• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২০ সংখ্যক ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ”ক লৈ উখল-মাখল বোকাখাতৰ জাতীয় বিদ্যালয় বাকৰি

উত্তম কুমাৰ শৰ্মা, বোকাখাত by উত্তম কুমাৰ শৰ্মা, বোকাখাত
May 20, 2024 2:59 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জ্ঞান-বিজ্ঞান সমিতি অসমৰ উদ্যোগত অহা ২৩, ২৪ আৰু ২৫মে’ত তিনিদিনীয়া কাৰ্যসূচীৰে বোকাখাতৰ জাতীয় বিদ্যালয়ৰ বাকৰিত অনুষ্ঠিত হ’ব ২০ সংখ্যক ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ,২০২৪।

উল্লেখযোগ্য যে ভাৰতবর্ষৰ বিজ্ঞান সংগঠনসমূহৰ সন্মিলিত অনুষ্ঠান ‘অল ইন্ডিয়া পিপ’লছ ছায়েন্স নেটৱৰ্ক’ৰ নেতৃত্বত বিজ্ঞানক জনমুখী কৰাৰ উদ্দেশ্যৰে ১৯৮৭ চনত এক প্রচাৰধর্মী অনুষ্ঠানৰ আৰম্ভ হৈছিল নাম কলাযাত্রা। জনসাধাৰণৰ সাক্ষৰতা অবিহনে বিজ্ঞান জনপ্রিয়কৰণৰ এই যাত্রা সফল নোহোৱাত ১৯৯০ চনত পূর্ণ সাক্ষৰতা অভিযানৰ লক্ষ্যও লগত লৈ গঠন হ’ল এক স্বেচ্ছাসেৱী সামাজিক অনুষ্ঠান জ্ঞান-বিজ্ঞান সমিতি। অসমতো নিৰক্ষৰতা দূৰীকৰণ, বিজ্ঞান জনপ্রিয়কৰণ, সামাজিক উন্নয়নৰ লক্ষ্য আৰু উদ্দেশ্য সৰোগত কৰি ১৯৯০ চনৰ ১৮ জুলাইত জন্ম লাভ কৰে জ্ঞান-বিজ্ঞান সমিতি অসম-এ। ৰাজ্যিক সমিতিসমূহৰ সমন্বয়ৰক্ষী অনুষ্ঠান হিচাপে ৰাষ্ট্রীয় স্তৰত কার্যনির্বাহ কৰি আছে ভাৰত জ্ঞান বিজ্ঞান সমিতিয়ে।

Apply Now

শিশুৰ শাৰীৰিক, মানসিক, বৌদ্ধিক, সৃজনীশীলতা, সামাজিক, ভাতৃত্বভাৱ, সামুহিক কাম কৰাৰ কৌশল আয়ত্ব কৰাৰ গুণ অর্জন কৰাৰ বাবে ১৯৯৪ চনৰ পৰা প্রতি বছৰে ৰাজ্যিক স্তৰত শিশু বিজ্ঞান সমাৰোহ (পূর্বৰ নাম “শিকাৰ আনন্দ উৎসৱ-Joy Of Learning”) অনুষ্ঠিত হৈ আহিছে। ষষ্ঠৰ পৰা অষ্টম শ্রেণীৰ ছাত্র-ছাত্রীয়ে অংশগ্রহণ কৰা এই সমাৰোহত অংক, বিজ্ঞান, পৰিবেশ, অৰিগামী, জ্যোতির্বিজ্ঞান, গীত-নাট আদি শিকন কোণত আমোদৰ মাজেৰে, খেলৰ মাজেৰে শিক্ষা প্রদান কৰা হয়। সমাৰোহত শিশুসকল স্থানীয় শিশুৰ ঘৰত ৰাতি আলহী হিচাপে ৰখাৰ ব্যৱস্থাটো সমাৰোহৰ এটি অন্যতম বৈশিষ্ট্য।

সাম্প্রদায়িকতা, ধর্মীয় উন্মাদনা, কু-সংস্কাৰ অন্ধবিশ্বাস, অজ্ঞানতা, নিৰক্ষৰতা, অনগ্রসৰতাক আঁতৰাই বিজ্ঞান মনস্কতাৰ ভেটিত এখন সুস্থ সবল, উন্নত সমাজ গঢ় দিয়াত জ্ঞান-বিজ্ঞান সমিতি, অসমৰ এই যাত্রাত গোলাঘাট জিলাৰ হৈ বোকাখাতো এই বৰ্ষত অংশীদাৰ হৈছে।

