হোজাইৰ জিলা উপায়ুক্তৰ আলোচনাকক্ষত উপায়ুক্তৰ বিদায় সম্বৰ্ধনা সভা

IMG-20190117-WA0016

হোজাই জিলাৰ বিদায়ী উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙক বিদায় সম্বৰ্ধনা জনোৱাৰ বাবে যোৱাকালি ১৭ জানুৱাৰি বৃহস্পতিবাৰে শংকৰদেৱ নগৰত থকা জিলা উপায়ুক্ত কাৰ্যালয়ৰ আলোচনাকক্ষত এখন বিদায় সভা অনুষ্ঠিত হৈ যায়। উপায়ুক্তগৰাকীয়ে এবছৰৰ অধিক কাল ধৰি হোজাইৰ উপায়ুক্ত হিচাপে কাৰ্য নিৰ্বাহ কৰি আছিল আৰু এটা চৰকাৰী নিৰ্দেশ অনুসৰি তেওঁক এতিয়া ধেমাজি জিলালৈ বদলি কৰা হৈছে।

বিদায় সভাত ভাষণ দি হোজাই জিলালৈ সেৱা আগবঢ়াবলৈ সুযোগ দিয়াৰ বাবে উপায়ুক্তগৰাকীয়ে চৰকাৰলৈ ধন্যবাদ জ্ঞাপন কৰে। তেওঁৰ কাৰ্যকালত জিলাখনত শান্তিৰ পৰিৱেশ বিৰাজ কৰিছিল বুলিও উপায়ুক্তগৰাকীয়ে মন্তব্য কৰে।

তেওঁ উপায়ুক্ত হিচাপে কাৰ্য নিৰ্বাহ কৰাৰ সময়চোৱাত বিভিন্ন সময়ত সম্পূৰ্ণ সমৰ্থন দক্ষতাৰে প্ৰশাসনীয় কাম-কাজত সহায় আগবঢ়োৱাৰ বাবে কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীসকলৰ প্ৰতি তেওঁ কৃতজ্ঞতা জ্ঞাপন কৰে।

অতিৰিক্ত উপায়ুক্ত প্ৰশান্ত বৰুৱা, পংকজ ডেকা, গৌৰী শংকৰ দাস, লংকাৰ চক্ৰ বিষয়া গৰ্গ মোহন দাস, দবকাৰ চক্ৰ বিষয়া অংশুৱা শৰ্মা, হোজাইৰ ডিএফঅ’ পুলক চৌধুৰী আৰু ভালেমান বিষয়া কৰ্মচাৰী এই বিদায় সম্বৰ্ধনা সভাখনত উপস্থিত আছিল।

লংকাৰ চক্ৰ বিষয়া গৰ্গ মোহন দাসে কৈছে যে উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিং এগৰাকী অল ৰাউণ্ডাৰ আৰু প্ৰশাসনৰ কাম-কাজ সুচাৰুৰূপে চলাবলৈ এই গুণাৱলীৰ অত্যন্ত প্ৰযোজন। উপস্থিত সকলোৱে হোজাইৰ উপায়ুক্তগৰাকীৰ সৈতে অতিবাহিত কৰা অভিজ্ঞতা বৰ্ণনা কৰে।

বিদায় সম্বৰ্ধনা সভাত আজমল ফাউণ্ডেশ্যন আৰু মাৰকাজুল মা’আৰিফেও বিদায়ী উপায়ুক্তগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে।আজমল ফাউণ্ডেশ্যনৰ মহাপ্ৰৱন্ধক খাছৰুল ইছলামে কয় যে হোজাইৰ উপায়ুক্তগৰাকীয়ে সৰ্বান্তঃকৰণেৰে জিলাখনলৈ সেৱা আগবঢ়াইছিল আৰু তেওঁ এগৰাকী বন্ধুত্বপূৰ্ণ ব্যক্তি আৰু বিভিন্ন পৰামৰ্শ আৰু নতুন চিন্তাৰ প্ৰতি তেওঁ সদায় উন্মুক্ত।

উল্লেখ্য যে ১৪ জানুৱাৰি সোমবাৰে সৰ্ব হিন্দুস্তানী পৰিষদৰ অসম ৰাজ্যিক কমিটীৰ ফালৰ পৰাও বিদায়ী উপায়ুক্তগৰাকীক সম্বৰ্ধনা জনোৱা হৈছিল।