জ্ঞানেন্দ্ৰ হত্যাৰ ২০ দিনৰ পিছতো দোষী আৰক্ষী বিষয়াৰ বিৰুদ্ধে কোনোধৰণৰ ব্যৱস্থা নোলোৱাৰ প্ৰতিবাদত আজি ন্যায় বিচাৰি গোলাঘাট নগৰৰ ৰাজপথলৈ ওলাই আহে জ্ঞানেন্দ্ৰৰ পিতৃ নগেন ৰাজখোৱা আৰু কিশোৰ পুত্ৰ। সমগ্র ঘটনাক লৈ ন্যায় প্ৰদানৰ নামত যোৱা ৫ ডিচেম্বৰৰ পৰা জিলা প্ৰশাসন আৰু আৰক্ষীয়ে কৰি অহা ভেকো-ভাওনাৰ প্ৰতিবাদত আজি সদৌ গোলাঘাট জিলা কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীয়ে নগৰৰ মাজ মজিয়াত ৰূপায়ণ কৰা প্ৰতিবাদী অৱস্থান ধৰ্মঘটত অংশ গ্ৰহণ কৰি দুৰ্ভগীয়া পিতৃগৰাকীয়ে প্ৰশাসনৰ আশ্বাসক ন্যায়ৰ নামত প্ৰহসন বুলি আখ্যা দিয়ে।
উল্লেখযোগ্য যে সন্মিলনীৰ নেতৃত্বত উপায়ুক্ত কাৰ্যলয়ৰ সমীপত ৰূপায়ণ কৰা উক্ত প্ৰতিবাদী কাৰ্যসূচীত বিভিন্ন দল সংগঠন আৰু ৰাইজে সহযোগ কৰে। ৩ ঘন্টাৰ উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ সময়ত অন্যান্য প্ৰতিবাদকাৰীৰ লগতে জ্ঞানেন্দ্ৰৰ পিতৃয়ে “হত্যাকাৰী ডিএছপি পাৰ্থ প্ৰতীম শইকীয়াক গ্ৰেপ্তাৰ কৰক” শীৰ্ষক প্লেকাৰ্ড প্ৰদৰ্শন কৰি ঘটনাৰ মূল অভিযুক্তই যে এতিয়াও মুকলি আকাশৰ তলত বিচৰণ কৰি আছে সেই কথা পুনৰবাৰ প্ৰতিপন্ন কৰে।
প্ৰতিবাদকাৰীসকলে ঘটনাৰ ন্যায়দানৰ বাবে জিলা প্ৰশাসন আৰু আৰক্ষীৰ বিভাগৰ মূৰব্বীয়ে প্ৰতিবাদী ৰাইজক দিয়া আশ্বাস কাৰ্যকৰী নকৰি চৰম বিশ্বাসঘাটকতা কৰা বুলি অভিযোগ উত্থাপন কৰে।
উক্ত কাৰ্যসূচীৰ পিছতে কোঁচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ জিলা সভাপতি পংকজ ৰাজখোৱা আৰু সাধাৰণ সম্পাদক পাৰ্থপ্ৰতীম বৰাই পুনৰবাৰ ঘটনাৰ তদন্ত আৰু দোষীক শাস্তি প্ৰদানৰ দাবীত জিলা উপায়ুক্তৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল তথা গৃহ দপ্তৰলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
উক্ত কাৰ্যসূচীত কোঁচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ কেন্দ্ৰীয় সম্পাদক দেবাংগ তালুকদাৰ, অনুসূচিত জাতি ছাত্র সন্থাৰ কেন্দ্ৰীয় সম্পাদক পৰমানন্দ দাস, মদমুক্ত অসম দাবী সমিতিৰ সভাপতি প্ৰবীণ দাস, টাই আহোম ছাত্ৰ সন্থাৰ সম্পাদক কৃষ্ণ বৰুৱা, আহোম সেনাৰ ত্ৰিনয়ন ৰাজকুমাৰ, ছাত্ৰ মুক্তিৰ মৃণাল নাথ আদিয়ে সহযোগ কৰে।
উল্লেখযোগ্য যে উক্ত ঘটনাৰ মূল অভিযুক্ত উপ আৰক্ষী অধীক্ষক পার্থ প্ৰতীম শইকীয়াৰ বিৰুদ্ধে হত্যাকাণ্ডৰ গোচৰ ৰুজু হোৱাৰ পিছতো গোলাঘাট আৰক্ষীয়ে আজি পৰ্যন্ত বিষয়জনক ৰক্ষণাবেক্ষণ দি থকা কাৰ্যই জনসাধাৰণৰ মাজত এক ৰহস্যৰ সৃষ্টি কৰিছে। বিশেষকৈ স্বয়ং আৰক্ষী অধীক্ষক মানবেন্দ্ৰ দেৱৰয়ৰ নিৰ্বিকাৰ ভূমিকা আৰু উপায়ুক্তৰ মৌনতাই প্ৰশ্নৰ সৃষ্টি কৰাৰ লগতে কি স্বাৰ্থৰ বাবে এগৰাকী দোষী আৰক্ষী বিষয়াক বচোৱাৰ প্ৰচেষ্টা চলিছে সেইয়া দুৰ্বোধ্য হৈ পৰিছে। এনে পৰিস্থিতিত গৃহ দপ্তৰ আৰু মুখ্যমন্ত্ৰীৰ হস্তক্ষেপেহে তদন্ত প্ৰক্ৰিয়া গতিশীল কৰিব বুলি আশা কৰিছে পৰিয়াল আৰু দল সংগঠনে।