• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জ্ঞানেন্দ্ৰ হত্যাৰ ন্যায় বিচাৰি ৰাজপথত পৰিয়াল, দল সংগঠনৰ অৱস্থান ধৰ্মঘট

মুখ্যমন্ত্ৰী, গৃহ দপ্তৰলৈ স্মাৰক পত্ৰ প্ৰেৰণ

Ritupallab Saikia ঋতুপল্লব শইকীয়া
গোলাঘাট , December 24, 2018 8:55 pm

2 min read

IMG-20181224-WA0025
151
VIEWS
Share on FacebookShare on Twitter

জ্ঞানেন্দ্ৰ হত্যাৰ ২০ দিনৰ পিছতো দোষী আৰক্ষী বিষয়াৰ বিৰুদ্ধে কোনোধৰণৰ ব্যৱস্থা  নোলোৱাৰ প্ৰতিবাদত  আজি ন্যায় বিচাৰি গোলাঘাট নগৰৰ  ৰাজপথলৈ ওলাই আহে জ্ঞানেন্দ্ৰৰ পিতৃ নগেন ৰাজখোৱা আৰু কিশোৰ পুত্ৰ। সমগ্র ঘটনাক লৈ ন্যায় প্ৰদানৰ নামত যোৱা ৫ ডিচেম্বৰৰ পৰা জিলা প্ৰশাসন আৰু আৰক্ষীয়ে কৰি অহা ভেকো-ভাওনাৰ প্ৰতিবাদত আজি সদৌ গোলাঘাট জিলা কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীয়ে নগৰৰ মাজ মজিয়াত ৰূপায়ণ কৰা প্ৰতিবাদী অৱস্থান ধৰ্মঘটত অংশ গ্ৰহণ কৰি দুৰ্ভগীয়া পিতৃগৰাকীয়ে প্ৰশাসনৰ আশ্বাসক ন্যায়ৰ নামত প্ৰহসন বুলি আখ্যা দিয়ে।

উল্লেখযোগ্য যে সন্মিলনীৰ  নেতৃত্বত উপায়ুক্ত কাৰ্যলয়ৰ সমীপত ৰূপায়ণ কৰা উক্ত প্ৰতিবাদী কাৰ্যসূচীত বিভিন্ন দল সংগঠন আৰু ৰাইজে সহযোগ কৰে। ৩ ঘন্টাৰ  উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ সময়ত অন্যান্য প্ৰতিবাদকাৰীৰ লগতে জ্ঞানেন্দ্ৰৰ পিতৃয়ে “হত্যাকাৰী ডিএছপি পাৰ্থ প্ৰতীম শইকীয়াক গ্ৰেপ্তাৰ কৰক” শীৰ্ষক প্লেকাৰ্ড প্ৰদৰ্শন কৰি ঘটনাৰ মূল অভিযুক্তই যে এতিয়াও মুকলি আকাশৰ তলত বিচৰণ কৰি আছে সেই কথা পুনৰবাৰ প্ৰতিপন্ন কৰে।

প্ৰতিবাদকাৰীসকলে ঘটনাৰ ন্যায়দানৰ বাবে জিলা প্ৰশাসন আৰু আৰক্ষীৰ বিভাগৰ মূৰব্বীয়ে প্ৰতিবাদী ৰাইজক দিয়া আশ্বাস কাৰ্যকৰী নকৰি চৰম বিশ্বাসঘাটকতা কৰা বুলি অভিযোগ উত্থাপন কৰে।

উক্ত কাৰ্যসূচীৰ পিছতে কোঁচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ জিলা সভাপতি পংকজ ৰাজখোৱা আৰু সাধাৰণ সম্পাদক পাৰ্থপ্ৰতীম বৰাই  পুনৰবাৰ ঘটনাৰ তদন্ত আৰু দোষীক শাস্তি প্ৰদানৰ দাবীত জিলা উপায়ুক্তৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল তথা গৃহ দপ্তৰলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

উক্ত কাৰ্যসূচীত কোঁচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ কেন্দ্ৰীয় সম্পাদক দেবাংগ তালুকদাৰ, অনুসূচিত জাতি ছাত্র সন্থাৰ কেন্দ্ৰীয় সম্পাদক পৰমানন্দ দাস, মদমুক্ত অসম দাবী সমিতিৰ সভাপতি প্ৰবীণ দাস, টাই আহোম ছাত্ৰ সন্থাৰ সম্পাদক কৃষ্ণ বৰুৱা, আহোম সেনাৰ ত্ৰিনয়ন ৰাজকুমাৰ, ছাত্ৰ মুক্তিৰ মৃণাল নাথ আদিয়ে সহযোগ কৰে।

উল্লেখযোগ্য যে  উক্ত ঘটনাৰ মূল অভিযুক্ত উপ আৰক্ষী অধীক্ষক  পার্থ প্ৰতীম শইকীয়াৰ বিৰুদ্ধে হত্যাকাণ্ডৰ গোচৰ ৰুজু হোৱাৰ পিছতো গোলাঘাট আৰক্ষীয়ে আজি পৰ্যন্ত বিষয়জনক ৰক্ষণাবেক্ষণ দি থকা কাৰ্যই জনসাধাৰণৰ মাজত এক ৰহস্যৰ সৃষ্টি কৰিছে। বিশেষকৈ স্বয়ং আৰক্ষী অধীক্ষক মানবেন্দ্ৰ দেৱৰয়ৰ নিৰ্বিকাৰ ভূমিকা আৰু উপায়ুক্তৰ মৌনতাই প্ৰশ্নৰ সৃষ্টি কৰাৰ লগতে কি স্বাৰ্থৰ বাবে এগৰাকী দোষী আৰক্ষী বিষয়াক বচোৱাৰ প্ৰচেষ্টা চলিছে সেইয়া দুৰ্বোধ্য হৈ পৰিছে। এনে পৰিস্থিতিত গৃহ দপ্তৰ আৰু মুখ্যমন্ত্ৰীৰ হস্তক্ষেপেহে  তদন্ত প্ৰক্ৰিয়া গতিশীল কৰিব বুলি আশা কৰিছে পৰিয়াল আৰু দল সংগঠনে।

Recent News

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

Arunachal

উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে : অৰুণাচল প্ৰদেশত গাঁও নিৰ্মাণ কৰিছে চীনে!

index.jpgaa

মাৰ্ঘেৰিটাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ‘আহোম সভা’ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd