NORTHEAST NOW (Assamese)

এখন অসবৰ্ণ বিবাহৰ বাবেই এঘৰীয়া কৰা হ’ল এটা পৰিয়ালক : শুদ্ধিৰ নামত চুলি ক্ষুৰালে পৰিয়ালটোৰ ৪০ সদস্যই

June 23, 2025 5:32 pm · নৰ্থ-ইষ্ট নাও, গুৱাহাটী

ভাৰত স্বাধীন হোৱা ৭৫ বছৰ পাৰ হৈ গ’ল। কিন্তু দেশৰ পৰা এতিয়াও নাতৰিল কুসংস্কাৰ আৰু জাতিভেদ প্ৰথা। অসৰ্বণৰ বিবাহৰ বাবেই সমাজে এঘৰীয়া কৰিলে এটা পৰিয়ালক। পিছত শুদ্ধি আৰু সংস্কাৰৰ নামত চুলি ক্ষুৰাব লগা হ’ল পৰিয়ালটোৰ ৪০ গৰাকী সদস্যই। উৰিষ্যাৰ ৰায়গড়া জিলাৰ কাশীপুৰ ব্লকৰ বাইগাংগুডা গাঁৱত সংঘটিত হৈছে এই ঘটনা।

অৱশ্যে এই ঘটনা সন্দৰ্ভত এতিয়ালৈকে কোনো গোচৰ ৰুজু হোৱা নাই।

অনুসূচিত জনজাতি (এছ টি)ৰ এগৰাকী মহিলাই শেহতীয়াকৈ গাঁৱৰ বয়োজ্যেষ্ঠসকলৰ বিৰুদ্ধে গৈ চুবুৰীয়া এখন গাঁৱৰ অনুসূচিত জাতি (SC)ৰ এজন লোকক বিয়া কৰাইছিল।

যাৰ ফলত গাঁৱখনৰ লোকে মহিলাগৰাকীৰ পৰিয়ালটোক সামাজিকভাবে বৰ্জন কৰে।

খবৰ অনুসৰি গাঁৱৰ লোকসকলে পৰিয়ালটোক পুনৰ সমাজত অংশগ্ৰহণ কৰিব বিচাৰিলে ‘শুদ্ধিকৰণ অনুষ্ঠান কৰিবলৈ কয়। মহিলাগৰাকীৰ পৰিয়ালে স্থানীয় দেৱতাক পশু বলিদানৰ সৈতে জড়িত এক অনুষ্ঠান সম্পন্ন কৰে,  তাৰ পিছত চুলি ক্ষুৰোৱা অনুষ্ঠান অনুষ্ঠিত হয়।

অৱশ্যে পৰিয়ালটোৰ সদস্যসকলে কয় যে তেওঁলোকে গ্ৰহণ কৰিবলগীয়া হোৱা অনুষ্ঠানসমূহৰ ওপৰত তেওঁলোকৰ কোনো আপত্তি নাই।

Related News