কথমপি বাচিল হিমন্ত বিশ্বৰ চৰকাৰ : সক্ৰিয়কৰ্মী  পিণ্টু গগৈৰ এটা ফেচবুক পোষ্ট

আজি অসমৰ ৰাজনৈতিক জগতৰ বাবে ঐতিহাসিক দিন তথা অসমৰ সংসদীয় ইতিহাসত নজিৰবিহীন ঘটনাঃ বিধানসভাত অখিল গগৈয়ে সংকল্প প্ৰস্তাৱ দিছিল, অসমৰ সকলো পথাৰত বাৰ মাহে খেতি কৰিব পৰা ব্যৱস্থা কৰিব লাগে।

অখিল গগৈয়ে সদনত অনা এই সংকল্প প্ৰস্তাৱ অধ্যক্ষজনে যদিও পোনচাটেই নাকচ কৰিবলৈ লৈছিল কিন্তু বিৰোধী সদনে এই প্ৰস্তাৱৰ পক্ষত থিয় দিলে আৰু এই সংকল্প প্ৰস্তাৱৰ বাবে ভোট ল’বলৈ দাবী তুলিলে।

অধ্যক্ষগৰাকীৰ অমনোযোগিতাৰ স্বত্বেও ভোটিঙৰ ব্যৱস্থা ল’বলৈ বাধ্য হ’ল কিয়নো সেই সময়ত সদনত শাসকীয় বিধায়কৰ সংখ্যা কম আছিল যাৰ পৰিপ্ৰেক্ষিতত অধ্যক্ষজনে কৌশলেৰে দহ মিনিটৰ বাবে সদন স্থগিত কৰিলে আৰু সেই সময়তে বিজেপিৰ মন্ত্ৰীয়ে এজনে গালি শপনি পাৰি গুৱাহাটীত থকা বিজেপিৰ বিধায়কসকলক কোবাকোবিকৈ মাতি পঠালে।

ভোটত অখিল গগৈৰ সংকল্প প্ৰস্তাৱৰ বাবে বিৰোধীয়ে ৩০ টা ভোট পালে আৰু চৰকাৰে ৩৯টা। ব্যৱধান মাত্ৰ ৯ টা ভোট। সদন স্থগিত নকৰি লগে লগেই ভোটিঙৰ ব্যৱস্থা কৰা হ’লে  হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ বিজেপি চৰকাৰৰ পতন নিশ্চিত হ’ল হেতেন বুলি বিৰোধীয়ে দাবী তুলিছে কাৰণ সেই সময়ত সদনত শাসকতকৈ বিৰোধীৰ বিধায়ক বেছি আছিল।

নম্বৰ ১)

শাসকীয় পক্ষত প্ৰায় ৯০ জন মান বিধায়ক আছে কিন্তু তাৰে অধিকাংশই সদনত উপস্থিত নাথাকি দলীয় কামত ব্যস্ত দেখা গৈছে। সদনৰ গৰিমাক যে বিজেপিৰ বিধায়কে সন্মান নকৰে এই ঘটনাৰ জৰিয়তে তাৰ পূৰ্ণ প্ৰতিচ্ছৱি প্ৰতিফলিত হৈছে।

নম্বৰ ২)

সদনত এনে ঘটনা বহু বছৰৰ পাছত হৈছে বুলি সকলোৱে কৈছে অৰ্থাৎ অসমৰ সংসদীয় ইতিহাসত ই নজিৰবিহীন ঘটনা। অখিল গগৈয়ে অনা সংকল্প প্ৰস্তাৱ অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এটা বিষয় য’ত অসমৰ কৃষকসকলৰ উপৰিও অসমৰ স্বতন্ত্ৰ অৰ্থনীতিৰ দিশটো জড়িত হৈ আছে। দুটা দশকজুৰি অখিল গগৈয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জৰিয়তে কৰা মূল সংগ্ৰামখনক আজি তেওঁ বিধানসভাত ইতিহাস ৰচনা কৰিলে। অখিল গগৈ ডাঙৰীয়ালৈ বৈপ্লৱিক অভিবাদন জনালোঁ আৰু বিৰোধী সকলৰ স্থিতিকো চেলুট জনালোঁ।

নম্বৰ ৩)

যদিও চৰকাৰী পক্ষ মাত্ৰ ৯ টা ভোটৰ ব্যৱধানত জয়ী হ’ল তাৰ মানে বিজেপি চৰকাৰ কৃষকৰ বিৰোধী চৰকাৰ! হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ বিজেপি চৰকাৰে বাৰ মাহে অসমত খেতি কৰাটো নিবিচাৰে ! মাত্ৰ খেতিয়ক সকলক হিতাধিকাৰী কৰি টোপ দিয়াহে হয়। কিয়নো আচঁনি এখন দিলে ভুৱা হিতাধিকাৰি পস্তুত কৰি ভোটাৰ বেংক বনাবলৈ সক্ষম হয়।

পুনৰ  অখিল গগৈ ডাঙৰীয়ালৈ বৈপ্লৱিক অভিবাদন জনাইছোঁ,

সাধাৰণ খেতিয়কৰ পক্ষতযে এই চৰকাৰ নাই সেইটো প্ৰমাণ হ’ল!

সময়ত অঁকা থাকিব এই সময়……