বোকাখাত বাসীৰ আন্তৰিক প্ৰচেষ্টাত অহা ২৩, ২৪ আৰু ২৫ মে তাৰিখে তিনিদিনীয়া কাৰ্য্য সূচীৰে বোকাখাত জাতীয় বিদ্যালয় বাকৰিত ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ ‘২০২৪ অনুষ্ঠিত হব। অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৩৫০ গৰাকী শিশুয়ে অংশগ্রহণ কৰিব লগা এই সমাৰোহ খনি ২৩ মে বৃহস্পতিবাৰে পূৱা ৯ বজাত পতাকা উত্তোলন কাৰ্য্য সূচীৰে শুভাৰম্ভ কৰা হব। প্ৰয়াত বিজ্ঞানী ড° পদ্মেশ্বৰ গগৈ আৰু পদ্মশ্ৰী বিৰুবালা ৰাভা সোঁৱৰণত উৎসৰ্গিত এই সমাৰোহ খনিত পূৱা  ৯.৩০ বজাত তেখেত সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ পিছতে কাজিৰঙা শিকনকোণ, গ্ৰন্থ মেলা, আৰু বোকাখাতৰ যুৱবিজ্ঞানী তথা প্ৰকৃতিপ্ৰেমী সকলৰ কৰ্মৰাজীৰ প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে আৰু অতিথি শিশু সকলৰ কাজিৰঙা ভ্ৰমন কাৰ্য্য সূচিৰে দিনটোৰ সামৰণি পৰিব।

দ্বিতীয় দিনা চাৰিটা শিকন কোণৰ উপৰিও পূৱা ১০.৩০ বজাত বোকাখাত চি এন বি মহাবিদ্যালয়ৰ সজাগতামূলক অনুষ্ঠান ” অন্ধবিশ্বাস দূৰীকৰণত আমাৰ কৰণীয়” ৰ লগতে বোকাখাত আৰ্যভট্ট বিজ্ঞান কেন্দ্রৰ অনুষ্ঠান আয়োজন কৰা হৈছে।

সমাৰোহৰ অন্তিম দিনটোত এটা শিকন কোণৰ পিচতে পুৱা ১০.৩০ বজাৰ পৰা মুকলি সভা আৰম্ভ হব। উক্ত অনুষ্ঠানত সমাৰোহ খনিৰ স্মৰনিকা ” মুক্তমন” উন্মোচন কৰিব ‘এচটেক’ ৰ প্ৰাক্তন সঞ্চালক ড° অশ্বিনী বৰুৱাই, লগতে শান্তি স্বৰূপ ভাটনাগৰ পূৰস্কাৰপ্ৰাপ্ত বিজ্ঞানী বিনয় কুমাৰ শইকীয়াই শিশু সকলৰ লগত মত বিনিময় কৰিব। উল্লেখযোগ্য যে সমাৰোখনিৰ এক বিশেষ কাৰ্যসূচীত উপস্থিত থাকিব কটন বিশ্ব বিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ভৱেশ চন্দ্ৰ গোস্বামীও।শিশু সকলৰ সাংস্কৃতিক অনুষ্ঠানেৰে বিয়লি ৩ বজাত সমাৰোহৰ অন্ত পৰিব।

তদুপলক্ষে আজি বোকাখাত জাতীয় বিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত এক সংবাদমেল যোগে সমাৰোহখনিত থাকিব লগা কাৰ্যসূচীৰ বিস্তৃত বিৱৰণ দাঙি ধৰে জ্ঞান-বিজ্ঞান সমিতি অসম”ৰ হৈ অভ্যৰ্থনা সমিতিয়ে।লগতে সকলোকেইদিনৰ কাৰ্য্যসূচীতে বোকাখাতৰ সমূহ শিক্ষানুষ্ঠান আৰু ৰাইজক অংশগ্রহণ কৰি সমাৰোহ খনি সাফল্যমণ্ডিত কৰি তুলিবলৈ  আহ্বান জনায়  “জ্ঞান-বিজ্ঞান সমিতি অসম”ৰ হৈ অভ্যৰ্থনা সমিতিয়ে।

উত্তম কুমাৰ শৰ্মা, বোকাখাত

উত্তম কুমাৰ শৰ্মা, বোকাখাত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অভিষেক, কি ক’লে আদালতে?

June 19, 2026 10:14 pm
বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

June 19, 2026 9:44 pm
তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

June 19, 2026 8:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অভিষেক, কি ক’লে আদালতে?

June 19, 2026 10:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd