NORTHEAST NOW (Assamese)

ওদালগুৰিত চাইকেলক লৈ বিবাদৰ পৰিণতিত পুত্ৰৰ হাতত নিহত পিতৃ

September 16, 2018 4:23 pm · ছাজিদ খান

ওদালগুৰিত পুত্ৰৰ হাতত পিতৃৰ প্ৰাণনাশ হোৱাৰ এটা চঞ্চল্যকৰ ঘটনা সৃষ্টি হৈছে। ওদালগুৰিৰ ডিমাকুছিৰ ওচৰৰ বৰাংবাৰীত এটৈ সামান্য ঘৰুৱা কথাতেই বিবাদৰ সূত্ৰপাত ঘটি তাৰ পৰিণতিতেই পুত্ৰৰ হাতত প্ৰাণ দিবলগীয়া হ’ল পিতৃয়ে. পৰিয়ালৰ লোকে অপৰাধী পুত্ৰজনক আৰক্ষীৰ হাতত গটাই দিছে।

ঘটনাৰ বিৱৰণিত মতে, এখন চাইকেলক কেন্দ্ৰ কৰি পিতা ব্যৰ্থ কুজুৰ আৰু পুত্ৰ সন্তোষ কুজুৰৰ মাজত তীব্ৰ বাক-বিতণ্ডা হৈছিল।

সূত্ৰৰ পৰা জানিব পৰা মতে কেইদিনমান পূৰ্বে ব্যৰ্থ কুজুৰে পুতেক সন্তোষৰ পৰা চাইকেলখন আনি ওভোতাই দিয়া নাছিল। যেতিয়াই পুতেকে চাইকেলখন ওভোতাই আনিবলৈ আহে, তেতিয়াই দুয়োৰে মাজত বাক-বিতণ্ডা আৰম্ভ হয়।

খঙত হিতাহিত জ্ঞানশূন্য হৈ পৰা সন্তোষে পিতাকক এডাল লাঠিৰে মৰিয়াই মাৰি পেলায়।

ইতিমধ্যে অভিযুক্ত সন্তোষৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩০২ অনুসৰি  ডিমাকুছি আৰক্ষী থানাত ৮৯/১৮ নম্বৰত এটা গোচৰ পঞ্জীয়ন কৰা হৈছে বুলি ডিমাকুছি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে নৰ্থ-ইষ্ট নাওক জনাইছে। তেওঁ আৰু কৈছে যে হত্যাকাণ্ডটোৰ সন্দৰ্ভত  এটা অনুসন্ধান চলোৱা হৈছে।

Related News