব্ৰিটেইনলৈ ৰপ্তানি হ’ব অসমৰ জৈৱিক পদ্ধতিত উৎপাদিত উৰহী

Capture

আজি ২৩ অক্টোবৰে অসমৰ পৰা ব্ৰিটেইনলৈ উৰহী ৰপ্তানি আৰম্ভ হ’ব। জানিব পৰা মতে ৰপ্তানি হ’বলগীয়া এই উৰহীখিনি দৰং জিলাৰ কাৰুপেটীয়া অঞ্চলৰ পৰা সংগ্ৰহ কৰা হৈছে।

খানাপাৰাস্থ অসম কৃষি সঞ্চালকালয়ৰ সহকাৰী সঞ্চালক মৌছম হাজৰিকাই তেওঁৰ টুইটাৰ একাউণ্টৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে। তেখেতে আৰু জনাইছে যে এই উৰহীখিনি দেওবাৰে ইতিমধ্যে এয়াৰ ইণ্ডিয়াৰ মালবাহী বিমানেৰে এই উৰহীখিনি কলকাতালৈ প্ৰেৰণ কৰা হৈছে। ইয়াতে উৰহীখিনি কৃষিজাত আৰু প্ৰক্ৰিয়াকৃত খাদ্য ৰপ্তানি উন্নয়ন প্ৰাধিকৰণৰ (Agricultural and Processed Food Products Export Development Authority চমুকৈ (APEDA) পেকিং গৃহত পেক কৰাৰ পাছত আজি প্ৰেৰণ কৰা হ’ব।

উল্লেখ্য যে অসমীয়াৰ এবিধ প্ৰিয় পাচলিৰ অন্যতম হৈছে উৰহী আৰু ই যথেষ্ট স্বাস্থ্যৰ বাবে উপকাৰী। উৰহীয়ে মধুমেহ নমিয়ন্ত্ৰণত ৰকাৰ উপৰিও হাড় আৰু কলিজা শক্তিশালী কৰে।

খাৰুপেটীয়াত হবিবুৰ ৰহমানে ধৰি একাংশ কৃষকে জৈৱিক পদ্ধতিত কৃষিকাৰ্য আৰম্ভ কৰিছে। এই জৈৱিক পদ্ধতিত উৎপাদিত শাক-পাচলিৰ বৃটেইনকে ধৰি বিশ্বৰ উন্নত দেশত বাস কৰা ভাৰত আৰু বাংলাদেশৰ প্ৰৱাসী লোকৰ মাজত অধিক কদৰ আছে আৰু এইদৰে ৰপ্তানিকৃত শাক-পাচলি বৃটেইনত বসবাসকাৰী বাংলাদেশ আৰু ভাৰতৰ প্ৰৱাসী লোকসকলে ক্ৰয় কৰে।

উল্লেখ্য যে কলকাতাৰ পৰা প্ৰতি দিনে ১০ৰ পৰা ১৫ মেট্ৰিক টন সতেজ শাক-পাচলি বৃটেইনলৈ ৰপ্তানি কৰা হয়।

কলকাতাৰ সলনি অসম উদ্যোগিক উন্নয়ন নিগমৰ  (Assam Industrial Development Corporation Limited ) আমিনগাঁৱত থকা ৰপ্তানি উদগনি ঔদ্যোগিক পাৰ্কত Export promotion Industrial Park)  থকা পেক হাউছটোক ব্যৱহাৰ কৰাৰ সময় সমাগত। এই ক্ষেত্ৰত আমিনগাঁৱত থকা পেকহাউছটো কৃষিজাত আৰু প্ৰক্ৰিয়াকৃত খাদ্য ৰপ্তানি উন্নয়ন প্ৰাধিকৰণৰ সৈতে পঞ্জীয়ন কৰিব লাগিব।