আজান পীৰৰ আপুৰুগীয়া সামগ্ৰী সাঁচি ৰখা পুৰণিগুদামৰ এটি বিশেষ পৰিয়াল

যুগ-যুগ ধৰি হিন্দু-মুছলমানৰ ঐক্য-সম্প্ৰীতিৰ বৰঘৰ স্বৰূপ নগাঁৱৰ পুৰণিগুদামৰ এটা বিশেষ পৰিয়ালে যত্নেৰে সাঁচি ৰাখিছে কেইপদমান পৌৰাণিক আৰু মূল্যৱান বস্তু। বস্তু কেইপদ চাবৰ বাবে অঞ্চলটোৰ লগতে অসমৰ বিভিন্ন ঠাইৰ ৰাইজে প্ৰায়ে ভিৰ কৰেহি পুৰণিগুদামৰ মাজগাঁৱৰ উক্ত লোকঘৰত।

সামগ্ৰী কেইভাগ আন একো নহয়, চৈয়দ মুজিৰুল হুছেইনৰ ঘৰত থকা পিতৃপদত্ব আজান পীৰ চাহাবৰ এডাল তজবী আৰু আজান পীৰে নিজৰ হাতে লিখা এখন চিলচিলা তথা বংশবৃক্ষ। এই দুপদ পৌৰাণিক সম্পদ ১৯১৬ চনতে মুজিৰুল হুছেইনৰ পিতৃ প্ৰয়াত নুৰুল হুছেইনক দি থৈ গৈছিল তেখেতৰ পিতৃ চৈয়দ মহম্মদ হাছানে।

প্ৰচলিত আছে যে মৃত্যুৰ পূৰ্বে ফকিৰ আজান পীৰে তেওঁৰ প্ৰিয় শিষ্য তথা মুজিৰুল হুছেইনৰ এজন পূৰ্বপুৰুষক প্ৰদান কৰিছিল নিজৰ তজবী ডাল, লগতে পীৰে নিজ হাতে চিলোৱা তজবী ৰখা এটা কাপোৰৰ মোনা আৰু তেতিয়াৰ পৰাই মুজিৰুলৰ পৰিয়ালে সাত পুৰুষ ধৰি উক্ত সামগ্ৰী কেইপদ সংৰক্ষণ কৰি আহিছে।

উল্লেখযোগ্য যে, শিৱসাগৰ নাজিৰাৰ পৰা মুজিৰুল হুছেইনৰ ককাকে ইছলাম ধৰ্ম আৰু জিকিৰ-জাৰি প্ৰচাৰৰ বাবে আহি নগাঁৱৰ পুৰণিগুদামত নিগাজীকৈ বসবাস কৰিবলৈ লৈছিল।

মুজিৰুলৰ পৰিয়ালটোৱে লগতে জানিবলৈ দিয়া মতে প্ৰয়াত সাহিত্যিক চৈয়দ আব্দুল মালিকেও বিশেষ-বিশেষ স্থানত প্ৰদৰ্শন কৰিবৰ বাবে আজান পীৰ চাহাবৰ উক্ত তজবী ডাল এবাৰ গুৱাহাটীলৈ লৈ গৈছিল।