আঞ্চলিক পাৰপত্ৰ কৰ্মচাৰীক ৪ বছৰৰ সশ্ৰম কাৰাদণ্ড, ১০ হাজাৰ টকা জৰিমনা বিশেষ আদালতৰ

উৎকোচ লোৱাৰ সময়ত হাতে-লোতে ধৰা পৰিছিল

Court-handle

যোৱা ২৭ নৱেম্বৰে গুৱাহাটীৰ আঞ্চলিক পাৰপত্ৰ বিষয়াৰ ব্যক্তিগত সহায়িকা হিচাপে কৰ্মৰত নিম্নবৰ্গৰ সহায়িকা অঞ্জলি দাস ঠাকুৰীয়াক চিবিআই, গুৱাহাটীৰ বিশেষ ন্যায়াধীশে ৪ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে ১০ হাজাৰ টকাৰ জৰিমণা বিহিছে। শ্ৰীমতী ঠাকুৰীয়াই এগৰাকী ব্যক্তিৰ পৰা ২,০০০ টকা উৎকোচ গ্ৰহণ কৰাৰ সময়ত হাতে-লোটে ধৰা পেলাইছিল অনুসন্ধানকাৰী সংস্থা চিবিআয়ে।

উল্লেখ্য যে ভৰতীয় অনুসন্ধান সংস্থা চিবিআয়ে অঞ্জলি দাস ঠাকুৰীয়া নামৰ নিম্নবৰ্গৰ সহায়িকাগৰাকীৰ বিৰুদ্ধে ১২.০৯.২০১৪ চনত এটা গোচৰ পঞ্জীয়নভুক্ত কৰিছিল। শ্ৰীমতী ঠাকুৰীয়াই সাময়িকভাৱে আঞ্চলিক পাৰপত্ৰ বিষয়াৰ ব্যক্তিগত সহায়িকা হিচাপে নিযুক্তি লাভ কৰিছিল।

শ্ৰীমতী অঞ্জলি দাস ঠাকুৰীয়াই এটা পাৰপত্ৰ ফাইল পাছ কৰোৱাৰ বাবদ দুহেজাৰ টকা দাবী কৰিছিল আৰু ফাইলটো ৭ দিনৰ ভিতৰতে ঘৰত জমা দি আহিব বুলি কোৱা বুলি অভিযোগ এগৰাকী ব্যক্তিয়ে অভিযোগ দিছিল।

অনুসন্ধানকাৰী সংস্থাটোৱে অপৰাধীক ধৰাৰ বাবে জাল পাতিছিল আৰু অভিযোগকাৰীৰ পৰা ২০০০ টকা লোৱা অৱস্থাত হাতে-লোটে ধৰা পেলাইছিল। বিভাগীয় অনুসন্ধানৰ পাছত ২০১৫ৰ ২০ জুনত ডেজিগনেটেড আদালতত এখন অভিযোগনামা দাখিল কৰিছিল।

সাক্ষ্য প্ৰমাণ প্ৰমাণিত হোৱাত আদালতে অভিযুক্তাগৰাকীক দোষী সাব্যস্ত কৰে আৰু ৪ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ সৈতে ১০ হাজাৰ টকাৰ জৰিমনা বিহে।