NORTHEAST NOW (Assamese)

মৰ্মান্তিক! একেজোপা গছৰে দুটা ডালত একেলগে চিপ লৈ নিহত দুলীয়াজানৰ দম্পতী

May 3, 2023 10:16 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 3, 2023 10:19 am

ডিব্ৰুগড়ৰ দুলীয়াজানত মঙলবাৰে পুৱা গছত ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছে এহাল দম্পতী। ১ নং বকুলনি গাঁৱৰ মূল পথৰ কাষতে থকা এজোপা গছত একেলগে চিপ লৈ আত্মহত্যা কৰিছিল এই দুই স্বামী-স্ত্ৰীয়ে।

নিহত পতি-পত্নী হাল ক্ৰমে দিংগুল ভূঞা আৰু মণিকা ভূঞা বুলি জানিব পৰা গৈছে।

সূত্ৰ অনুসৰি বিগত তিনিমাহ ধৰি এই  বিবাহিত দম্পতীহালে তীব্ৰ আৰ্থিক সংকটত ভুগি আছিল।

সন্দেহ কৰা হৈছে যে আৰ্থিক অসুবিধাৰ বাবেই এই চৰম সিদ্ধান্ত ল’বলৈ বাধ্য হ’ল দম্পতীহাল।

তেওঁলোকৰ মৃতদেহ উদ্ধাৰৰ পিছত এতিয়া অঞ্চলটোত শোকৰ ছাঁ বিৰাজ কৰিছে। স্থানীয় লোকে কয় যে দম্পতীহাল গাঁৱৰ মানুহৰ সৈতে সদায় বন্ধুত্বপূৰ্ণ আছিল।

পিছত স্থানীয় আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে।

Related News