ফেচবুক কৰ্ণাৰ : এবাৰ বীৰেন্দ্ৰ নাথ দত্ত চাৰৰ সৈতে গুৱাহাটীৰ পৰা তেজপুৰলৈ গৈছিলো – অৰিন্দম বৰকটকী

প্ৰয়াত শিল্পী বীৰেন্দ্ৰ নাথ দত্তৰ স্মৃতিত বিশিষ্ট সমালোচক অৰিন্দম বৰকটকীৰ এটা ফেচবুক পোষ্ট – 

(এই কথাখিনি লিখিবলৈ মন গ’ল এটা বিশেষ কাৰণত । এবাৰ বীৰেন্দ্ৰ নাথ দত্ত চাৰৰ সৈতে গুৱাহাটীৰ পৰা তেজপুৰলৈ গৈছিলো । সেইদিনা আছিল শিল্পী দিৱস । বাৰে বাৰে ঘোষণা হৈছিল সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠানৰ কথা । চাৰে ধেমালি কৰি মোক কৈছিল আমি যে দিনত এই পঢ়া শুনা কৰি সভা সমিতি কৰো সেয়া সংস্কৃতি নহয় নেকি? গায়ক হোৱাৰ উপৰিও চাৰৰো বিভিন্ন গুৰুত্বপূৰ্ণ পৰিচয়ৰ কথা সেয়ে আজি মনলৈ আহিছে । )

বীৰেন্দ্ৰ নাথ দত্ত চাৰে দৈনিক অসমত প্ৰকাশিত এটা সাক্ষাৎকাৰত কৈছিল “শিক্ষকতা মোৰ বৃত্তিও,মোৰ প্ৰবৃত্তিও,শিক্ষকতা মোৰ জীৱিকাও,মোৰ জীৱনো ।”প্ৰতিটো খোজতে অনাড়ম্বৰ অথচ সাংস্কৃতিক গাম্ভীৰ্যৰ পৰিচয় কঢ়িওৱা অৰ্থনীতিৰ স্নাতোকোত্তৰ ,লোকসংস্কৃতিৰ ডক্টৰেট দত্ত চাৰক তেখেতৰ গীতৰ লগতে বি বৰুৱা কলেজৰ অধ্যাপক , গৌৰীপুৰ কলেজ আৰু গোৱালপাৰা কলেজৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আৰু পাণ্ডু কলেজৰ অধ্যক্ষ , গুৱাহাটী বিশ্ববিদ্যালয় আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু এবিলেক , আৰ্টিষ্ট গীল্ড, শংকৰদেৱ কলাক্ষেত্ৰ,আই আই টি গুৱাহাটী আদিৰ জৰিয়তে আগবঢ়োৱা অৱদানৰ বাবেও মনত ৰাখিম । মনলৈ আহিছে হাইস্কূল প্ৰৱেশিকা পৰীক্ষাত অসমৰ ভিতৰত পঞ্চম স্থান আৰু আই এছ চি পৰীক্ষাত সপ্তম স্থান অধিকাৰ কৰি বিজ্ঞান নপঢ়ি শান্তিনিকেতনলৈ অৰ্থনীতি পঢ়িবলৈ যোৱাজনৰ কথাও ।

মহেশ্বৰ নেওগে ১৯৭৪ চনৰ অসম সাহিত্য সভাৰ সভাপতিৰ আসনৰ পৰা কৈছিল : আমাৰ এজন শ্ৰেষ্ঠ কলাকাৰ আৰু পণ্ডিত বীৰেন দত্ত ই এই জীৱনৰ পীৰিতিত পগলা হৈ তাৰ সন্ধানত নিয়তভাৱে লাগিছে ।”তাৰেই ফলশ্ৰুতি তেখেতৰ গোৱালপাৰাৰ লোক সংস্কৃতি,লোক সংস্কৃতিৰ স্বৰূপ আৰু ইয়াৰ অধ্যয়ন,, ব্যক্তি সংস্কৃতি ইত্যাদি , A study of the Folk Culture of the Goalpara District, অক্মফৰ্ড ইউনিভাৰ্ছিটি প্ৰেছে প্ৰকাশ কৰা Cultural Contours of Northeast India’,Folkloric Foragings in India’s North East ৰ দৰে মূল্যৱান গ্ৰন্থ লিখি উলিয়ালে ।

নৱকান্ত বৰুৱাই লিখিছিল ‘ বীৰেন দত্ত একেবাৰে আপোচবিহীন ।’ সেইবাবেই তেখেতে কৰি যোৱা প্ৰতিটো কামেই যে এক বিশেষ মাত্ৰাৰ আৰু তুলনাবিহীন আছিল তাৰ প্ৰমান শিক্ষাবিদ, লোক-সংস্কৃতিবিদ ,গায়ক , শিশু-সাহিত্যিক আদি বিভিন্ন পৰিচয়ত দি থৈ গ’ল ।

চাৰলৈ গভীৰ শ্ৰদ্ধাঞ্জলি ।