৫ম ছিল্ক ৰোড আন্তৰ্জাতিক কলা মহোৎসৱত যোগ দিব মণিপুৰৰ এটা সাংস্কৃতিক সঁজাতী দলে

trip-to-china-570x320

৬গৰাকী মহিলা শিল্লীকে ধৰি মুঠ ১৫গৰাকী শিল্পীৰে গঠিত মণিপুৰৰ এটা সাংস্কৃতিক সঁজাতী দলে চীন ভ্ৰমণ কৰিব। ৰাজ্যিক কলা আৰু সংস্কৃতি সঞ্চালক অৰিবাম শিৱদাস শৰ্মাৰ তত্বাৱধানত এই সঁজাতী দলটোৱে বুধবাৰে ইতিমধ্যে চীন অভিমুখে ৰাওনা হৈছে। তেওঁলোকে চীনৰ শ্বানচি (Shaanxi) প্ৰদেশৰ ৰাজধানী চিয়ান (Xian) মহানগৰত আয়োজিত ৫ম ছিল্ক ৰোড আন্তৰ্জাতিক কলা মহোৎসৱত (Silk Road International Arts Festival) যোগদান কৰিব।

এই কলা মহোৎসৱ ছেপ্টেম্বৰৰ ৬ তাৰিখৰ পা ১৬ তাৰিখলৈকে অনুষ্ঠিত হ’ব।  পীপ্‌লছ ৰিপাব্লিক অব চাইনাৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ উদ্যোগত এই কলা মহোৎসৱৰ আয়োজন কৰিছে শ্বানচি প্ৰদেশৰ সাংস্কৃতিক বিভাগে।

মণিপুৰৰ কলা আৰু সংস্কৃতি বিভাগৰ আয়ুক্ত এম লক্ষীকুমাৰ সিঙে কৈছে, ‘‘এই কলা মহোৎসৱ হৈছে ভাৰত বিশেষকৈ মণিপুৰ আৰু আছিয়ান দেশসমূহৰ সৈতে সাংস্কৃতিক বিনিময়ৰ এটা অংশ। চীনে ভাৰতৰ সৈতে দ্বিপাক্ষিক বুজাপৰা শক্তিশালী কৰাৰো প্ৰচেষ্টা কৰিছে।’’

আয়ুক্তগৰাকীয়ে কৈছে যে প্ৰতিবছৰ নৱেম্বৰ মাহত অনুষ্ঠিত মণিপুৰৰ বাৰ্ষিক পৰ্যটন মহোৎসৱ ‘ছাংগাই মহোৎসৱ’ত উপস্থিত থকা চীনৰ সাংস্কৃতিক সঁজাতী দলটোৱে মণিপুৰৰ উচ্চ মান বিশিষ্ট সাংস্কৃতিক আৰু পৰম্পৰাগত পৰিৱেশনশৈলীৰ দেখা পাই চীনে মণিপুৰক আনুষ্ঠানিকভাৱে এই মহোৎসৱত যোগ দিয়াৰ বাবে নিমন্ত্ৰণ কৰিছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও চীনৰ এটা সাংস্কৃতিক সঁজাতী দলে মণিপুৰৰ ছাংগাই মহোৎসৱত পৰিৱেশন কৰিছিল।

আয়ুক্তগৰাকীয়ে আৰু কৈছে যে ভাৰতৰ এক্ট ইষ্ট পলিচীৰ পটভূমিত আছিয়ান দেশসমূহে আয়োজন কৰা সাংস্কৃতিক মহোৎসৱত ৰাজ্যখনৰ সাংস্কৃতিক সঁজাতী দলসমূহে অংশগ্ৰহণ কৰি সেই দেশসমূহৰ সৈতে ভাৰতৰ সম্পৰ্কৰ বান্ধোন সুদৃঢ় কৰি তুলিব।

মণিপুৰৰ কলা আৰু সংস্কৃতি সঞ্চালক অৰিবাম শিৱদাস শৰ্মাই জনাইছে যে মণিপুৰৰ সাংস্কৃতিক সঁজাতী দলটোৱে ৬টা বিখ্যাৎ নৃত্যশৈলী, নাটক, সমৰকলা পৰিৱেশন কৰিব।