যোৰহাটৰ মহিলাৰ মৃতদেহ শিৱসাগৰত উদ্ধাৰ

20191024_003042

ফটো : নৰ্থ-ইষ্ট নাও

বুধবাৰে সন্ধিয়া শিৱসাগৰৰ এ টি ৰোডৰ মৰিবিল সৰোবৰ (পুখুৰী)ত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

মহিলা গৰাকীৰ মৃতদেহ পানীত উপঙি থকা দেখা পাই স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলত জিলা দণ্ডাধীশ সম্প্ৰিতী গোস্বামীৰ লগতে আৰক্ষীৰ দল এটা উপস্থিত হৈ মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি পানীৰ পৰা উঠাই অনা হয়।

আৰক্ষীয়ে পুখুৰীটোৰ পাৰত এটা মোনাত এখন চুইচাইড নোটৰ লগতে এখন ৰুমাল কেইটামান টকা, আৰু এটি সৰু কণমানিৰ স্কুলৰ পৰিচয় পত্ৰ উদ্ধাৰ কৰে।

প্ৰাৰম্ভিক তদন্তত আৰক্ষীয়ে মহিলাগৰাকী যোৰহাটৰ সাতিৰাণী দে বুলি তথ্য লাভ কৰিছে। আৰক্ষীয়ে লাভ কৰা চুইচাইড নোট খন বেংগলী ভাষাত লিখা আছিল বুলি জানিবলৈ দিয়ে জিলা দণ্ডাধীশ সম্প্ৰিতী গোস্বামীয়ে।

আৰক্ষীয়ে মহিলাগৰাকীৰ প্ৰকৃত তথ্য আৰু কি কাৰণত আত্মহত্যা কৰিলে সেই ৰহস্য উদঘাটন কৰিবলৈ তদন্ত আৰম্ভ কৰা বুলি জানিবলৈ দিয়ে জিলা দণ্ডাধীশ গৰাকীয়ে।