NORTHEAST NOW (Assamese)

ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে মৰমৰ দুমহলীয়া ঘৰটো ভঙাৰ সলনি ৫০০ ফুট ঠেলি পিচুৱাই নিলে এইজন কৃষকে

August 21, 2022 4:42 pm · এন ই নাও নিউজ,গুৱাহাটী
Updated: August 21, 2022 4:54 pm

প্ৰযুক্তিয়ে এতিয়া মানুহক বহু ভাবিব নোৱাৰা কামো কৰিবলৈ সমৰ্থ কৰি তুলিছে। পঞ্জাৱৰএজন কৃষক সুখবিন্দৰ সিং সুখী। এই কৃষকজনে চাংৰুৰৰ ৰোশনৱালা গাঁৱত নিৰ্মাণ কৰা দুমহলীয়া ঘৰটো ভাঙি পেলোৱাৰ সলনি প্ৰযুক্তিৰ সহায় ৫০০ ফুট পিচুৱাই নিছে।দিল্লী-অমৃতসৰ-কাটৰা এক্সপ্ৰেছৱেৰ বাবে মাটি অধিগ্ৰহণ কৰিব বিচৰাত বিমোৰত পৰিছিল কৃষক জন।

কাৰণ ৰাষ্ট্ৰীয় ঘাইপথৰ বাবে প্ৰয়োজন হোৱা মাটি খিনিতেই সজা হৈছে তেওঁৰ দুমহলীয়া ঘৰটো। পঞ্জাৱ চৰকাৰে ঘৰটো ভঙাৰ বাবে সুখীক ক্ষতিপূৰণ দিবলৈ সাজু আছিল। কিন্তু তেওঁ ঘৰটো ভাঙিবলৈ অস্বীকাৰ কৰে। তেওঁ ঘৰটো ভাঙি পেলোৱাৰ পৰিৱৰ্তে আন ঠাইলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত লয়।

সুখীয়ে কয় ” মই ঘৰটো স্থানান্তৰ কৰিলৈ সিদ্ধান্ত ল’লো। দিল্লী-অমৃতসৰ-কাটৰা এক্সপ্ৰেছৱেৰ পবাবে মাটিৰ প্ৰয়োজন হোৱাত মোৰ ঘৰটো ভাঙিবলৈ কোৱা হৈছিল। মোক ক্ষতিপূৰণ আগবঢ়োৱা হৈছিল ।কিন্তু মই ঘৰটো ভাঙিব নিবিচাৰো। মইঘৰটো নিৰ্মাণ কৰিবলৈ প্ৰায় ১.৫ কোটি টকা খৰচ কৰিছো। সেয়ে ঘৰটো স্থানান্তৰিত কৰাৰ ব্যৱস্থাহে হাতত ল’লো”

সুখীয়ে নিৰ্মাণ শ্ৰমিকৰ সহায়ত ঘৰটো ২৫০ ফুট স্থানান্তৰ কৰিবলৈ সক্ষম হৈছে। ঘৰটো মুঠ ৫০০ ফুট পিচুৱাই নিয়া হ’ব।ঘৰটো পিচুৱাই নিয়াৰ কাম এজন ব্যক্তিগত ঠিকাদাৰক দিয়া হৈছে।

ঘৰটো পিচুৱাই নিয়াৰ কাম যোৱা দুমাহ ধৰি চলি আছে আৰু সম্পূৰ্ণ হ’বলৈ আৰু দুমাহ লাগিব। শ্ৰমিকসকলে ঘৰটো প্ৰতিদিনে প্ৰায় ১০ ফুট স্থানান্তৰ কৰিবলৈ সক্ষম হৈছে।

ঘৰটো স্থানান্তৰ কৰিবলৈ ব্যয় হ’ব প্ৰায় ৫০ লাখ টকা হ’ব। মানুহে ঘৰটো কেনেদৰে পিচুৱাই নিয়া হৈছে সেয়া চাবলৈ তাত ভিৰ কৰা পৰিলক্ষিত হৈছে। দিল্লী-অমৃতসৰ-কাটৰা ৰাষ্ট্ৰীয় ঘাইপথ হৈছে পঞ্জাৱ হৈ দিল্লীৰ পৰা জম্মু-কাশ্মীৰলৈ নিৰ্মাণ কৰিবলগীয়া এটা পথ।

Related News